পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় মাইতি হৈ গত ১৮৮৭ চনত নলবাৰী মাইনৰ স্কুল আৰু গত ১৮৮৮ চনত নলবাৰী ডাক্তাখানা স্থাপন কৰে। দৈনিকৃ সন্ধ্যা আহিক প্ৰাতঃ, মধ্যাৰ ও সন্ধাঃ নিত্য কৰ্মবোৰৰ বাহিৰে এওঁ যি গোপাল ময় লৈছিল সেই বিষয়ৰ মন্ত্ৰটি নিতৌ পূজা আদি কৰি তাৰ লগে লগে শিৱ পূজাও কৰিছিল। হৰেনাৰায়ণ চৌধাৰী—এও উদাৰ জ্ঞানী আৰু ওখ মনৰ পুৰুষ আছিল। এওঁ নিজ বংশৰ তেৰেচিয়াৰ সেনাপতি দত্ত মেম্বৰ মহাশয়ৰ সৈতে লগ লাগি দেশ হিতকৰ অনেক কাম কৰিছিল। সেই সময়ত এওঁ দুজনেই নলবাৰী অঞ্চলৰ খ্যাতিমন্ত লোক হৈ উঠিছিল। ৰা পুৰুষসকলে দেশ শাসন সম্বন্ধে কোনো পৰামৰ্শ লবলগীয়া হলে এওঁলোক দুজনৰ পৰামৰ্শকে আগতে লৈছিল। চাকুছিৰ ভবানীমল্ল বৰুৱা আৰু কিছুমান বিশিষ্ট লোকৰ সৈতে লগ লাগি এখেতসকল দুজনে প্ৰথমে মাননীয় ভূতপুৰ্ব কমিচনাৰ চাৰ চেমফিল্ড ফুলাৰ চাহাব বাহাদূৰৰ ওচৰত নলবাৰীত হাইস্কুল স্থাপন কৰাৰ নিমিত্তে আবেদন জানাই। ১৬ বৰ্মনাৰায়ণ চৌধাৰী—পূৰ্বে উল্লেখ কৰা হৈছে যে পিতাকৰ সুখ্যাতিৰ স্বৰূপে গবৰ্ণমেন্টে এওঁক তহশীলদাৰ কৰিবৰ ইচ্ছা কৰিও সেই সময়ত উপযুক্ত বয়স প্ৰাপ্ত নোহোৱা বিবেচনায় সম্প্ৰতি নলবাৰী তহশীলৰ হেড মহৰী কামত নিযুক্ত কৰিছিল। গত ১৯০৫ চনত তহশীল ভাঙি পুনৰ মৌজা কৰাত তেওঁৰ পিতাকৰ আৰু তেওঁৰ কামৰ সুখ্যাতিৰ বাবে তেওঁ উত্তৰাধিকাৰী সূত্ৰে খাতা মৌজাৰ মৌজাদাৰী কামত নিযুক্ত হয়। গত ১৯০৯ চনলৈকে মৌজাদাৰী কৰি মৌজাৰ পৰা অবসৰ লয়। ১৬া ৰায় চাহেব খ্ৰীযুত প্ৰতাপনাৰায়ণ চৌধাৰী- অনাৰাৰী মেজিষ্ট্ৰেট। এখেতে শিক্ষা সমাপ্ত কৰাৰ পিচৰেপৰা কিছুমান ৰাজহুৱা কাজত লাগি যায়। গত ১৯০২ চনত স্বৰ্গীয় হৰেন্দ্ৰ চৌধাৰী আদি লগত নলবাৰী মাইনৰ স্কুলটিক হাইস্কুলত পৰিণত কৰাৰ বিষ আসামৰ ভূতপূৰ্ব চীফকমিচনাৰ চাৰ বেমফিল্ড ফুলাৰ মহোদষক দৰখাস্ত কৰা কামত যোগদান দিয়ে। এখেতে জাগাৰ উৎপন্ন বস্তু বিদেশ সুবিধা দামত বিক্ৰী কৰা বিষয়ত (প্তানী) আৰু এই জাগাত লগা বস্তুবোৰ বিদেশৰপৰা (আমদানী) আনি বিক্ৰী কৰিবলৈ সদায় অহৰুৰ্থত থাকি গত ১৯১৯ চনত এখন ৰাজহুৱা দোকান কৰিবলৈ এই বিষয় এটি কমিটি গঠন কৰি ৰাইজৰ মনোনীত মতে এখেতে সভাপতি হৈছিল। এই বিষষ এখেতে এখন স্কিম কৰিছিল। এনে দোকান খনিৰ মূল ধনৰ সহায় পাবলৈ নলবাৰী গাৱলীয়া বেঙ্ক নামক এখন “কো-অপাৰেটিভ বেঙ্ক” কৰি তেখেত নিজে চেক্ৰেটাৰী হৈছিল। তাৰ পাচত গত ১৯১৮ চনত সেই একে উদ্দেশ্যে নলবাৰী, টিছ আৰু ৰঙিয়া চাৰ্কেল এলাকা কৰি এখন “কো-অপাৰেটিভ চেলে ব্যাঙ্ক কৰি ৰাইজৰ বাছনি মতে এখেতেই তাৰ চেয়াম্যান হয়। গত ১৯৩৮ চনলৈ চেয়াৰম্যান হৈছিল। গত ১৯০৯ চনত উত্তৰাধিকাৰী সুত্ৰে এখেতে খাতা মৌজাৰ মৌজাদাৰ নিযুক্ত হয়। পৰা বৰ্তমান সময়লৈকে এই পূৰ্ব পুৰুষীয়া মৌজাখন নিপুণভাবে চলাই আহিছে। গত ১৯১১ চনত লোকেলবোৰ্ড মেম্বৰ নিযুক্ত হৈ গত ১৯৩৮ চনলৈ একেৰাহে গুৱাহাটী লোকেলবোৰ্ডৰ মেম্বৰ কাম কৰি আছিল। মেজাদাৰ আৰু লোকেলবোৰ্ড মেম্বৰ হৈ আগৰেপৰা চেষ্টা কৰি অহা ৰাজহুৱা কামবোৰ সহায় কৰিবলৈ অলপ প্ৰতিপত্তি ওত গত ১৯১১ চনৰপৰা খাতা খোজৰ প্ৰায় সকলো গাৱ’তে যাই ইবিলাকত উপস্থিত থাকি গাৱৰ মানুহক বুজাই শুনাই সেইবিলাকৰ হতুৱাই ৰহুত গাৱলীয়া ৰাস্তাৰ আৰু তেতিয়াৰ