পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ কায়স্থ সমাজৰ ইতিবৃত্ত বিবৰণ লিখি ৰাখা হয়। এই কায়স্থসকলৰ বংশধৰবিলাকে বৰ্তমান সময়লৈকে কায়স্থ কৌলিক আচাৰ পালন কৰি কায়স্থ বুলিয়েই গণ্য হৈ আহিছে। প্ৰাচীন কামৰূপীয় কায়স্থৰ কথা লিখিবলৈ হলে বৰ্তমানে কেৱল ওপৰুক্ত কায়স্থ ভূঞাসকলৰহে কথা লিখিব পৰা যায়—অন্যসকলৰ আতিগুৰি বিচাৰি লিপিবদ্ধ কৰা আমাৰ পক্ষে বৰ টান। আমি তলত ক্ষত্ৰিয় বাৰভূঞাসকলৰ আচাৰ-ব্যৱহাৰ সম্বন্ধে যি অনুসন্ধান কৰি পালোঁ তাক উল্লেখ কৰিলো :- ১ এওঁলোক নিজ নিজ গোত্ৰ আৰু প্ৰবৰ আছে :- আত্ৰেয়, আলম্যান, ধৃতকৌশিক, বশিষ্ঠ, কাশ্যপ, পৰাশৰ, শাণ্ডিল্য, বাৎস্য, মৌদগল্য আদি গোত্ৰই এওঁলোকৰ প্ৰধান। সেই মতে প্ৰবৰৰ বিভিন্ন। ২। সংস্কাৰ—উজনীৰ কাষস্থ ধৰ্মাচাৰ্যসকলে পুংসবনৰ বাহিৰে ন টা সংস্কাৰ কৰে, কিছুমানে গায়ত্ৰি মন্ত্ৰ জপ কৰে। নামনিৰ বিষয়া আৰু ধৰ্মাচাৰ্য কায়স্থসকলে চুড়াকৰণৰ দিনাযে উপনয়নৰ ভিক্ষা, ব্ৰহ্মচৰ্য আদি সমস্ত আচাৰ পালন কৰি ছয় দণ্ডী যজ্ঞসূত্ৰ ধাৰণ কৰে; এই সংস্কাৰটোক তেওঁলোকে উপনয়ন নাম নিদিয়ে। আৰু আচাৰ্যৰপৰা গায়ত্ৰী মন্ত্ৰও গ্ৰহণ নকৰে। ইয়াতে এষাৰ কথা কৈ পোৱা ভাল যে উজনীৰ ফালে ব্ৰাহ্মণে—গৰ্ভধানৰপৰা উপনয়নলৈ আঠটা সংস্কাৰ একে দিনাতেই একেটা শ্ৰাদ্ধেৰে সম্পন্ন কৰে; বোধহয় তাকে দেখি কায়স্থ ধৰ্মাচাৰ্যকলেও একে দিনাতে সমস্ত কাম কৰি উপবীত বা উত্তৰী দ্যিায়। নামনিৰ ফালে ব্ৰাহ্মণ-কায়স্থে পাৰাপৰিশ্ৰমে যথাযোগ্য সময়ত সংস্কাৰবোৰ এটা এটাকৈ কৰি যায; আৰু তাৰ ফলত কায়স্থৰ চুড়াকৰণতে বিবাহ বাদে সংস্কাৰৰ শেষ পৰে, ব্ৰাহ্মণৰ তাৰ পাচত উপনয়ন সংস্কাৰ হয়। এই কাৰণেই সম্ভৱতঃ উজনীৰ কায়স্থ ধৰ্মাচাৰ্যসকলে “উপনয়ন” শব্দ প্ৰয়োগ কৰিবলৈ আৰু কোনো কোনোবে গায়ত্ৰী মন্ত্ৰ লবলৈ সুবিধা পাইছে। বিবাহ—কাষস্থসকলে অনুটা কন্য। বিয়া কৰ য়, পুষ্পিতা হোৱাৰ পাচত শান্তি নষ। ব্ৰাহ্মণৰদৰে এওঁলোকে বিধবা বিবাহ নকৰায়। বিবাহত বৰ বৰেতে কায়স্থে মালা-বম্বেৰে বৰাৰ উপৰিও উৰী বা সংসত্ৰেৰে বৰণ কৰে। শিৰোমণি ভূঞ বংশধৰ চামগুৰী সত্ৰৰ গোৰ্সইসকলে আৰু কিছুমান কায়স্থ গোসায়ে বিয়াত পৰমান হোম দিয়ে। ৩ আচাৰ-(ক) সকলো সংস্কাৰতে কামৰূপৰ কায়সকলে নান্দিমূখ শ্ৰদ্ধ কৰে। (খ) নবান্ন ভেজন, বিষ্ণু সহস্ৰন ম পাঠ, ব্ৰহ্মভোঙন, হোম আৰু ভোজ্য উৎসৰ্গ কায়স্থৰ একোটা বাৎসৰিক কৰ্ম। (গ) কায়স্থ ভূঞাসকল পোনতে একো খণ্ড ঠাইৰ একোজন সৰু সৰু স্বাধীন ৰাজা আছিল; কোচ আৰু আহোম ৰজাৰ আমোলত তেওঁলোকৰ বেচি ভাগেই গোমস্থা, বুজৰবৰুৱা, শীকদাৰ, বৰুৱা, বৰকায়, চৌধাৰী, জমিদাৰ আদি শাসনকতাৰ পদত নিযুক্ত হৈছিল। (ঘ) কায়স্থ বিষয়া কিছুমানৰ নিজা নিজা অতিথিশালা আছিল; তাৰ ভিতৰত তাপাৰ বুজৰবৰুৱা, বৰনগৰৰ বৰুৱাৰ আৰু ৰাঙ্গামাটিৰ জমিদাৰ অতিথিশলা বিখ্যাত আছিল। আহোমৰাজাৰ দিনত কিছু মান কায়স্থৰ অতিথিশালা ৰক্ষাৰ অৰ্থে কিছু কিছু নিস্কৰ ভূমিও যেই সেই কায়ক দান কৰিছিল। কামৰূপৰ নগাৱৰ বৰুৱাবংশক এই অৰ্থে দিয়া ভূমিৰ তাপত্ৰৰ চিন এতিয়ালৈকে আছে। (চগিৰি