পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

6.86 কায়স্থ সমাজৰ ইতিবৃত্ত। সীমা আৰু দুৱাৰ আছিল। শিৰোমণি ভূ4াজনৰ অধীনত অন্যান্য ভূঞাক বৰকায়স্থ বাবত ৰখা হয়। প্ৰকাশ থাকে যে এই বৰকায়স্থ ভূঞাবিলাকে সৈন্যাদি সংগ্ৰহ কৰি আৰু নিজেও যুদ্ধ ক্ষেত্ৰত গৈ বৈদেশিক শত্ৰুৰ আক্ৰমণৰপৰা দেশ ৰক্ষা কৰিব লাগিছিল ঘিলাজাৰী কায়স্থ বংশ পূৰ্ব পুৰুষ শ্ৰীধৰ ভূঞাও এই বৰকায়স্থ বাবতে লেঙামাগুৰিত বসতি কৰি আছিল। কালক্ৰমে তেওঁৰ পৰলোক গমনৰ লগে লগে তৎপুত্ৰ গদাধৰ ভূঞা, গোবৰ্ধন ভূঞা আদিয়ে পৈত্ৰিক পদত অভিষিক্ত হয়। গোবৰ্ধন ভূঞা বৰকায়স্থ বাবত থকা সময়ত কামৰূৰ প্ৰজাবিলাকৰ ওপৰত ভোটৰ অত্যাচাৰ হয়। ভোটবিলাক পৰ্বতৰপৰা নামি আহি প্ৰজাবিলাকৰ ধান, ধন লুণ্ঠন কৰি নিবলৈ আৰম্ভ কৰে। এই উপদ্ৰৱৰ সময়ত শিৰোমণি ভূঞাৰ অনুমতি ক্ৰমে গোবৰ্ধন ভূঞা বৰ কায়স্থে সৈন্যাদি সংগ্ৰহ কৰি লুণ্ঠনকাৰী ভোটবিলাকক উচিত শিক্ষা দি পৰ্বতৰ গুৰিলৈ খেদি নিয়ে। ভোেটবিলকে গোবৰ্ধন ভূঞাৰ হাতত সেকা পাই পৰ্বতলৈ ঘূৰি যায় আৰু পিচৰ বছৰত উপযুক্ত বল সংগ্ৰহ কৰি গোপনে আহি অকস্মাৎ লেঙামাগুৰিত থকা ভূঞাবিলাকৰ ঘৰ আক্ৰমণ কৰে। এই আক্ৰমণৰ পাচত শিৰোমণি ভূঞা উজাই যায়। এই সময়ত গোবৰ্ধন ভূঞাৰ ভাৰ্য্যা শ্যামা কান্তী দেবী সপ্তম মাহৰ গৰ্ভৱতী আছিল। যেতিয়া ভোটে আহি তেওঁলোকৰ ঘৰ আক্ৰমণ কৰে, তেতিয়া তেওঁ স্বামীৰ অনুমতি ক্ৰমে পলাই গৈ এখন বিলৰ পানীত ডুবি থাকি আত্মৰক্ষা কৰিছিল। ছোটবিলাক পৰ্বতলৈ ফিৰি যোৱাত •ে ৰ স্বামী কুলত কোনো জীৱিত নাথাক। হেতু পুৰোহিত ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰে। তাত প্ৰসৱ হৈ তেওঁ এটা সুপুত্ৰ লাভ কৰে। পানীত ডুবি গৰ্ভ ৰক্ষা কৰা বাবে তেওঁৰ নাম পানীয়া ওৰফে পানীয় ৰখা হয়। পানী বৰকায়স্থ বয়ঃ প্ৰাপ্ত হৈ পুৰোহিতৰ সহিত ৰজাৰ দেৱানৰ ওচৰলৈ গৈ পৈত্ৰিক সনদ ও মাটি-বাৰী প্ৰাৰ্থনা কৰে, কিন্তু ৰজাই বংশৰ ভিতৰত একেজন মাত্ৰ মানুহ দেখি পূৰ্বৰ সমূদাষ বৃত্তি নিদি তাৰ ভিতৰৰ ৫ ভাগ বৃত্তি বা মাটি-বাৰী দিবলৈ আদেশ কৰে। পূৰ্ব পৈত্ৰিক বাসস্থান লেঙামাগুতি সবংশে বিনাশ আৰু সম্পত্তি নাশ হোৱাৰ কাৰণে পানীয়া বৰকাযস্থৰ মামেকে পুনৰয তাত থাকিবলৈ পুতেকক নিষেধ কৰে, আৰু ক্ষেত্ৰিপৰণাৰ ভিতৰত আত্মীয় কুটুম্ব থকা ক্ষেত্ৰি পৰগণালৈ আহিব কয়। মাতৃ বাক্য অনুসাৰে পানীয়া বৰকায়স্থ সৰুক্ষেত্ৰী পৰগণাৰ ঘিলাঝাৰী গাৱত আহি বসতি কৰে, আৰু ৰাজদত্ত ভূমি ক্ষেত্ৰি পৰগণাত লৈ অন্যান্য বৰকায়স্থৰ লগত শাসনকৰ্য্যত নিযুক্ত থাকে। পানীয়া বৰকায়স্থ সৰুক্ষেত্ৰী পৰগণাক অহাত যি যি মাটি-বাৰী আৰু মানুহ আদি ৰজাৰপৰা পাইছিল তাক ১১৩৫ চনৰ তেওঁৰ বংশৰ জনাৰ্দন কাকতিৰ নামৰ বন্দবস্তি পেৰা কাকতৰপৰা উদ্ধত কৰি তলত দেখুৱা হল। সন ১১৩৫ সনৰ পেৰা জিম্ম তাপ। কুতুপাৰ পৰগণা সৰুক্ষেত্ৰ মৌজা ঘিলাজাৰী ভাল মানুহ জনাৰ্দন কাকতী জমি ২০০ সে। প্ৰতি সেৰে ২৪ পুৰা বা ৯৬ বিঘাকৈ ৪৮০০ পূৰ্ব বা ১৯২০০ বিঘা।