কায়স্থ সমাজ ইতিবৃত্ত।
অনিকৰ ৰামচ নামে আৰু এজন ভায়েক আছিল। তেওঁ ভায়েকৰ সৈতে বিভিন্ন হৈ বৰ্তমান কেত্ৰিয়াপাৰ নামৰ গাৱত গৈ বসতি কৰে। অনিকৰ পুতেক পীতা। এওঁ বৰকায়স্থ বাবতে থাকে। এওঁৰ সময়ত বিশেষ কোনো ঘটনা নাই। শান্তিৰে সৈতে ৰাপতীয়া বৃত্তি উপভোগ কৰি জীৱন কটায়। পীতাম্বৰৰ ৩ জন পুত্ৰ। ৩য় পুত্ৰ জনাৰ্দন কাকতী। এওঁ দাতা, জ্ঞানী আৰু ডাঙৰ ৰাজনীতিবিদ বীৰ পুৰুষ আছিল। এওঁ নিজৰ বিদ্যা বুদ্ধিৰ গুণত কামৰূপৰ জমি-জমা চনদ বস্তুৰ ভাৰ প্ৰাপ্ত হয়, আৰু নিজৰ কৰ্মৰ গুণত ৰজা আৰু মন্ত্ৰী বৰফুকনৰ প্ৰিয়পাত্ৰ হৈ উঠে। জনাৰ্দন কাকতী লগৰীয়া বিষয়াৰ ষড়যন্ত্ৰত কাৰাৰুদ্ধ হৈছিল; তেওঁৰ ভাৰ্য্যা হেলাপ্ৰিয়া দেবী স্বপ্নত সেই কথা জানিবলৈ পাৰে আৰু ঘৰত থকা ৰাজেশ্বৰ শালগ্ৰাম মুৰ্তিক অখণ্ড প্ৰদীপ আৰু পৰমান্ন ভোগ, নাম-কীৰ্তন আদি কৰি স্বামী ফিৰি অহাৰ কাৰণে অখণ্ড ব্ৰত আৰম্ভ কৰে। এনেদৰে হেল। প্ৰিয়া দেবীয়ে এমাহ ব্ৰতাৰম্ভ কৰাত ৰজাক স্বপ্নত এজন ব্ৰাহ্মণে জনাৰ্দন কাকতীক ভিক্ষা খোজ। ৰজাই সপোন দেখি পুৱা বেল বন্দিশাললৈ আহি দেখে যে, বন্দি জনাৰ্দন কাকতী শৃঙ্খল মুক্ত হৈ কাৰাগাৰত বহি আছে। কোনে তেওঁৰ শৃঙ্খল গুচালে বুলি সোপাত কলে মহাৰাজ, নিশা সপোনত গুৰুদেৱক দেখি, সেৱা কৰিব খোজোতে মোৰ শৃঙ্খল ভাঙি গল। শাৰ পাই দেখো যে গুৰুদেৱ মোৰ লাক্ষাতত নাই, আৰু শৃঙ্খলো ছিঙি গৈ মাটিত পৰি আছে। ৰজাই ৰাতি দেখা সপোনে সৈতে জনাৰ্দন। কাকতী মজুমদাৰৰ সপোনৰ কথা মিল দেখি ধৰ্মতঃ জনাৰ্দন কাকতীক নিৰ্দোষী সাব্যস্থ কৰি কাৰামুক্ত কৰে আৰু পূৰ্বৰ মজুমদাৰী পদও দিয়ে। কিন্তু জনাৰ্দন কাকতী বিষয় বিষ বুলি পুনৰ গ্ৰহণ নকৰিলে। পৈত্ৰিক বৃত্তিয়ে তেওঁৰ জীৱিকা নিৰ্বাহৰ পক্ষে যথেষ্ট জ্ঞান কৰি উজনীৰপৰা ঘৰলৈ উভতি আহে। ঘৰলৈ আহি দেখে যে তেওঁৰ পতিব্ৰতা পত্নী হেলাপ্ৰিয়া দেৱী ব্ৰতাৰম্ভ কৰি নিত্য নাৰায়ণ পূজা, হোম আৰু কাঙালী ভোজন আদি স্বত্ব্যয়ণ কৰি ৰামীৰ আগমন প্ৰতিক্ষায় শোকাকুল হৈ বহি আছে। পত্নীৰ শুভানুষ্ঠান দেখি তেওঁৰ হৃদয় গলিত হল আৰু এই শুভকৰ্মে তেওঁৰ কাৰামোচন জানি তেওঁৰ পত্নীৰ প্ৰতিষ্ঠিত ব্ৰত চিৰস্মৰণীয কৰিবৰ মনেৰে ৩ টি পান্থশালা নিৰ্মাণ কৰি পথিকক অন্ন-জল আৰু বাস- স্থান দান কৰিবলৈ ধৰিলে। এই পুণ্যৰ কৰ্মৰ ফলে তেওঁ দানপতি নামেৰে সৰ্বত্ৰ পূজিত হল। তেতিয়াৰপৰা এওঁৰ নাম দানপতি মজুমদাৰ হল। কথিত আছে যে এসময়ত কালদিৰ বুজৰ বৰুৱা ৰাউণীলৈ যাওঁতে ঘটনাক্ৰমে দানপতি মজুমদাৰৰ পান্থশালাত থাকিব লগা হয়; আৰু মজুমদাৰৰ লগত মিত্ৰত কৰে। উভয়ৰ মিতালিৰ চিহ্নস্বৰূপ জনাৰ্দনৰ ২য় পুত্ৰ খৰ্গেশ্বৰৰসৈতে নাৰায়ণ চৌধাৰী বুজৰ বৰুৱাৰ কন্যা দেৱৰাজৰ ভগিনী দৈৱকী দেবীৰ বিবাহ হয়। কন্যাক বিবাহ দি বুজৰ বৰুৱাই জোৱায়েকক বিষয় দিবলৈ মন কৰে। কিন্তু বাপেকৰ মজুমদাৰ পদ ৰজা ভিন্ন আনে দিব নোৱাৰাত সেই কাম হঠাতে পোৱা অসাধ্য ভাবি সৰুক্ষেত্ৰি পৰগণাকে দুভাগ কৰাই নিজ বাসিন্দা খণ্ডত জোৱায়েক খৰ্গেশ্বৰ কাকতীক চৌধাৰী কৰি দিয়ে। সেই সময়ৰপৰা এই বংশৰ এই কামতে চৌধাৰী উপাধি হয়। খৰ্গেশ্বৰ চৌধাৰীৰ পুত্ৰ পদ্মপাণি মজুমদাৰ, এওঁৰ সময়ত মাতামহৰ চেষ্টাত পুনৰায় পিতামহৰ পদ কামৰূপৰ মজুমদাৰী পদ ৰজাৰপৰা পায়। তেতিয়া