ফায় সব ইতিবৃত্ত। ভোগীৰথৰ ছয় পুত্ৰ পূৰে আৰু ছয় পুত্ৰ পশ্চিমে যায়—বাকী ছয়জন নিজ জানতে থাকে। শেন ছয় জনৰ ভিতৰৰেই পৃথ আৰু দৈত্যাৰি; পৃথুৰ বংশ বড়িত থাকে আৰু দৈত্যাৰিৰ বংশ তাপাত বাস কৰে। বাকী চাৰি জনৰ বংশধৰ বৰ্তমানে নাই। জ্যেষ্ঠপুত্ৰ কণা আছিল, সেই কাৰণে তোগীৰথৰ পাচত তেওঁ গোমঠা বিষয় নাপালে। দৈত্যাৰীহে গোমঠা হৈছিল। জ্যেষ্ঠপুত্ৰ বৈঠাভাঙা (চাউলখোৱা নৈৰ ওচৰৰ গদিৰা নামৰ গাৱৰ কাষত) গাৱত বাস কৰিছিল। এওঁৰ বংশধৰৰ লৰাবিলাকৰ সকলোৰে এটা এটা চকু কণা আছিল। বৰ্তমানে এই বংশ লোপ পাইছে। দৈত্যাৰিৰ শেষ বযসত কামৰূপ আহোমৰ অধীন হয়। এই সময়তে দৈত্যাৰিৰ বংশধৰসকল আহোমৰ তলে নানা বিষয় ভোগ কৰিছিল। ৫| কামপাল-“সত্যবিনে অসত্য নকহে কোনো কাল। ধৰ্মৱন্ত দাতাৱস্ত যশৱস্ত শান্ত।” ৰঘুপতি ৭ (১) ৰামচন্দ্ৰ—চৌধাৰী হয় (কোচ ৰজাৰ) ৭। (৩) মনোহ-লস্কৰ হয় (কোচ ৰজাৰ) ৯ (ক) ৰামদেৱ—“বল বিক্ৰমত তাৰ সম মুহি কেও।” ৰাজবল্লভ—বৰ প্ৰতাপী আছিল, এ দেহৰ পৰণাৰ চৌধাৰী হৈছিল। ১৩। A কাহিয়—এওঁ বুজৰ বৰুৱা হৈছিল। এওঁ অতি পৰাক্ৰমে তাপাত বাস কৰিছিন। এওঁৰ পুত্ৰ বিয়োগ হোৱাত মনৰ কষ্টত তাপ ত্যাগ কৰি পূৰ্ব পুৰুষ নাৰায়ণ ভূঞাৰ ভেটিৰ ওচৰলে ৭ তুলি নিয়ে। এই ঠাইৰ নাম কালদি; পৰবৰ্তী কালত ঠাইৰ নাম অনুসৰি এওঁৰ বংশধৰসকলক “কালদী বৰুৱা ঘৰ” বোলে। ১৪। (1) ধৰ্মেশ্বৰ-“ধৰ্মেৰ সৰুক্ষেত্ৰিৰ চৌধাৰী ভৈল। জগন্নাথে বাস্কা দুৱাৰত কাৰ্যক কৰন্ত || হয়গ্ৰীৱ মাধৱৰ মন্দিৰ কাৰণ। দুৱাৰাক স্বৰ্গদেৱে কৰিলা বৰণ। ৰাজাদেশে জগন্নাথ মন্দিৰ নিৰ্মিলা। বংশ মৰ্যদায় নিজ নাম উপৰে লিখিলা। এহি কথা বৰকাথে ফুকনে দিল। জান। মহাক্ৰোধে লৈলা সিতে জগন্নাথ প্ৰাণ॥” ঘুপতি। নাৰায়ণ দেৱ চৌধাৰী-এওঁৰ দুই ভাৰ্য্যা; এজনী পূবপাৰৰ বৰুৱাৰ জীয়াৰী; তেওঁৰ গৰ্ভত মহে আৰু দেউৰাজৰ জন্ম হয়। আন জনী বৰনগৰৰ চণ্ডীবৰুৱাৰ ভগ্নী তিলোত্তমা দেবী; এওঁৰ চাৰি পুত্ৰ গৌৰী, মা, লক্ষ্মী আৰু অভিচন্দ্ৰ।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪১২
অৱয়ব