পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ১৫ ভূঞাৰ বংশধৰ নলগাৱৰ বৰুৱাবংশৰ বংশাৱলী চাওক)। (ঙ) কায়স্থ ভূঞাসকলৰ নিজা নিজা উপাদ্য বিগ্ৰহ আছিল, তেওঁলোকৰ পুৰোহিত লগে লগে ফুৰিছিল। সকলো কায়স্থ ধৰ্মাচাৰ্য আৰু বিষয়াৰ নামঘৰ আছিল (বৰ্তমানেও আছে) আৰু তাত বিগ্ৰহ স্থাপন কৰি দৈনিক পূজা-সেৱা কৰিছিল। সৰহভাগ কায়স্থ ধৰ্মাচাৰ্য্যে বৰ্তমান সময়লৈকে অষ্টাক্ষৰী বীজমন্ত্ৰেৰে নিজে গোৰ্সই পূজা কৰে। কায়স্থ ধৰ্মাচাৰ্য আৰু বিষয়াসকলক কোচ আৰু আহোম ৰাজসকলে কায়স্থসকলৰ স্থাপিত বিগ্ৰহৰ পূজা-সেৱা চলাবৰ অৰ্থে বিস্তৰ ভূমি আৰু লোক দান কৰিছিল। বৰ্তমান সময়লৈকে এই ধৰ্মোত্তৰ আৰু নানকাৰ ভূমিৰ কিছু কিছু অংশ তেওঁলোকৰ বংশধৰসকলে ভোগ কৰি আছে। [ বংশাৱলীবোৰৰ লগত এই ভূমিৰ নিদৰ্শন পত্ৰৰ নকলবোৰ দিয়া হৈছে।] (চ) কায়স্থ ধৰ্মাচাৰ্যসকলে ব্ৰাহ্মণ আদি সকলো বৰ্ণকেই শৰণমন্ত্ৰ দিয়ে। বৰ্তমান সময়লৈকে উজনীৰ দুই চাৰিখন কায়স্থগোৰ্মইৰ সত্ৰৰ ব্ৰাহ্মণ শিষ্যও আছে। কিছুমান ব্ৰাহ্মণ ধৰ্মাচাৰ্য্যে অধিকাৰ পদৰ নিৰ্মালি লবলৈ হলে নিজপন্থৰ কায়স্থ ধৰ্মাচাৰ্যসকলক নিমন্ত্ৰণ কৰে; আৰু তেওঁলোকক যথাযোগ্য সমাদৰ কৰি তেওঁলোকৰপৰা নিৰ্মালি গ্ৰহণ কৰি অধিকাৰ হয়। এই নিয়মটো উজনী অঞ্চলত বৰ্তমান সময়লৈকে চল আছে। (ছ) কায়সকলে হাল-ভাৰ নয়, আৰু কাৰৰ ঘৰুৱা চাকৰি নকৰে। (জ) কায়স্থৰ তিৰোতাসকল আত্মমৰ্যাদা ৰাখি ফুৰে, সভা-ভাওনা, দেউল-ঠালী, হাট-বজাৰ আদিত সুৰে। কেতিয়াবা ক'ৰবালৈ যাবলৈ হলে দোলা, গাৰী বা নাৱত যাতায়াত কৰে। (ঝ) উজনীৰ কায়স্থ ধৰ্মাচাৰ্যসকলৰ আদ্য শ্ৰদ্ধত যি বৰোৎসৰ্গ হয়, তাৰ দানৰ বস্তুবোৰ পুৰোহিত মও জাতিসকলৰ ভিতৰত ভাগ হয়। (ঞ) কামৰূপীয় কাষস্থলে ৩০ দিন মৃত্যাশৌচ পালন কৰে। (৪) কোনো কোনো কামসকলে প্ৰেত পক্ষত তৰ্পন কৰে। (3) প্ৰাচীন কামৰূপৰ কাষকলৰ বেছিভাগেই সংস্কৃত ভালদৰে জানিছিল। কিছুমানে পুৰোহিতক আগত বহুৱাই নিজে মন্ত্ৰ মাতি শ্ৰাদ্ধাদি ক্ৰিয়া সম্পাদন কৰিছিল। (ড) সকলো কায়স্থেই আত্মৰক্ষাৰ অৰ্থে প্ৰস্তুত আছিল। তাৰ চিন স্বৰূপে পৰৱৰ্তীকালৰ বিষয় সস্থসকলৰ প্ৰতি ঘৰে ঘৰে তৰোৱাল, যা দেখিবলৈ পোৱা গৈছিল॥ বৰ্তমান সময়লৈকে বহুত কায়স্থে ঘৰৰ ভিতৰত দুৱাৰমুখৰ ওচৰত দা, আৰু দুৱাৰমুখত থিয় দি লাগ ৰ। ঠাইত টাঙোন, যাঠী নাখা, মূৰশিতানত দা-কটাৰী ৰাখা আৰু তিনোতসকল এঠাইৰপৰা অন্য ঠাইলৈ ১৮৫৩শক ১৯ ভাদ্ৰ শনিবাৰে মোৰহাটৰ ওচৰৰ সাউদকুচি সত্ৰ জয়দেৱ অধিকাৰ গোম্বামীদেৱৰ অন্ত দ্ধ উৎসৰ্গ কৰা ১৬ টা দানৰ শয্যা, বৃষ, সুবৰ্ণ, ৰজত আৰু ভূমিৰ মূল্য পুৰোহিতে নিয়ে বাকী ছত্ৰ, আসন, •'ন, বস্ত্ৰ, পানীয়, তাল, ব্যজন, পাদুকা, প্ৰদীপ, গন্ধ আৰু অম্বলেপন জাতিসকলে নিয়া সময়ত আমি • আছিলো। + কামৰূপৰ তাৰ বৰবাপু ওৰফে গোপীনাথ বৰুৱাই খাতা vঃপনাৰায়ণ চৌধাৰী মহাশয় কল মি। দিয়াৰ সময়ত বিয়াৰ চাইমানাখন (ভা) যাঠীৰে দিয়াইছিল।