পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজ ইতিবৃত। - আহোম বংশৰ শিৱসিংহ ৰজাৰ ৰাজত্বৰ অৱসান সময় লৈ সমুষায় ফালৰ পৰণা আৰু বুৰবিলাকৰ জমি জমাৰ হিচাৰ কৰি সৰু ফুকনৰ ওচৰত সোধৱা মজুমদাৰৰ প্ৰধান কাম আছিল। এৱৰ সময়ত মান বিদ্ৰোহ হয়। মানে ৩ বা গৃহ লুণ্ঠন কৰে। ৩য় বাৰত মান য়ী হয়; আৰু সমুদায় মালা মাল নিয়ে। হাতীৰ পিঠিৰ গোবিদেৱ শৰ্মা ওজা প্ৰভৃতিয়ে মানক পৰাজয় ফৰে কিন্তু এক তাম্ৰফলক বাদে আন আন বস্তু ফিৎ নাপায়। ১ম আৰু ২য় বাৰ মানক জয় কৰি দুখন তৰোৱাল কাঢ়ি ৰাখিছিল। এখন তৰোৱালৰ মাজেদি বন্দুকৰ দৰে গুলি মাৰিব পৰা আছিল। এই মান বিদ্ৰোহৰ পাচতে আহোৰ ৰাজ্যৰ অৱসান ঘটে আৰু বৃটিচৰ আগমন হয়। আৰু এওঁৱে লাখেৰাজ অমিৰ বৃটিচ শাসনৰ নতুন ফয়চলা (১৮২৬ খৃঃ) গ্ৰহণ কৰিছে। কিন্তু তাম্ৰফলকখন দাখিল কৰাত সেনাপতি কৰ্ণেল কিটিং বৰ চাহাবৰ আমোলত চিলং পাহাৰত ঘৰত জুই লাগি দাখিলা তাম্ৰফলক নষ্ট হোৱাত পেৰা কাকতৰ সাহায্যে জমি বহাল কৰিব লগা হোৱাত ভালেমান জমি বাজেয়াপ্ত হৈ যায়। বাজেয়াপ্ত জমিবিলাকৰ এখন ৩০০ টকা ৰাজৰ চমুৱা (ইণ্ডিপেণ্ড, ষ্টেট-তত্ৰ মহল হয়)। সেই চমু খাজানাৰ লীলামত বিক্ৰী হৈছে। পদ্মপাণিৰ পুত্ৰ চক্ৰপাণি, অভিমন্যু, চিত্ৰসেন, গিৰিধৰ আৰু বৰাম। পূৰ্বপুৰুষৰ যুদ্ধৰ চিহ্ন বাৰু ৰা ঢাল এখন এতিয়াও এই বংশৰ হাতত আছে। পদ্মপাণিৰ ৫ম পুত্ৰ বন্ধুৰাম পাটোৱাৰী, বালিকৰিয়াৰ চৰ চৌধুৰীৰ কনিষ্ঠা কন্যাক বিবাহ কৰাইছিল। এওঁ অতি সুশ্ৰী পুৰুষ আছিল। এওঁ চাকুচিত পাটোৱাৰী কাম কৰে আৰু তাৰে বন্ধুৰাম বৰুৱাৰ লগত বন্ধুতা হৈছিল। তাৰ পাচত গৌহাটীত বাঞ্চিৎ ৰাম বড়াৰ ঘৰত থাকি ওকালতি কৰি কম বয়সতে তাতেই মৃত্যু হয়। ৪ৰ্থ পুত্ৰ-গিৰিধৰ এওঁ বলবান সু আৰু কৰ্মী পুৰুষ আছিল। এওঁ বালিকৰিয়াৰ চন্দৰ চৌধুৰীৰ ১ম কন্যাক বিবাহ কৰায়। এওঁ ঘিলাঝাৰী নিজ ঘৰতে থাকি কৃষি কাৰ্যত যোগ দিছিল আৰু চিকাৰ কাৰ্য্যত নিপুণ আছিল। বনৰীয়া ম'হ, পহু আদি ধৰিছিল। এবাৰ এটা গড় মাৰোঁতে শুকাই কুচি অমৃত সেন পাটোৱাৰী, কৈহাটীৰ বনমালী গোস্বামী আৰু বাকৰিকুচিৰ চলৰ ৰায় চৌধুৰী এই চাৰিজন পুৰুষৰ সমান বল আছিল বুলি প্ৰমাণ হয়। এওঁৰ দিনত ইংৰাজ ৰাজ প্ৰথম আহে। তেতিয়া বৰ দুৰ্ভিক্ষ হৈছিল আৰু কিছুমানে ডকাইতি কৰিও জীৱন নিৰ্বাহ কৰিছিল। এওঁৰ গোলাম-বান্দী সহ প্ৰায এ শজন পৰিয়ালক ভৰণ-পোষণ কৰিব লাগিছিল। এওঁৰ তিনিজন পুত্ৰ ও চাৰিজনী কনা আছিল, কনিষ্ঠা কন্যাক বাদে বাকী কেইজনৰ বংশ এতিয়াও আছে। প্ৰবাদ আছে যে এওঁ ভূত-প্ৰেতৰ লগত যুঁজ কৰি ৫৫ বছৰ বয়সতে মৃত্যু হয়। গিৰিধৰৰ জ্যেষ্ঠ পুত্ৰ খৰণীধৰ চৌধুৰী-এওঁ সেই সময়ৰ নৰ্মাল পাছ কৰি শিক্ষা শেষ কৰে। এওঁৰ কনিষ্ঠ খুৰাৰ আত্মীয় গৌহাটীৰ বাঞ্চিৎ ৰাম বড়াৰ ঘৰত থাকি শিক্ষা লাভ কৰিছিল। বাঞ্চিৎ ৰাম বড়াৰ ভগ্নীপতি দক্ষিণপাৰৰ ৰাণী দুৱাৰৰ ৰাজা ললিতচন্দ্ৰ সিংহ বাহাদুৰে দক্ষিণপাৰত শিক্ষা বিস্তাৰৰ কাৰণে তেওঁক নিয়ে। তেওঁ তাত গৈ ১২ খন স্কুল স্থাপন কৰে আৰু ডি, আই শশীভূষণ সেন মহাশয়ে তেওঁক স্কুল পৰিদৰ্শক পদত নিযুক্ত কৰে। সেই সময়ৰ ডিপুটী কমিচনাৰ কৰ্ণেল টিনে চাহাৰ যাহাদুৰে এওঁক লগ পাই বৰদুৱাৰ মৌজাৰ গাড়ো ৰাজা কিনাৰ সিংহৰ সৰবৰাহকৰ নিযুক্ত কৰে। তাৰ দুবছৰ পাছতে স্বয়ং মৌজাদাৰী কাম পায়। ১৮৮২ খৃঃ অত তহশীলদাৰী হোৱাত মোজাৰপৰা অৱস