পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। বাস। ধুঞাহাটাত প্ৰহু ওঠৰ বছৰ থকাৰ পাচত মাজুলীৰ ওপৰত আহোম ৰজাৰ বিশেষ দৃষ্টি পৰে আৰু তাক খাচ দখললৈ নিবলৈ যত্ন কৰা যেন লাগে। আমি ওপৰত উল্লেখ কৰা মুছলমান আক্ৰমণৰেই ই ফল যেন লাগে। আহোম ৰাজে নামনিৰ ফালৰপৰা আহা মানুহ প্ৰভু পাটবাউসীত মাজুলীত প্ৰায় স্বাধীন ভাবে বাস কৰাটো পছন্দ কৰা নাছিল। সেই কাৰণে মাজুলীত এইদৰে নতুন মানুহৰ সংখ্যা ক্ৰমে দিন দিন বটা দেখি হাতী ধৰা চেলু উলিয়াই মাজুলীৰ ভূঞাৰ ওপৰত আৰু ভকতৰ ওপৰত উৎপীড়ন আৰম্ভ কৰে। গুৰুৱে তাকে দেখি ধুঞাহাটৰপৰা ভটীয়াই গৈ কোচৰাজ্যত সোমায় (অনুমান ১৫৩৫ খৃঃ অঃ)। প্ৰভৃৱে কামৰূপৰ কাপলা, চূণপৰা, কুমাৰকুচিত অলপ অলপ দিন থাকি পাটবাউসীত থাকিবলৈ লয়। শিৰোমণি ভূঞাৰ স্বাধীনতা ইমানতে অন্ত পৰে। প্ৰভু বৰদোৱা ত্যাগ কৰাৰ পাচৰ পৰাই এই ৰাজ্য ভাঙা বুলি ধৰিব পাৰি। দেবী দাস চণ্ডীবৰে ১৩১৬ খৃ: অব্দত শিৰোমণি ভূঞা হোৱা বুলি অনুমান কৰিব পাৰি। ১৩১৬ খৃ: অব্দৰ পৰা বৰদোৱা ত্যাগকৰা সময় (অনুমান) শিৰোমণি ভূঞাৰাজ্যৰ ১৫০০ খৃঃ অব্দলৈ ধৰিলে ১৮৪ বছৰ পোৱা হয; গতিকে শিৰোমণি ভূঞা স্থিতিকাল। ৰাজ্যৰ স্থিতি কাল দুশ বছৰ ধৰিলে ভুল নহব লাগে। ভূঞাসকলৰ দেশৰক্ষা কৰিবলৈ সুকী এক শ্ৰেণীৰ সৈন্য নাছিল। সকলো প্ৰজাই আত্মৰক্ষা কৰিব পাৰিছিল। কোনো সমযত শক্ৰৰ লগত ৰণ কৰিবলগীয়া হলে প্ৰজাবিলাকে অস্ত্ৰ-শস্ত্ৰ লৈ ৰণলৈ গৈছিল। সেনাপতিক দলপতি বুলিছিল। দলপতিসকল প্ৰায় ভূঞাসকলৰ ভিতৰৰ লোক আছিল। যুদ্ধ শেষ হলে সকলো সৈন্য ঘষাঘৰি গৈছিল। ভূঞা বা শিৰো- শিৰোমণি ভূঞাৰ মণি ভূঞাৰ মজুত সৈন্য নাছিল। যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ প্ৰজাৰ নিজা আছিল। কিন্তু ৰাজ্য ৰক্ষাৰ পদ্ধতি। ভূঞা আৰু শিৰোমণি ভূঞাসকলৰ নিজা নিজা অস্ত্ৰাগাৰ আছিল; সেই সময়ত ইযাক “কাখানা” বুলিছিল। যুদ্ধৰ সময়ত এই কাৰ্থনাই আৱশ্যকীয় অস্ত্ৰ-শস্ত্ৰ যোগইছিল। পানীৰণ কৰিবলৈ সুকীয়া নাও আছিল; এই নাওবোৰ ভালদৰে সজাইছিল আৰু সেইবোৰক খেল-নাও নাম দি যুদ্ধৰ সময়ত ব্যৱহাৰ কৰিছিল। অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত ঢাল-তৰোৱাল, বৰ্ষা (যাঠী) বেচিকৈ ব্যাৱহাৰ কৰিছিল। কঁড়ো ব্যৱহাৰ কৰিছিল, কিন্তু কম যেন অনুমান হয়। প্ৰত্যেক ভূঞাৰ একোটা “কোঠ” আছিল; কোঠৰ ভিতৰত ভূঞাই দাস-দাসীৰে সৈতে বাস কৰিছিল। দাস-দাসীবোৰক পৰিয়ালৰ লোক বুলি ভাবিছিল, আৰু তেওঁলোকেও ভূঞাক ঘৰৰ লোক বুলি সম্মান কৰিছিল। তেওঁলোকৰ কোঠৰ বাহিৰত তাতী, মালী, মজুমদাৰ আদি বাবৰ লোক বাস কৰিছিল। শিৰোমণি ভূঞাৰ মেল-চৰাক দোপদৰ বুলিছিল। সকলে ভূঞাৰ সভা আছিল; পভাত সাৰ্বভৌম, কলী, ভট্ট, মিশ্ৰ, কবিৰত্ন, ভাৰতী, আচাৰ্য আদি উপাধিৰ ডাঙৰ ডাঙৰ ব্ৰাহ্মণ-পণ্ডিত আছিল। ভূঞা আৰু ব্ৰাহ্মণ-পণ্ডিত, ব্ৰাহ্মণ ভূঞা আদিৰ ভিতৰত অতি ঘনিষ্ট সম্বন্ধ আছিল—প্ৰায় এক পৰিয়ালৰ লোকৰ দৰে উভয়ৰ ভিতৰত সৌহাৰ্দ্য ভাব ঘটিছিল। ভূঞাসকলে শিৰোমণি ভূঞাক কৰ বুলি এটা নিদিছিল—বিশেষ বিশেষ উৎসৱত শিৰোমণি ভূঞাৰ