সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৷ বৰায়-এওঁ বৰ বাহুবলী পুৰুষ আছিল; দৰঙৰ ৰজাই এওঁক সেনাপতি পদত নিযুক্ত কৰিছিল। এই সময়ত বৰ্তমান কামৰূপ, গোৱালপাৰা জিলাৰ শাসন বিল হৈছিল। মুছলমান ফৌজদাৰসকলে নামমাত্ৰ দেশ শাসন কৰিছিল। গৰংৰাজে বল্লভক কিছুমান সৈন্য দি পশ্চিমে দেশ জয় কৰিবলৈ পঠায়। এই সময়ত বল্লভৰায় শাখিবাহৰ ওচৰত কিছুদিন থাকে আৰু বৰনগৰীয়া বৰবৰুৱাৰ সৈতে লগ লাগি কোচবিহাৰ আৰু দৰঙী ৰজাৰ সীমা নিৰ্ধাৰণ কুৰি দুয়ো ৰজাক জানায়। প্ৰবা আছে যে বৰনগৰীয়া বৰুৱাই বৰ্তমান বৰপেটা মহকুমাৰ এলেকাৰ মঠগুৰি নামে ঠাইত দুই ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰি এটা শিৱ মন্দিৰ নিৰ্মাণ কৰে। আৰু বল্লভৰায়েও হেনো ওচৰতে ভবানী মন্দিৰ” নামে এটা মন্দিৰ নিৰ্মাণ কৰে। এই সময়তেই মাখিবাহাৰ বৰুৱাই তেওঁৰ কন্যা সুপ্ৰিয়াক বৰায় বিয়া দিয়ে। ইয়াৰ পাচত দৰঙ ৰজাই বল্লভক দেৱানগিৰিৰ বাঙ্কা দুৱাৰৰ দুৱৰীয়া বৰুৱা প তে; আৰু বৈদৰ গড়, তুলসীবাৰী আৰু বাৰিঙাবৰি নামে তিনিখন গাওঁ দান কৰে। কিছু কালৰ পাচত তেওঁ আহোম ৰজাৰ পৰা পূৰ্বপাৰৰ পৰগণখনৰ শাসন ভাৰ পায় আৰু উখৰা নামৰ গাৱত (আগৰ লেঙামাগুৰীৰ ভিতৰত) ঘৰ-বাৰী কৰে। এওঁ ক্ষুদ্ৰচেচা, তুলসীবাৰী, বাৰিঙাবাৰী, লাউতলী, হবেৰীৰ , উখুৰ, বৰুৱাবাৰী, বাউসী, তলীয়া, বজালীৰ খাট, মহকুচি, বঙালমুৰ, হিকিমাতোলা, কুলহ'টী আৰু বিসেই আদি শাসন কৰি আছিল। ১১ (খ) মদনৰায়—এও কিছুদিন কামৰূপৰ বুৰবৰুৱা হৈছিল। মদন বৰুৱা বৰ ক্ষমতাশালী পুৰুষ আছিল; নিজৰ গাৱৰ ওচৰত নদী নথকা দেখিলখেতাৰ নদী খালি আনি গাৱৰ কাষেদি বোৱাই দিছিল; এওঁ ক্ষুদ্ৰচেঁচাত বেহা-বেপাৰৰ অৰ্থে এখন হাট পাতি দিছিল। বদন বৰুৱা লাউতলীক উঠি আহে কিন্তু অলপ দিন থাকি তাত থাকিবলৈ অসুচল বোধকৰি মহকুচিৰ বৰমবৈ পৰ্বতৰ সৰু টিল এটাত ঘৰ কৰে; তাৰে ঘৰৰ ভেটি আৰু চোতালৰ চিন এতিয়াও আছে। বৰমবৈ পৰ্ব ৩ দক্ষিণ-পশ্চিম চুকে থকা মাটীয়া পৰ্বত বোলা সৰু টিলা এটাৰ দক্ষিণে গভত প্ৰখ এপূৰামান মাটি আগুৰি এটা বৰ দ পুখুৰী এওঁ খান্দিছিল। পুখুৰীটো কিমান দ কোনেও কব নাৱাৰ। আজিও পুখুৰীৰ পানী স্বচ্ছ—দল, পুনী আদি একো নাই—পৰিষ্কাৰ। পাৰ কেইটা টিলা বুলি বেং হয়। সকলো বিধৰ মাছে পুখুৰী ভৰি আছে। এই পুখুৰী লৈ বংশাৱলীত এটা প্ৰবাদ আছে : “পুখুৰী খন্দাই কেননামতে পানী উলিযাব নোৱাৰি বৰুৱা মহা ভাৱনাত পৰিল। এদিন ৰাতি স্বপ্নাদেশ ফল—“বৰুৱা, তুমি যিমান কি নাখান্দা পুখুৰীৰ পানী উলিয়াব নোৱাৰা। যদি পুখুৰীৰ পানী চাবলৈ তোমাৰ একান্ত ইচ্ছা হৈছে, তেন্তে ঢোল-কালী বজাই তোমাৰ সৰুজনা ঘৈনীৰদ্বাৰা ধূপ-দীপ সহকাৰে পুখুৰীৰ তলত নৈবেদ্য দিয়াবা। কিন্তু তেওঁক আৰু তুমি পাবলৈ আশা নকৰিবা। সাৱধান, এই কথা যেন তোমাৰ ঘৈনী বা আনে নাজানে। নহলে সকলে নিস্ফল হব।” বৰুৱা বিমোৰত পৰিল। এওঁ যি কামকে কৰিছিল, তাৰ শেষ নহয় মানে তেওঁ নেৰিছিল। কেইদিনমান ভাবি চিন্তি সৰুজনী ঘৈনীৰ আশা একে থিৰ কৰিলে। নৈবেদ্য দিয়াৰ দিন ঠিক কৰি আগ দিন ৰাতি সৰু ঘৈণীয়েকক লঘনে থাকিবলৈ কলে। পিচদিনা স্বপ্নদেশ মতে পুখুৰীত নৈবেদ্য দিবলৈ