পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ৫৭

ৰাজাৰ দিনত ইয়াত আহোম চাংমাই এঘৰ আৰু মাখিবাহৰ চৌধাৰীৰ টোকনীয়াৰ মানুহৰ ঘৰ অছিল বুলি শুনা যায়। (৪) নিজখানা—প্ৰায় দুইমাইল উত্তৰে; ই নান্না বা নাৰায়ণ তাৰিৰ অন্তৰ্ভূক্ত। ইয়াত বোলে ভূঞাৰ বিচাৰালয় আছিল। (৫) নান্নাতাৰি—উত্তৰে দুই মাইল দূৰত, বৰ্তমানে টিষ্টেচন ইয়াতে হৈছে। ইয়াত ৪ বিঘা আন্দাজ এটা পুখুৰী এতিয়াও মৰা অৱস্থাত দেখা যায়। ইয়াত নাৰায়ণ ভূঞা নামে এজন ভূঞা আছিল। এও বৰ্তমানে ক্ষেত্ৰাপাৰাত থাকা অযুত ওয়চন্দ্ৰ, শ্ৰীযুত কালান্ত আৰু উলুবাৰীৰ শ্ৰীযুত তৰুণচন্দ্ৰ আদিৰ উপৰি পুৰুষ। (৬) সূতাৰতাৰিচৌধাৰীবংশৰ বস্তিৰ উত্তৰ কাষত। ইয়াত হীৰা আৰু তাৰ জাতীয় লোক আছিল হেননা। (৭) বৰতাৰিদুইমাইল পূবত, ই পহু চিকাৰৰ ঠাই আছিল। (৮) বুনাদৌলপোৱা মাইল মান উৰে। চৌধানী বংশৰ উপৰি পুৰুষ হৰিচৰা চৌধাৰীয়ে সন্ন্যাসী আশ্ৰম কৰি দিছিল। বছৰে তাত দৌল উৎসৱ হৈ থাকে। আজি কালি ৰাইজে তাৰ খৰচ বহন কৰে। (৯) মাগুৰিএক মাইল পশ্চিমে; ই আগেয়ে বিল আৰু জল আছিল, বৰ্তমানেও ২০ পূৰামান মাটিত বিল আছে। (১০) সচল-পোৱা মাইল মান পূৰ্ব-দক্ষিণে, পুৰণি চৌধাৰী ভেটিৰ দক্ষিণ ফালে। প্ৰায় তিনি বিঘা- মান মাটি এই বাবে ঢাপ তোলা আছে। ইয়াৰ ভিতৰত সৰু ঘৰৰ ভিঠি আছে। মাখিবাহাত ব্ৰাহ্মা, কায়স্থ, সূৰ্যবিপ্ৰ, কলিতা, কেওট, ৰাজবংশী, সাউদ, নাপিত, ৰাঙলীধোবা, নমঃশূদ্ৰ, কচাৰি, মুছলমান আদি জাতিৰ লোক আছে। ইয়াত দুখান সংস্কৃত টোল, এখন জ্যোতিষ আৰু এখন উচ্চ শ্ৰেণীৰ কাইথেলী পঢ়াশালি আছিল। কাইথেলী পঢ়াশালিত সকলো জাতিৰ লৰাই লিখা পঢ়া শিকিছিল। মাখিবাহাত এটা ডাঙৰ পুথিভঁৰাল আছিল; ইয়াৰ কিছুমান পুথি গৃহদাহত নষ্ট হৈছে, কিছুমান এতিয়াও আছে। ইয়াৰ কিছুমানে চিকিৎসাবিদ্যা ভালকৈ জানিছিল। ইয়াৰ ব্ৰাহ্মণসকলৰ ভিতৰত ডাঙৰ ডাঙৰ পণ্ডিত আছিল। মাখিবাহাৰ মহেন্দ্ৰ ভট্টাচাৰ্য কৃত আখ্যাত নবদ্বীপ, কাশী আদি ঠাইতো আজি বিশেষ সমাদৃত বুলি শুনা যায়। " ইয়াত ঢুলীয়া, কাশীয়া, ওজা, খুলীয়া আদি বৃত্তিয়াল আছিল; বৰ্তমান সময়লৈকে তাৰ অৱশেষ আছে। প্ৰবাদ-প্ৰাচীন মাখিবাহাৰ প্ৰায় আধা মাইলমান দক্ষিণেদি ব্ৰহ্মপুত্ৰৰ এটা সোতা বৈছিল। ইয়াৰ ওচৰত “বৰগিত” বুলি একখণ্ড ঠাই আছে; এই পিতলৈ বাস্কাৰপৰা নাৱৰে যাব পাৰা এটা জান অদ্যাপিও আছে। জানটো মাখিবাহৰ কাষেদি বৈছিল। জনশ্ৰুতি--শত্ৰুৰ আক্ৰমণৰপৰা ধন-সম্পত্তি আৰু তিৰী-ছলিবিলাক কেতিয়াবা ৰক্ষা কৰিব লগা হলে এই জনেদি “বৰপিত”লৈ নিছিল। বৰপিতৰ কালি প্ৰায় পাঁচ হাজাৰমান বিঘা হব। গদাধৰ ভূঞাৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ মাখিবাহা, জাপাৰকুচি আৰু মঙ্গল মহকুমাৰ চপাই গাৱত বাস কৰে।