পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ কায়স্থ সমাজৰ ইতিবৃত্ত।

যাওঁতে লগত কটাৰী ৰাখাৰ দস্তুৰ চলি আহিছে। আহোম ৰাজাৰ ৰাজত্বৰ অন্তত বৃটিচসিংহৰ ৰাজত্বৰ কালতত যেতিয়া কায়স্থসকলে ৰণচৰ্চা এৰিব লাগাত পৰিছিল সেই সময়ত এই যাঠী-শেল ইত্যাদি শস্ত্ৰ সকল চিকাৰ বা মৃগয়াত ব্যৱহাৰ কৰিছিল। বৰ্তমানেও ক্ষেত্ৰী আৰু বাউসী অঞ্চলত চিকাৰ কৰা নাও, পাপৰ আদিৰ চলন আছে। (ণ) বহুত কায়স্থই ঔষধ পাতি জানিছিল; ঘৰত বা ওচৰ কাষাৰৰ মানুহৰ ৰোগ হলে তেওঁলোকে চিকিৎসাও কৰিছিল। (ত) বেচিভাগ কায়স্থ বিষয়াই ব্যৱস্থা দিব জানিছিল; সৰু সৰু দায়ৰ ব্যৱস্থা তেওঁলোকে নিজে দিছিল; গুৰুতৰ অপৰাধৰ ব্যৱস্থাৰ বাবেহে অধ্যাপকক নিমণ কৰিছিল। কিন্তু কায়স্থ ধৰ্মাচাৰ্চে সকলো দায়-জগৰৰ ব্যৱস্থা নিজে দিছিল; বৰ্তমানেও উক্তনীৰ ডাঙৰ কায়স্থসত্ৰৰ গোসইসকলে বাৱস্থা দিয়ে। () কিছুমান কায়স্থে জ্যোতিষ ভালদৰে জানিছিল; বৰ্তমান সমযলৈকে কিছুমান কান্থে কোষ্ঠি আদি তৈয়াৰ কৰিব, ঘৰ ভেটি চোৱা, আৰু জোৰা-চোৱা আদি কাম কৰিব জানে। পূজনীয় নুত হৰেন্দ্ৰ নাৰায়ণ দত্ত স্কুল সমূহৰ ডিপুটী ইনস্পেক্টৰ মহাশয় বৰ্তমানে এজন ভাল জ্যোতিষী। (দ) আগেয়ে প্ৰায় সকলো কায়স্থে পাৰ-বাৰুদৰ কাম ভালদৰে জানিছিল; তাৰ চিন স্বৰূপ এতিযাও কামৰূপৰ কিছুমান বিয়া কায়স্থে আৰু উজনীৰ কায়স্থ ধৰ্মাচাৰ্য্যে মতা, ফুলজাৰী, হাওৱই, হিলৈ আদি খাৰৰ কাম কৰিব জানে। প্ৰাচীন কামৰূপীয় কায়স্থসকলৰ চলিত আচাৰবোৰৰ কিছুমান আচাৰ-নীতি, গাৰ্হস্থ্য-সম, শঙ্কৰী যুগৰ আগৰ বুলি অনুমান হয়; ইয়াৰপৰা স্পষ্টকৈ প্ৰতিয়মান হয় যে কায়স্থসকলে শঙ্কৰীযুগৰ বহুকাল আগৰে- পৰা এই দেশত প্ৰভাৱ বিস্তাৰ কৰি আছিল। গীতাৰ অষ্টাদশ অধ্যায়ত ভগবানে কৈছে—স্বভাৱৰ প্ৰভাৱত হোৱা সত্ব, বজ, তম গুণৰাই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদৰ কৰি বিভাগ হৈছে। ব্ৰাহ্মণৰ কৰ্ম হৈছে :- শমো দমস্তপশৌচং ক্ষান্তিৰাৰ্জমেৱ চ। জ্ঞানং বিজ্ঞাননাস্তিক্যং ব্ৰহ্মক স্বভাৱজম্। অৰ্থাৎ ব্ৰাহ্মণৰ স্বভাৱজ কম শম, দম, তপ, পবিতা, শাভি, সৰলতা (আৰ্জব), আন (অধ্যাত্মজ্ঞান), বিজ্ঞান (বিবিজ্ঞান) আৰু আস্তিক্য বুদ্ধি। গতিষ কৰ্ম হৈছে :- শৌং তেজো ধূতিৰ্ধাক্ষ্যং যুদ্ধে চাপপলায়ণম্। দামীশ্বৰভাৱশ্চ ক্ষাত্ৰ কৰ্ম স্বভাৱজ। ৪৩ অৰ্থাৎ শৌৰ্য, তেজ, ধৈৰ্য্য, দক্ষতা, যুদ্ধত পিঠি নেদেখুৱা, দান আৰু ঈশ্বৰভাব এই কেইটাই ক্ষত্ৰিয়- সকলৰ স্বাভাবিক কৰ্ণ। প্ৰাচীন কামৰূপীয় ক্ষত্ৰিয় কায়স্থাকলৰ গাত ক্ষত্ৰিয়ৰ স্বভাৱজ গুণ আৰু কৰ্মবোৰ আছিল; বৰ্তমানে কালৰ গতিত অন্যান্য ঠাইৰ ক্ষত্ৰিয়ৰদৰে এওঁলোকৰ বংশধৰসকলৰ গাৰপৰাও শৌৰ্য, তো আৰু যুদ্ধলৈ আগবা শক্তি নাই বুলি হয়; তাৰ ঠাইত তেওঁলোকৰ কিছুমানৰ গাত শম, দম, পবিত্ৰতা, সৰলতা, জ্ঞান আদি ব্ৰাহ্মণৰ গুণ কিছুমান দেখিবলৈ পোৱা যায়। 82