২৫০ কায়স্থ সমাজৰ ইতিবৃত্ত। পূৰ্ণকান্ত আতা- এওঁ উদাৰ চৰিত, ধাৰ্মিক আৰু আনন্দময় পুৰুষ আছিল। সপ্তাহৰ ভিতৰত তিনি দিন ভাত খাইছিল বাকী ৪ দিন ফল মুল খাই কটাইছিল। এওঁ নাকাটাত সত্ৰ কৰি বাস কৰিছিল। ব্ৰহ্মানন্দ আতা—এওঁ দাদাকৰপৰা ফাটি গৈ তামুলীবৰীত সত্ৰ কৰি বাস কৰে। এওঁ নাচ-গান, যাত্ৰা-ভাওনাত নিপুণ আছিল। কৃষ্ণসূৰ্যবৰ তেজস্বী আৰু ধুনীয়া পুৰুষ আছিল। এওঁ দানী পুৰুষ আছিল। ১৭৫২ শত স্বৰ্গী হয়। জীউৰাম আতা- এওঁ বৰ দয়ালু আৰু খণিকৰ আছিল। এই জনা আতাৰ দিনত পূৰ্বৰ ৰাজদত্ত ভূমি ২৪২/১২ লোচা উদ্ধাৰ হয়; কিন্তু সি খেৰাজ ৰূপেহে পৰিণত হয়। এওঁ ১৭৭৫ শকত স্বগী হয়। পৃথুৰাম আতা এখেতে সংস্কৃত ভাগৱত ব্যাখ্যা কৰিব পাৰিছিল; সেই কাৰণে মানুহে ভাগৱতী আতা বুলিছিল। যোগানন্দ দয়ালু আৰু ধাৰ্মিক পুৰুষ আছিল। এওঁ শকত আৱট আৰু সুশ্ৰী পুৰুষ আছিল। ১৮৪৪ শকত এওঁ স্বৰ্গী হয়। শ্ৰীযুত বাঞ্চাৰাম দেৱ- বৰ্তমান কালশিলৰ অধিকাৰ। শ্ৰীযুত ভূমিকান্ত দেৱ- কালশিলা সত্ৰৰ ডেকা অধিকাৰ। বড়ভেগীয়া। মাখিৰ্বহা চৌধাৰী বংশ। গদাধৰ চণ্ডীৰ শিৰোমণিভূঞাৰ কনিষ্ঠ পুত্ৰ। চণ্ডীবৰ বটদ্ৰবাত স্বৰ্গীহোৱাৰ পাচত ৰাজধৰ শিৰোমণি ভূঞা হয; তেওঁৰ ভাযেক গদাধৰ উৰ পাৰে ৰৌটাত থাকি উত্তৰ কুল শাসন কৰিবলৈ ধৰে। উত্তৰ কুল ভোট, অকা, ডফলা আদি পৰ্বতীয়া জাতিয়ে মাজে মাজে উৎপাত কৰিছিল— গদাধৰে সেই সকলৰ লগত যুঁজি পৰ্বতীয়া জাতিৰ উৎপাত কমায় আৰু সুধনশিৰী নদী পৰ্যন্ত ভূঞা ৰাজ্য বঢ়ায়। ইয়াৰ পাচত তেওঁৰ ক্ষমতা আৰু বাঢ়ে; তেওঁ সুবনশিৰীৰ পূবে চুতিয়া ৰাজ্য লোহিত্যৰ কুলত থকা খামতি ৰাজ্যও আক্ৰমণ কৰে। জয় জয়তে তেওঁ এই দুই ৰাজ্য জয় কৰি নাজিৰাৰ ওচৰত দিখৌ নদীৰ দাতিত কিছুদিন বাস কৰে কিন্তু ইয়াতে তেওঁ বেচি দিন থাকিব নোৱাৰিলে; চুতিয়া, কছাৰি আৰু খামতিষে যোগ হৈ তেওঁক আক্ৰমণ কৰাত তেওঁ সম্পূৰ্ণৰূপে পৰাস্ত আৰু বন্দী হয়। চুতিয়াবিলাক কালীপূজক অছিল; গদাধৰৰ দেবী পূজক। প্ৰবাদ আছে যে চণ্ডীৰ স্বপ্নাদেশ মতে গদাধৰ মুক্ত হয় আৰু তেওঁ নিজৰ নগৰ ৰৌটাক গুচি আহে। ৰোঁটা চণ্ডীবৰৰ স্থাপিত নগৰ শিৰোমণি ভূঞাৰ অধিকাৰৰ ঠাই। গদাধৰে পূবৰ দেশ জয় কৰি ফুৰোঁতে শিৰোমণি ভূঞা সূৰ্যৰে সমস্ত দৰঙ অঞ্চলৰ শাসন ব্যৱস্থা কৰে। গদাধৰে ৰোটাক আহি শিৰোমণি ভূঞাৰ শাসন ব্যৱস্থা দেখাত তেওঁৰ স্বাধীনতাত আঘাত লাগিল; পাচত নিজ বংশৰ লগত কাজিয়া কৰা অনুচিত ভাৰি সেই ঠাই ত্যাগ কৰাকে স্থিৰ কৰে। এই সময়ত কমতাত দুৰ্লভনাৰায়ণৰ বংশধৰ দুৰ্লভই ৰাজত্ব কৰা অনুমান হয়। তেওঁ মানাহৰ পুৰ অঞ্চলত অধিকাৰ বিস্তাৰ কৰা নাছিল। গদাধৰে কিছুমান সৈন্য সামন্ত লৈ বৰনদী পাৰ হৈ কামৰূপ
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৭২
অৱয়ব