কায়স্থ সমাজৰ ইতিবৃত্ত। ঘৰত উপস্থিত হৈ “সন্দেশ” দি তেওঁৰ প্ৰাধান্য স্বীকাৰ কৰিছিল। কোনো শত্ৰুৰ লগত ৰা কৰিব লগা হলে শিৰোমণি ভূঞাই সকলো ভূঞাৰ লগত মন্ত্ৰণা কৰিহে ৰণত নামিছিল। আলিপুখুৰী (ফটাশিমলু তল) চণ্ডীবৰ ১ম ৰাজধানী। চণ্ডীৰৰ ৰেটাৰপৰা আহি বৰদোৱাত ৰাজধানী পাতি থাকে। কোনো কোনো চৰিত পুথি মতে ৰাজধৰৰ শিৰোমণি ভূঞাৰ ৰাজধাশী-আলিপুখুৰী-বটদ্ৰৱা। ৬২ বছৰ বয়সত আলিপুখুৰীলৈ ৰাজধানী নিয়ে কোনো কোনো চৰিতে আকৌ কয় কুমৰ শিৰোমণি ভূঞাই শেষ বসত আলিপুখুৰীলৈ ৰাজধানী নিয়ে। আলিপুখুৰী নগৰৰ কথা ৰামচৰণ ঠাকুৰে লিখিছে “মহা স্তম্ভ সব লগাই সাজি আছা ঘৰ। কত দূৰ জুৰি তৈত পাতিলা নগৰ। ২৩০ আলি-পদূলিক নিবন্ধিলা ঠায়ে ঠায়ে। পিতৃ বাক্য শুনি ততভা কক্ষে নচাৱে। মহা আৰশ্বৰ কৰি ৰহিলন্ত তথা।” শ্ৰীমন্ত শঙ্কৰ প্ৰভুৱে প্ৰায় কুৰি বছৰ বয়সত বৰদোৱালৈ ৰাজধানী তুলি আনে। সেই সময়ত তেওঁ প্ৰাচীন ঘৰৰ ভেটি আদি যেনে ভাৱে পাইছিল, সেই সম্বন্ধে ৰামচৰণ ঠাকুৰে লিখিছে :- “বিচাৰি ফুৰন্তে এক ভিত্তিক দেপিলা। দেৱ শঙ্কৰৰ আগে বুঢ়াখা বুলিলা। তযু পিতামহৰ এহসে ভিত্তি বৰ। হেন শুনি হাসি তাৰু মাতিলা শঙ্ক। বাহয় ভূঞাৰ ভিঠা কৈত আছিল। বিভাগিয়া তাৰ তেবে কহিয়োক মোত। অগ্নিদিশে আছিল ভূঞা তিনিজন। ডেৱৰাৰ মাজে আতি ভিঠা যে গহন। তাতে আছিলন্ত জানা ৰামখাৰ ঘৰ। আছয় অশ্বথ দুই বৃক্ষ ভয়ঙ্কৰ। দক্ষিণ-পশ্চিমে আছে ভিত্তি অনুপাম। তাতে কৰিলন্ত যত দেৱী পূজা কাম। পশ্চিমৰ দিশে উত্তৰৰ সন্নিহতে। কেতাখাৰ ভিঠি জানা আছিল তহিতে। সোণাইবে মাজে জানা হদিখাৰ ঘৰ। অনিৰুদ্ধ ভূঞাৰ ভিঠি জানিবা ডাঙৰ। পূবৰ দিশত ভিঠি আছিল তাহানে। উত্তৰে হৰিণাৰ নিবাস কতত দিনে। + + + + আনো যত তান্তী পাট্টোৱাৰী আছিল। সুকী সুকী আপোনাৰ ভিঠিক থৈলস্ত।” ১৫০৮
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭৫
অৱয়ব