সোমনাৰায়ণ বৰুৱাৰ মৃত্যু সম্বন্ধে এইদৰে জনশ্ৰুতি আছে যি সময়ত কামৰূপৰ প্ৰবল পৰাক্ৰমী বীৰদৰে কামৰূপ প্ৰধান প্ৰধান লোকসকলক লগত লৈ আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোৰ আচৰণ কৰে, তেতিয়া সোমনাৰায়ণ বৰুৱাই এই বিদ্ৰোহত যোগ দিয়া নাছিল। যেতিয়া হত কামৰূপৰ একহলী ৰা হল, তেতিয়া হতে সোমনাৰায়ণ ধৰাই নি টোপাত ভৰাই হাজাৰ সোঁতাৰ “বৰাই কু” বোলা দ কুত পেলাই মাৰিছিল। শ্ৰদ্ধাস্পদ প্ৰীযুত ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াই তেখেতৰ জলুৱালেহৰ পঞ্চম অধ্যায়ত (অপ্ৰকাশিত বুৰঞ্জীত) গুৱাহাটীৰ বৰফুকনে যি জন লৰাক বুজৰ বৰুৱাৰ বিষয় দিব লাগে বুলি ধৰ্গী মহাৰালৈ লিখিছিল আৰু পিচত লগত লৈ গৈছিল, আমাৰ বিশ্বাস এই জনেই সোমনাৰায়ণ বুৰ বৰুৱা। বৰফুকনক নজনোৱাকৈ দিন মণিৰ সহায়ত ৰংপুৰলৈ গৈ কামৰূপৰ বুজৰ বৰুৱাৰ বিয়ন লওঁতা চাকুচিৰ ৰক্তমলেই বীৰমল হব পায়। ১৭ একান্ত বৰুৱা—১৭৯৬ শকৰ ৬ ভাদ শুক্লা নবমী তিথিত এওঁৰ জন্ম হয়। এ সৰল, বিশ্বাসী, বুদ্ধিমান, শিল্পী আৰু উচ্চ মনৰ পুৰুষ আছিল। ধৰ্মৰ প্ৰতি অচলা ভক্তি ৰাখি পুৰী, গয়া আদি তীৰ্থ ভ্ৰমণ কৰি ১৮৩৪ শকৰ ২০ আঘোণ তাৰিখে কৃষ্ণা বাদশী তিথিত স্বৰ্গী হয়। এওঁ অলপ দিনৰ ভিতৰতে অনেক ভূসম্পত্তি উপাৰ্জন কৰি থৈ গৈছে। ১১৷ ভাগ্যত—এও কিছুদিন বাস্কা দুৱাৰৰ বৰুৱা আছিল। এওঁৰ বংশধৰ লক্ষ্মীয় নাবালক অৱস্থাত নিঃসহায় হোৱাত দৌলাশালৰ মোমায়েকৰ ঘৰক যায়। তেতিয়াৰপৰা এওঁৰ বংশধৰসকলে তাতেই বাস কৰে। ১৬৷ জীযুত পৰমানন্দ চৌধাৰী-এওঁ বি, এ, লৈকে পঢ়িছিল। কিছুদিন স্কুল শিক্ষক পাচত মৌজাদাৰী কৰিছিল। লোকজন শান্ত-শিষ্ট আৰু অমায়িক। শ্ৰীযুত গোপালচন্দ্ৰ বৰুৱা—এখেতে নৰ্মাল স্কুলৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হৈ ফুলত চাকৰি কৰে, আৰু চাকৰিৰ লগতে “বৰুৱা এজেঞ্চী” নাম দি কিতাপ প্ৰকাশ কৰা কাম হাতত লয়। প্ৰায় কুৰি বছৰ শিক্ষকতা কৰোঁতে এখেতৰ কিতাপৰ কাৰবাৰ ডাঙৰ হৈ উঠাত শেষত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ। কৰে। কিতাপৰ কাৰবাৰত এখেতে যথেষ্ট উন্নতি কৰে আৰু বাহনা, চেঁচামুখ, সৰিয়হতলী আদিত প্ৰায় পাঁচশ পূৰা নিশিথেৰাজ মাটি কিনি অৱস্থা টনকিয়াল কৰে। এখেতৰ যত্নতেই নিজ গাওঁ মহকুচিৰপৰা চেঁচামুখলৈ প্ৰায় দুই মাইল দীঘল এটা আহল বহল আলিবাট তৈয়াৰ হয়। মানুহজন ন্যায়পৰায়ণ, আৰু অত্যন্ত হিচাবী। এখেতৰ শ্ৰীমতী পাৰ্বতী দেবী নামৰ কন্যাটীক গত বছৰ শ্ৰীযুত নৰেন্দ্ৰ নাথ গোস্বামী (খলিহা স) বিবাহ দিয়ে। এখেতৰ লৰা তিনটি—শ্ৰীমান অতুল (বৰ বাপ), শ্ৰীমান বদন (মা বাপ), শ্ৰীমান কনক (সৰু বাপ)।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৭০
অৱয়ব