২৪৪ কায়স্থ সমাজৰ ইতিবৃত্ত। পাৰিছিল। ৰাজেশ্বৰ সিংহই এৰাৰ ভাগৱত ব্যাখ্যা শুনি পৰিতুষ্ট হৈ বৰদোৱাৰ ওচৰত শুকদলত বহুত মাটি দান কৰে:- “হৰিৰায় ভৈলন্ত ভাগৱতী আতা নাম। শুকদল সত্ৰৰ ভৈলন্ত তেহে ধাম। যিটো থানে পূৰ্বে মহখুটি কুসুম্বৰ। তাতে কৃষি অছিলন্ত ঠাকুৰ • দেৱৰ। সিটো থানে সত্ৰ পাতিবাক অভিমত। ৰাজেশ্বৰ সিংহ আগে কন্তু ভাগৱত। ভাগৱ শুনি ৰাজা আনন্দ ভৈলন্ত। শুকদলে পৰ্ম অৰ্থে মাটিক দিলন্ত। শুকদল চৰিত। হৰিৰায়ৰ পাচত ১ম পুত্ৰ প্ৰদুম্নে শুকদলৰ অধিকাৰ হয়; আৰু ২য় পুত্ৰ সুমে সৰুবডিত আৰু ওম পুত্ৰ ইন্দ্ৰদ্যুমে ইটাখুলিত সত্ৰ পাতে। ৰাজেশ্বৰসিংহে দিয়া সমস্ত মাটি এতিয়া নাই- ইংৰাজ অমোগত ফলি দেখুৱাব নোৱাৰাত কেৱল ১০৫/১৩ লোচা মাটি সত্ৰৰ নামত ৰাখিছে। হৰিৰায় চলাৰ পাচত শলগুডিত থকা কেশৱৰ জ্যেষ্ঠানুক্ৰমে বৰদোৱাত অধিকাৰ হয়। এওঁ শলগুৰি পৰা গৈছিল, সেই কাৰণে এওঁক আৰু এওঁৰ বংশধৰ সকলক শলগুৰি বংশ বদলে। কেশৱ ৰাষৰ পাচত তেওঁৰ পুত্ৰ লক্ষ্মীকান্ত আৰু সুদৰ্শন ক্ৰমে বৰদোৱাত অধিকাৰ হয়। লক্ষ্মীকান্ত আত। পণ্ডি আছিল; এওঁ বহু গীত আৰু নাট লিখিছিল। গীত- বসন্ত জ্যোতি। জয় জয় বৰদোৱা বৈকুণ্ঠ দুতয়। সেহি থানে নিজ গুৰু ভৈলন্ত উদয়। যেহি পানে নিজ গুৰু পৰিলন্ত পাট। ৰাম নাম ৰাজহংস বেসাইলন্ত হাট। মধ্যে পদশিলা দক্ষিণে নামঘৰ। মণিকূট গৃহ বান্ধি ৰহিলা শঙ্কৰ। দক্ষিণে যাবাৰ দোল পুৰুষে নিৰ্মিলা। সাত বৈকুণ্ঠৰ পট লেপিয়া দেখাইলা। উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ। নিশাভাগে নমাইলন্ত মন্ত শঙ্কৰ। পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয়। তাহাতে আউজি গুৰু পুস্তক লিখ।
- সম্ভবতঃ সামোদৰ ঠাকুৰ।