পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত আমি ১৯২৪ চনত নিজে এইবোৰ ঠাই ফুৰিছে। বৰ্তমানে মৈমনসিংঙীয়াৰ অনুগ্ৰহত এইবোৰ ঠাইৰ জল পৰিষ্কাৰ হৈছে আৰু ভেটিবোৰ ওলাই পৰিছে। লাহে লাহে এইবোৰ চিন মৰিব। আমি বহুত যয় কৰি সেই সময়ত প্ৰাচীন ভূঞাভেটিৰ এখান না তৈয়াৰ কৰিছিলোঁ আৰু সাহিত্য পত্ৰিকা ১ম বছৰৰ ৩য় সংখ্যাত ছাপা কৰিছিলো। শিৰোমণিভূঞা চণ্ডীবৰৰ ২য় পুত্ৰ ১াগদাধৰ ভূঞা (নতুনকৈ কাপ গোত্ৰ গ্ৰহণ কৰে:-) এওঁ প্ৰথমতে ব্ৰহ্মপুত্ৰৰ উত্তৰফালে বৰনদীৰপৰা প্ৰতাপগড়লৈ—দেশশাসন কৰিছিল। পাচত প্ৰতাপ- সিংহৰ হাতত হাৰি বৰনদী পাৰ হৈ পশ্চিমলৈ যায়। কামৰূপৰ টিহু ষ্টেচনৰ ওচৰৰ মাখিবাহা অঞ্চলত তেওঁ স্বাধীন ভূঞা হৈ বাস কৰে। তেওঁ মাখিবাহা অঞ্চলত বাস কৰা সময়ত কমতাত দুলতেন্দ্ৰ ৰাজ। থাকা অনুমান হয়। গদাধৰৰ বংশধৰসকলৰ কিছুমান বৰ্তমান সময়লৈকে মাখিবাহাতে আছে। শিৰোমণি- ভূঞাৰ লগত পুৰোহিত থাকাৰ কাৰণে নতুনকৈ পুৰহিত লয় আৰু পুৰোহিতৰ গোত্ৰ গ্ৰহণ কৰে। জনশ্ৰুতি আছে, যে গদাধৰক ৰভূঞা” বুলিছিল। গদাধৰৰ পাচত বৃহৎতত্ৰ বৰভূঞা হয়। এই সময়ত আৰিমত্তই দুৰ্বভেক মাৰি কামৰূপ-কমতা অধিকাৰ কৰে। কিন্তু অলপ দিন পাচতেই খেনবংশী। ৰাজা প্ৰভাবশালী হৈ উঠাত বৃহৎভদ্ৰৰ স্বাধীনতা গুচে আৰু খেনৰজাৰ তলে বৰভাগৰ ভূঞা হয়। বৃহৎভদ্ৰৰ চাৰি পুত্ৰ- মধুসূদন, বিশ্বনাথ, জয়দেৱ আৰু শ্যামৰায়। বিশ্বনাথ আৰু জয়দেৱ দৰঙ্গলৈ যায় আৰু মধুসূদন ও বিশ্বনাথ মাখিবাহত থাকে। এই সময়ত মুছলমানে কামৰূপ অধিকাৰ কৰে (১৪৯৮ খৃঃ অঃ); কিন্তু তেওঁলোকে ৰাজ্যশাসনৰ বন্দেৱ কৰা নাছিল। সেই কাৰণে মধুসূদনৰ পুত্ৰ বাসুদেৱ পুনৰ স্বাধীন ভূঞা হৈ উঠে। কিছু কালৰ পাচত কোচৰাজ বিশ্বসিংহই কামৰূপ জয় কৰিবলৈ যত্ন কৰে। বাসুদেৱ বিশ্বসিংহ সহায় হৈছিল বুলি বংশাৱলীৰপৰা জানিব পাৰি। বিশ্বসিংহে দেশ জয় কৰি উঠি বিশ্বনাথক “ৰায়- চৌধাৰী” উপাধি দি বৰভাগৰ শাসনকৰ্তা নিযুক্ত কৰে। [বিস্তাৰিত বিবৰণ পুৰুষী নামাৰ লগত দিয়া হৈছে।] প্ৰাচীন মাখিবাহ বৰ ডাঙৰ আছিল; বৰ্তমানে তাৰ ভিতৰত মথুৰাপুৰ, বিষ্ণুপুৰ, ৰতনপুৰ, কামাৰ- কুচি, কচুকুচি, ভোজকুচি, জলখানা মালীখানা, আৰু নিজখানা অদি গাওঁ হৈছে। মাখিবাহা—আৰ্যসভ্যতাৰ এখন প্ৰধান ঠাই আছিল বুলি অনুমান হয়। ধনী, শ্ৰোত্ৰীয়, ৰাজা, নদী আৰু বৈদ্য এই পাচ বিধেই আৰ্যবাস ভূমিৰ চিন। মাখিবাহাত এইবোৰ থকাৰ প্ৰমাণ পোৱা যায়। বৰ্তমান মাখিবাহৰ চৌধাৰী বংশধৰসকসৰ বন্তিৰ চাৰিও ফালে থাকা পুৰণি স্মৃতিঃ- (১) জলখানা—এক মাইল পশ্চিমে; ইয়াত বৰ সাহসী মানুহ আছিল। বৰ্তমানে ই এখন গাও। ইয়াৰ কাষৰ বিলত ভূঞাৰ ৰণৰ নাও আছিল। (২) উঠুৱাখানা দেড় মাইল পশ্চিমে। (৩) মালখানা—দেড়মাইল উত্তৰ পশ্চিমে। ইয়াত ভূঞাৰ মালযুৰ মানুহ আছিল হেনো। আহোম