পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ২২১ চতুভুজ ঠাৰ সুন্দৰীদিয়াত ডাঙৰ হৈছিল; এই সময়ত পুৰুষোত্তম ঠাকুৰ জনিয়াত আছিল। প্ৰভু পত্নী আই (ঠাকুৰৰ বুঢ়ী মাক) সেই সময়ত জীৱিত আছিল; তেৰাক লৈ দুয়ো ঠাকুৰে কাঢ়া-আজোৰা বৰিছিল। আই নিৰুপায়ত পৰি কিছুদিন সুন্দৰীত থাকিবলৈ বাধ্য হৈছিল। পুৰুষোম ঠাকুৰে প্ৰয়াণ কৰাৰ সময়ত চতুভুজ ঠাকু ঘিলাজাৰি বা ঘৰসিয়াত আছিল। শেষ সমযত পুৰুষোত্তম ঠাকুৰে মধুপুৰৰ পৰা আদেশ দিয়ে ঘৰসিয়া মধ্যে আছন্ত ঠাকুৰ আমাৰ ভাতৃ কনিষ্ঠ। তান্তে ধৰ্ম থৈলে। নিষ্ঠ কৰি জানা সবাৰে আগত কস্ত। যেন হস্তী দত্ত এগোটা থাক এগোটা মৰিয। যান্ত।” ভূনণদিজ। “মহাপুৰুষৰ (২) সৰ্বক মণি তাহান্তেসে থাপি থৈলে। আন জনে আৰ ভাগ পায়। চতুভুজ শিৰে দিলে।” কেশব চৰিত- চন্দ্ৰদি। পুৰুষোত্তম ঠাকুৰ প্ৰণ কৰাৰ পাচত চতুজ ঠাকুৰে ধৰ্ম প্ৰচাৰ কৰি ৰে। এই গোৱালপাৰাৰ •ৰ। তামৰাঙা বিলৰ মাজত সত্ৰ পাতে। এওঁৰ লগত বিদ্যালঙ্কাৰ গুৰু, ভিনীহিয়েক গৌৰীকান্ত বৰুৱা অ! ৩া আৰু অনেক উদাসীন ও গৃহস্থী ভকত হাটি পাতি থাকে। সবাৰো মধ্যত জ্বলে ঈশ্বৰৰ ঘৰ। কৈলাশ শিখৰ যেন জ্বলে ৰুচিকৰ। গোসাই ঘৰক মঞি বৰ্ণাবোহো কত। আতাৰ মন্দিৰ জ্বলে তাৰ কাষৰত॥ পৃথকে পৃথকে ঘৰ সজাইলা ৰুচিৰ। ডাঙৰ আইৰ ঘৰ আই গোসাঁনীৰ। আনো আই সকলৰ ঘৰ সজাই দিলা। পৰম কৌতুক মনে আত (ঠাকুৰ) ৰহিলা। দ্বাৰকা নগৰখান সাগৰৰ মাজ। যেনমতে নিৰ্মাণ কৰিলা যদুবাজ।