ঘৈনীয়েকক লৈ গলা ঘৈনীয়েকে পুখুৰীৰ নিচেই ত আপত নৈৰে দি লৈ সেৱা 'ফৰোতে টোপ ফুটা দি পানী ফুটি ঘৰুৱানীক আগুৰি ধৰিলে। লৰালৰিকৈ আন আন মানুহ পাৰলৈ উঠি , কিন্তু বৰুৱানী তাতে তল গল'। চাই থাকোতে থাকেঁতে পুখুৰীৰ পানী পাৰ উপচি পৰিল। তেতিয়া বৰুৱানী পুখুৰীৰ ঠিক মাতে উঠি বৰুৱালৈ চাই কবলৈ ধৰিলে :-বৰুৱা, আপুনি মোৰ পৰম ভক্তিভাজন আছিল আৰু আপুনি মোক সবাতকৈ মৰম কৰিছিল। দুখৰ কথা এই সম্বন্ধে মোক একোকে জানিব নিদিলে। মই 'কা হলে সকলোৰে ওচৰত বিদায় লৈ আহিব পাৰিলেহেঁতেন। আপোনাকো সেৱা জনাবৰ নহল। মোক যেনেকৈ বঞ্চিত কৰিলে, আপুনিও বঞ্চিত হওক। আপুনি বা আপোনাৰ বংশৰ কোনেও এই পুখুৰীৰ পানী ব্যৱহাৰ কৰিব নোৱাৰিব। কোনোতনে কৰিলে সি অকালতে মৰিব বা নিৰ্বংশ হব।” আজিও এই বংশৰ বংশধৰসকলে এই পুখুৰীৰ পানী ব্যৱহাৰ কৰক চাৰি পাৰত্ েভৰি নিদিয়ে। সৰ্বসাধাৰণে ইয়াৰ পানী ব্যৱহাৰ কৰাত কোনো বাধা নাই। মদন বৰুৱাই চুটীয়াপাৰাৰ ওচৰত এটা জান খালি দিছিল আৰু মাধৱ দেৱালয়ক অনেক মাটি আৰু কুললহাটী গাৱৰ মানুহক পাইক কৰি বহুত ৰয়বস্তু দান কৰিছিল। এই পাইকসকলে আজিও দেৱালয়ত থাটি আছে। এওঁ দুজনী তিনোতা বিয়া কৰাইছিল, কিন্তু কোনো জনীৰে সন্তান-সন্ততি নহল। মদন বৰুৱাই মহকুচি গাওঁখন নিজে পৰিপাটিকৈ পাতিছিল। গাৱৰ ভিতৰত এটা গড় মাৰিছিল, এই গড়ৰ চিন আজিও আছে। এসময়ত বনৰীয়া হাতীয়ে গডৰ কিছু অংশ ভাঙে; তাৰেপৰা এই গডক হাতী ভাঙা গড বোলে। বৰমবৈ. পৰ্বতৰপৰা চেঁচালৈ এটা ডাঙৰ আলি বান্ধিছিল, আৰু কেইখন মান দলং দিছিল। বৰ দামাল, সৰু দামালে আজিও তাৰ নাম ৰাখি আছে। এওঁ অকল মহকুচিতেই ২২ টা পুখুৰী খালে, এই পুখুৰীবোৰৰ চিন বৰ্তমানেও আছে। গাওঁখনত সকলো জাতৰ মানুহৰেই বসতি। খেলে খেলে, জাতে জাতে মানুহবিলাকক বহুৱাইছিল। ১৩ সোমনাৰায়ণ—এওঁ ক্ষুদ্ৰচেঁচাতে থাকি ৰাজকীয় বিষয় ভোগ কৰি আছিল। এওঁ পূৰ্বপাৰ পৰণাৰ চৌধাৰী, বাস্কাৰৰ দুৱৰীয়া বৰুৱা আৰু কিছুকাল কামৰূপৰ বুজৰ বৰুৱাৰ বিষয় ভোগ কৰিছিল। পাচত চাকুচিৰ বীৰমল বুজৰবৰুৱাই ৰজা ঘৰত থাটি খুটি ১৭১০ শক, ফাগুণ মাহৰ ১৯ দিন যোৱাত সোমনাৰায়ণক বুজৰ বৰুৱা পদৰপৰা গুচাই বুজৰ বৰুৱা হয়। এই সম্বন্ধে চালকুচীয়া বৰুৱা বংশাৱলীত এইদৰে আছে - বৰুৱা তৈলেক সেই ভাদ্ৰ যে মাসত। খাটা পৰগণা দিলা তাহাৰ লগত। X X X পূৰ্বপাৰ পৰগনাৰ ক্ষুদ্ৰচেঁচা গ্ৰামে। বুজৰ বৰুৱা পূৰ্বে মদন যে নামে। মদন যে বৰুৱাৰ নাহিকে তনয়। তাহান ভাতৃ জানা নাতিয়েক হয় সোমনাৰায়ণ নাম জগতে প্ৰখ্যাত। চৌধাৰী আছিল পূৰ্বপাৰ পৰগণত। বাঝাৰৰ তেহে বৰুৱা আছিল। সোমনাৰায়ণ বৰুৱা সৰে বুলিছিল। ফাগুণৰ একাদশ দিবস যাহতে। শুভক্ষণে চলি বাপু গৈলা অব্যাহতে। শকাৰ সপ্তদশ আৰু দশ শকে। বৰুৱা পাতিলা বীৰমল বৰুৱাকে। (চাকুচীয়া বৰুৱা বংশাৱলী)
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৬৯
অৱয়ব