পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাস্থ সমাজৰ ইতিবৃত্ত। ২৪৯ প্ৰভুৰ ওচৰত শৰণ লয়। সময়লৈ চাই এই কথাটা যে নালাগে। প্ৰীমন্ত শঙ্কৰদেৱৰ নাতি বা নাতিবোৱৰী কনকলত। অপইৰপৰা ধৰ্ম গ্ৰহণ কৰা হলেহে সময়ৰ লগত খাপ খায়। অনন্ত আতা বৰপেটাৰ ওচৰৰ বাৰাদিত জম্মিছিল। ভূঞাসকল নগাৱৰ পৰা উজনীলৈ গৈছিল আৰু তাত প্ৰায় ২৫ বছৰ থাকিহে বৰপেটালৈ যায়। সম্ভবতঃ যদুদেৱ প্ৰভুৰ লগ লগে ফুৰিছিল। চতুজ ঠাকুৰ দেৱৰ পত্নী লক্ষ্মী বা কনকলতা আই বৰদোৱাক আহাৰ পাচত অনন্ত আতা নগাৱৰ মাযাঙক আহে আৰু তাৰ কালশিলা নামৰ বিলৰ পাৰত সত্ৰ কৰি ধৰ্ম প্ৰচাৰ কৰে (১৫৬৪ শক)। চতুৰ্জ ঠাকুৰ-কনকলতা আইৰ আজ্ঞাপৰ আচাৰ্যসকলৰ নামৰ ভিতৰত অনন্ত আতাৰ নাম পোৱা যায়। ইনাৰপৰা অনুমান হয় অনন্ত আতাই চতুৰ্ভুজ বা কনকলতা আইৰ পৰা আচাৰ্য্য পদ লাভ কৰে। এই শৰাম কীৰ্তন নামে এখনি সৰু ৰামাষণ কীৰ্তনৰ ছন্দত আৰু প্ৰেমলতা নামৰ এখনি ভক্তি পূৰ্ণ আখ্যান পুৰ ৰচনা কৰে। ১৫৯৪ শকত এৰা সুস্থ শৰীৰে বৈকুণ্ঠ প্ৰমাণ কৰে। ভুবনেশ্বৰ দেৱ পিতৃৰ পাচত এওঁ কালশিলা সত্ৰৰ অধিকাৰ হয় আৰু আহোম ৰাজ ৰাজেশ্বৰ সিংহৰ পৰা ৭০০ পূৰা নিস্কৰ ভূমি লাভ কৰে। এই মাটিৰ ফলি নষ্ট হোৱা বাবে বংশধৰসকলে ভোগ কৰিবলৈ {'লে। ভুবনেশ্বৰদেৱে দণুৱা ৰজাৰ অনুৰোধত দ ওৱা ৰজাৰ ওচৰত এখন সত্ৰ পাতে; তাত ৰজাৰ দলৈ কিছুমানে ঘৰ সাজি আছিল, সেই কাৰণে পৰবৰ্তী কালত সি ‘দলৈচুবা’ নাম পায। কালশিলা সম্বন্ধে এনে প্ৰবাদ আছে, যে তাৰ ওচৰত এখন ডাঙৰ বিল আছিল আৰু সেই বিলত এটা বিষযুক্ত কল শিল ১৫ হাত পানীৰ তলত আছিল। ভুবনেশ্বৰ অতাই দণ্ডৱা ৰজাৰ অনুৰোধত সেই শিল বুৰ নাৰি তুলি আনি পাৰ ৩ থাৱাত পাচলৈ বিলৰ পানী ভাল হয়। এই বিলৰ পাত সত্ৰ হোৱা বাবে বালশিলা সত্ৰ হোৱা বুলি প্ৰবাদ। এওঁ ১৬৭৭ শকত বৈকুণ্ঠ ‘ী হয় ভূবনশ্বৰ আতাৰ দিনত ইবিলাকৰ শিষ্যসংখ্যা বহুত বাড়ে। ৰামদেৱ– সাধু আৰু ঈশ্বৰ প্ৰেমিক পুৰুষ আছিল। ১৬৮১ শকত স্বাী হয়। দৈবকীনন্দন এওঁৰ নৰোৱা আতা ৰামদেৱৰ লগত মনমালিন্য ঘটে। দৈবকীনন্দনে কালশিলা এৰি Tৰহাটৰ বাটত সত্ৰ পাতি থাকেগৈ। এই সত্ৰ দুই পুৰুষ চলাৰ পাচত মোৱামৰীয়া বিদ্ৰোহ হয়; (•তিয়া তেওঁলোক পুনৰ নগাঁৱলৈ আহি মিকিৰ ভেটাৰ ওচৰৰ হাতীবাটত কিছুদিন থাকে, তাৰ পাচত

  • ৩ বনৰীয়া জন্তুৰ উপদ্ৰৱ দেখি হাৰি বৰঙাবাৰীলৈ আহি তাতে সত্ৰ কৰি থাকে।

কৃষ্ণনাথ দেৱ— এওঁ দাদাকৰ লগত বিভিন্ন হৈ তৰাবৰি নামে ঠাইত সত্ৰ কৰি থাকে। এওঁ বৰ উদাৰ আৰু ধাৰ্মিক পুৰুষ আছিল। ৰামানন্দ ধাৰ্মিক আৰু সাধু আছিল। এওঁ সৰু কালৰেপৰা নামধৰ্মত আসক্ত আছিল। দেৱান আতা গতিশক্তি প্ৰখৰ আছিল; কীৰ্তন, ঘোষ, বৰগীত আদি পুথি এওঁৰ কষ্ঠ আছিল। এওঁৰ দিনত দেবীপূজক কিছুমানৰ লগত আতাৰ বিবাদ হয়; আতাই দেবী পূজক শিষ্যবিলাকক ত্যাগ কৰে। দেউৰাম আতা— এওঁ বৰ বলী আছিল; ৯ জন মানুহে ডাঙিব পাৰা কীৰ্তন ঘৰৰ খুটা অকলে ডাঙিছিল। ১৭৭৯ শকত স্বৰ্গী হয়।

৩২