তাৰ কিছুদিন পিছে তেওঁৰ কনিষ্ঠ ভাতৃ সন্তোনাৰায়ণে সাধিনাৰায়ণ আৰু পুস্পনাৰায়ণ নামক দুটি নাবালক লৰা আৰু মহিনাৰায়ণ নাৰায়ণ নামক এটি নাবালক লৰা ৰাখি উভয়ৰ কাল প্ৰাপ্ত হয়। এতিয়াও কথিত আছে যে যেতিয়া এই দেশ বৃটিছ গণমেণ্টৰ হাতলৈ আহে তেতিয়া কামৰূপৰ কিছুমান ডাঙৰ মানুহক এজন বৃটিছ অফিচাৰে গোৱালপাৰালৈ মাতি নি তেওঁলোকৰ লগত মাটি-বাডিৰ বন্দোবস্ত আদি আৰু ৰাজকাৰ্য্য চলাৰৰ নিমিত্তে বিষয়া আদি নিযুক্তিৰ আলোচনা কৰে তেতিয়া খাতবাৰীৰ চৌধাৰী বংশৰ কথিত কাৰণে কোনো বাবালক শোক নথকাত উক্ত হুগলী সেন বৰকাকতিৰ লৰা চন্দ্ৰসেন বৰকাকতি নামক এজনে খাতাবাৰীৰ চৌধাৰীৰ বংশৰ প্ৰতিনিধি স্বৰূপে যায়। তেওঁ এন সেই সময়ত স্বালাক চতু আৰু শিক্ষিত আছিল; গতিকে অন্যান্য চৌধাৰী পাটোৱাৰী আদিৰ লগত সদৰ আমিন নিযুক্ত হল। আৰু উক্ত চৌধুৰী বংশত বালক মানুহ নথকাই উক্ত সাধিনাৰায়ণৰ খুড়া শহুৰ দিখেলী গাওঁৰ সভাৰাম নামক এন চৌধাৰী হয়। কথিত চত্ৰসেনে খাবাৰী সত্ৰৰ দৌলকো বহল কৰি তাত হাট বজাৰ আদি বহায়। তেওঁ মৃত্যুৰ পিছতো তেওঁৰ পুত্ৰ যজ্ঞসেন চৌধাৰী ধৰ্মপুৰৰ মৌজাদাৰ নিযুক্ত হয়। পূৰ্ব কথিত দৌলকে বহুল কৰি কিছু বছৰ পিছে বলাকুছি গাওঁলৈ উঠি যায় আৰু বলাকুছিতে এটি স্কুল দৌল ঘৰ স্থাপন কৰি তাতত দৌল কৰাত দৌলৰ মেলাখনো তালৈ যায়। এই মেলাখন খাবাৰীৰপৰা যোৱাৰ কাৰণে সেই দৌল ও মেলা এতিয়াও খাবাৰীৰ দৌল বুলি কয়। ১৫৷ জনাৰায়ণ-পূৰ্ব কথিত মতে নিঃসন্তান ঠোক ধীৰনাৰায়ণ মৃত্যু হোৱাত নাবালক থকাৰ কাৰণে যদিও খাতাৰ চৌধাৰী হব নোৱাৰিলে তথাপি ধাবালক হৈ খাতা পৰগশাৰ এক খণ্ডত তেওঁ পাটোৱাৰী কামত নিযুক্ত হৈছিল। ১৬৷ সাবিনাৰায়ণ-পূৰ্ব কথিত মতে নাবালক থাকাৰ কাৰণে জেঠাকৰ মৃত্যুৰ পিছত প্ৰথমে এওঁ খাতা পৰগণাৰ চৌধাৰী হব নোৱাৰিলে। ওপৰত কোৱামতে বৃটিছৰ প্ৰাৰম্ভতে এই বংশৰ ফোন বালক লোক নথকাত আৰু তেওঁৰ পিতামহ ধ্বজনাৰায়ণে পোৱা ধমোত্তৰৰ কাগজ আদি বৃটিছ গবৰ্ণ মেণ্টক ভালকৈ বুজাব নোৱাৰাত গবৰ্ণমেন্টে ২০ কুৰি পুৰা মাটি মাত্ৰ ধমোত্তৰ দি বাকী মাটি বাজেয়াপ্ত কৰাত তেওঁ এটি লাখেল আপীল কৰি ১৮৪৭ সনত ২৯ চেপ্তেম্বৰত ১৭ পোৱা ভকত আৰু ১ ঘৰ উবাৰ ফকিৰ সহ ১৬১ পুৰা মাটি ধৰ্মোত্তৰ বহল কৰে। ইয়াৰ লগত উক্ত আপীগৰ নল দিয়া হল। এওঁ ১৮৮০ ইং চনত খাতাৰ মৌজাদাৰ হৈ অতি সুখ্যাতিৰে কাম কৰি গত ১৮৮৮ চনত তহশীল সৃষ্টি হোৱাৰ সময়ত কামৰ সুখ্যাতি বাবে ১ বছৰৰ অতিৰিক্ত কমিচন দি বুঢ়া বয়সৰ বাবে তেওঁক তহচিলদাৰ নিযুক্ত কৰিব নোৱাৰি তেওঁৰ লৰাক তহশীলৰ হেড মহৰী কৰি দি তেওঁক মৌজাৰপৰা অবশৰ কৰে। এৱে। সত্ৰৰ মেধি আছিল। এওঁ অতি নৈষ্ঠিক আৰু সংস্কৃত ও ধৰ্ম বিষয়ে বিশেষ অভিজ্ঞ আৰু অসম বুৰঞ্জী ভালকৈ জানিছিল আৰু গোপাল ম লৈছিল। 1
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৩৮
অৱয়ব