পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হু মাৰ ইতিবৃত্ত। ১৬। কমল পাটোৱাৰী-এওঁ এজন বিচক্ষণ বুদ্ধিমান পুৰুষ আছিল; বহুত দিন জীয়াই আছিল আ অনেক দিন মৌজাদাৰী কৰিছিল। এওঁক সেই সময়ৰ অসমৰ চীফ কমিচনাৰ আৰু কামৰূপৰ ডিপুট কমিচনাৰসকলে সুন্মানৰ চকুৰে চাইছিল। এওঁ এজনা আচাৰনিষ্ঠ সত্যপ্ৰিয় আৰু ধৰ্মভিৰু পুৰুষ আছিল। ক্ষেত্ৰি অঞ্চলৰ প্ৰায় সকলো মানুহে এওঁক শ্ৰদ্ধা কৰিছিল। এওঁৰ পূৰ্ব পুৰুষৰ ভালেখিনি ভূসম্পত্তি আছিল। নিজেও সৎ উপায়ে বহুত উপাৰ্জন কৰিছিল। অতিথি অভ্যাগত শুশ্ৰুষা কৰি আৰু দান কৰি আনন্দ লাভ কৰিছিল; বিশেষকৈ পৰ উপলক্ষে তেওঁ বহুত দান কৰিছিল। সত্যদিনে অসত্য বচন সুলন্ত। সৰুক্ষেত্ৰী পৰগণাৰ চৌধাৰী ভৈল। গোমঠ। বংশাৱলী। ১১ (১) চায় বৰ কায়স্থলুৱাগুৰি গাৱত কাইথেলী বিদ্যা শিক্ষা কৰে। তেওঁ বলী আৰু যুজাৰু আছিল। আহোম ৰজ। চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকনৰ তলত এওঁ সেনাপতি হৈছিল আৰু শৰাইঘাটত ৰণ কৰিছিল। এই ৰণত তেওঁ মোগলৰপৰা বৰটোপ, হিলৈ, তৰোৱাল বহুত কাঢ়ি আনি তাপাত ৰাখে। এই বৰটোপ তাপাত বহুত দিনলৈ আছিল; তৰোৱাল ২৪ খন বংশধৰসকলৰ হাতত আছে। চান্দৰায়ৰ গাত এই ৰণত বন্দুকৰ গুলি আৰু তৰোৱালৰ ঘা লাগিছিল; আৰু সেই বোৰৰ চিন মৃত্যুলৈকে আছিল। এওঁক পাচত আহোম ৰজাই বুজৰ বৰুৱা বিষয় দিয়ে। আহোম ৰজাই এওঁক সাত হাজাৰ পূৰ নিস্কৰ মাটি দিছিল বুলি শুনা যায়। এওঁৰ সম্বন্ধে পূজনীয় শ্ৰীযুত ৰণীধৰ চৌধাৰী মহাশয়ৰ টোকাৰপৰা বুজিব পাৰি—এওঁৰ লগত শৰাই- ঘটীয়া আহোম বিষয়াৰ কাজিয়া হৈছিল; চান্দৰায়ে শৰাইঘটীয়া ফুকনক অপমান কৰিছিল। ফুকনে তাৰ প্ৰতিশোধ লবলৈ গড়গাৱলে আহে আৰু ৰজাৰপৰা গুৱাহাটীৰ বৰফুকনৰ পদ লাভ কৰি গুৱাহাটীক যায়। এওঁ গুৱাহাটী পাইয়ে চালৰায়ৰ প্ৰতিশোধ লবলৈ বুলি তেওঁক ধৰি নি পোতাশালত থয়; কিন্তু বিচাৰৰ দিনা চান্দৰায়ৰ কথাত তেওঁ সন্তুষ্ট হৈ বুজৰ বৰুৱা বিষয় সেই বংশত স্থায়ী কৰি দিয়ে। ১১। (২) প্ৰাণনাথ ৰায়—চান্দৰায়ৰ পাচত তেওঁৰ ভাই প্ৰাণনাথ ৰায় ৫ বছৰ বয়সত বুজৰ বৰুৱা হয়। এওঁ ধাৰ্মিক আৰু নিষ্ঠাবান পুৰুষ আছিল। এওঁ ক্ষুদ্ৰচেচাৰ বৰুৱা ঘৰত বিয়া কৰাইছিল আৰু বিয়াত যৌতুকৰূপে বহুত মানুহ পাইছিল। ১০ (ক) অনন্তৰায় ওৰফে কালাৰায়—প্ৰাণনাথ ৰায়ৰ পুত্ৰ। এও নিজে ইচ্ছা কৰি বুজৰ বৰুৱা বিষয় এৰি বৰকায়স্থ হয়; পিতা তেতিয়া জীবিত আছিল; প্ৰবাদ আছে পিতৃয়ে খং কৰি তেওঁক সেইবাবে শাপ দিয়ে আৰু তাৰ ফলত তেওঁৰ অলপতে মৃত্যু ঘটে। ১১ (২) চক্ৰপাণি—বাস্কা পৰণাৰ বৰুৱা হয়। এওঁ বৰ ৰূপবান আৰু প্ৰতাপী আছিল- “যাৰ ৰূপ দেখি নাৰীগণ হোৰ ভোল। দুৱাৰক চলতে আগত মাৰে ঢোল। আড়িত উজীৰদলে ততৰি কম্পে। স্থিৰ হয়ে নোৱাৰিলা যাহাৰ প্ৰতাপে ১২৷ (১) নন-এওঁ বৰ ক্ৰোধী, অহঙ্কাৰী আৰু অত্যাচাৰী আহিল।