পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত।

প্ৰভুৰ ধুৱাহাটা ইয়াতেই প্ৰভুয়ে ৰচনা কৰে। প্ৰভুৰ পিতামহ জয়ন্তা আৰু মাধৱ গাংমৌতে স্বৰ্গী হয়। গাংমৌত থাকা কালত প্ৰভূৱে নিজে বিষয়চৰ্চা নকৰিলেও স্বাধীন ভাবেই বাস কৰি ধৰ্মচৰ্চা কৰি আছিল; পাচত যেতিয়া আহোম প্ৰভাৰ ক্ৰমে বেচি হোৱা যেন বোধ হয়, তেতিয়া প্ৰভূৱে আৰু নতুন ঠাই অন্বেষণ কৰিব লগাত পৰিল। এই সময়ত মাজুলীখান বৰ্তমান কালৰদৰে নাছিল। বৰ্তমান লুইত সুতীয়েই সেই সময়ৰ ব্ৰহ্মপুত্ৰ আছিল আৰু মাজুলীৰ ভিতৰৰ টুনী নৈয়ে শিৱসাগৰৰ দিখৌ ভূঞাহাট গমন। নৈ আছিল। এই দিখৌ, দিচাং, বুঢ়ীদিহিং আদিৰে লগ হৈ শিলাগৰৰ গেল বিল ছোৱা হৈছিল আৰু সি লুইতৰ লগত যোগ হৈছিল। এই মাজুলীৰ ভিতৰতেই জিতাৰী ৰাজবংশৰ স্থাপিত ৰাজধানী ৰত্নপুৰ আছিল। আহোম ৰজাসকলে বহুত দিনলৈ ঠাই জলাতক আৰু হাবিয়লীয়া দেখি অধিকাৰ কৰিবলৈ বিশেষ মনোযোগ দিয়া নাছিল; সেই কাৰণে ইয়াত প্ৰাচীন ভূঞাবংশৰ কিছুমান মানুহ স্বাধীন ভাৱেই বাস কৰিছিল। অ'হোম ৰাজা স্বৰ্গনাৰায়ণৰ সময়ত (১৪৯৭ খৃঃ অঃ—১৫৩৯ খৃঃ অঃ) ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে ৰাজ্য

লে হবলৈ ধৰে; এই সময়ত মুছলমানেও ১৫১৭ খৃঃ অৰূত কলিয়াবৰলৈ আৰু ১৫৩২ খৃঃ অত দিকৰাইলৈ

(দি আহি আহোমৰ লগত ৰণ কৰে। আহোমৰাজ্যৰ প্ৰভাৱ দিন দিন বঢ়াত প্ৰভু শ্ৰীশঙ্কৰে অনুমান ১৫১০ খৃঃ অত গাংমৌ ত্যাগ কৰি মাজুলীৰ ভূঞাহাট বা ধুহাটত স্বাধীন ভাবে বাস কৰেহি। যি ঠাইত প্ৰভু বাস কৰিছিল পৰৱতী- লত সি বেলগুৰি বুলি অখ্যাত হয়। ইতৰ ওচৰত হৰশিঙা নামে এজন উজীৰ আছিল। মাধৱদেৱৰ পিতৃ গোবিন্দগিৰী এই উজীৰৰ অযত আছিল; আৰু ইয়াতেই মাধবদেৱ পুৰুৰ আবিৰ্ভাব হৈছিল। তাৰ পাচত গোবিন্দগিৰী সপৰিয়ালে ঘাঘৰ জানৰ কোমৰ ঘাঘৰ গাৱত বাস কৰে। ভূঞা- মাধৱদেৱ আৰু বংশীগোপালদেৱৰ সকল মাজুলী সোমোৱাত গোবিন্দগিয়েও ধো াৰোল সুতীৰ কাষত প্ৰভৃৰ সঙ্গলাভ। থাকা ভাণ্ডাৰীডুবী ত বাস কৰে। এই সময়ত প্ৰভু শ্ৰীমন্ত শঙ্কৰৰ লগত শ্ৰীমাধৱদেৱৰ সাক্ষাত হয়; আৰু শ্ৰীমাধৱদেৱে প্ৰভুৰ লগত যোগ দি ধৰ্মচৰ্চা আৰু প্ৰচাৰ কৰিবলৈ ধৰে। এ ধুঞাহ।টাত থাকা সময়তেই ৰংপুৰৰ ব্যাপিণ্ড গাৱৰ গোপালদেৱ নামে ব্ৰাহ্মণৰ লৰা এটি আহি প্ৰভুৰ লগত সাক্ষাৎ হয়। গোপালদেৱৰ পূৰ্ব পুৰুষ বাৰভূঞাৰ পূৰ্ব পুৰুষসকলৰ দলৰ লোক আছিল। প্ৰভুৱে গোপালদেৱক দেখি সন্তোষ লাভ কৰে। গোপালদেৱ প্ৰভুসঙ্গ এৰিব নোখোজাত তেওঁৰ অভিভাবকৰ অনুমতি লবলৈ কয় আৰু ভবিষ্যতে তেওঁৰদ্বাৰ জগতৰ মঙ্গল হব বুলি ভবিষ্যত বাণী কৰে। *

  • প্ৰভু শ্ৰীমন্ত শঙ্কৰ বেলগুৰি এৰি যোৱাৰ সময়ত তাত স্থাপিত যি বিগ্ৰহ আছিল, সেই বিগ্ৰহটো বেলৰ গছৰ ওপৰত

সে কেছিল—“ইয়াক গোপালদেৱে পাব"। গে, পালদেৱে তেওঁৰ অভিভাবক বায়েক-ভিনীহিয়েকৰ অনুমতি লৈ বেলগুৰিত প্ৰভুক নাপাই অস্থিৰ হৈছিল; আৰু বংশী বজাই ৰজাই প্ৰভুক বিচাৰি পাটবাউসী পাইছিলগৈ। সেই সময়ত প্ৰভু বৈকুণ্ঠ প্ৰয়াণ কৰা শুণি আৰু অপ্তি হয়। প্ৰভুয়ে 'গাপালদেৱলৈ কিবা কিবি সৰ্বস থৈ গৈছিল; মাধৱদেৱে তাক দিয়াত গোপালে আনন্দ পায় আৰু ধৰ্ম লৈ উজলীলৈ আহে। ইয়াত কিছু থাকতে বেলগুৰিৰ বিগহ পায়। এই সিগ্ৰহ বৰ্তমান সময়লৈকে কুৰুৱাবাহী সত্ৰত আছে।