পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। সেমিতে আতা পুৰখান নিৰ্মিল। চতুষ্পশে বেঢ়ি আছে জল অপৰ্যন্ত॥১৬৩ প্ৰকাশস্ত থলখান দেখি অনুপাম। পৰম কৌতুকে থৈলা বিষ্ণুপুৰ নাম। ঠাকুৰে বিষ্ণুপুৰতে বিয়া কৰায়; তেওঁৰ ভাৰ্য্য। তিনি গৰাকী- কনকলতা, মুকুন্দপ্ৰিয়া আৰু ৰেৱতী। কনকলতাৰ সুভদ্ৰা, মুকুন্দপ্ৰিয়াৰ দৈবকীনন্দন নামে পুত্ৰ আৰু ৰেৱতীৰ সুমিত্ৰা নামে এটি কন্যা জন্মিছিল। দৈৱকীনন্দন পাঁচ বছৰ বয়সতে স্বৰ্গী হয়। চতুভুজ ঠাকুৰে কুমাৰ ৰূপনাৰায়ণৰ পত্নীসকলক শৰণ কৰাষ। তাৰ পাচত বৰনগৰীয়া সকলে তেৰৰ পৰা ধৰ্ম গ্ৰহণ কৰে। তাৰ পাচত ঠাকুৰ কামৰূপৰ বৰভাগ পৰগণত ধৰ্ম প্ৰচাৰ কৰে। এই সময়ত কোচ ৰজা বীৰনাৰাষণ হাজোলৈ আহিছিল। তেওঁ ঠাকুৰৰ সংবাদ পাই ‘ৰিয় মনে আসি আগ বাঢ়ি নিল," এইদৰে কিছু কাল ধৰ্ম প্ৰচাৰ কৰি ঠাকুৰ তীৰ্থলৈ যায়। ঠাকুৰৰ লগত আইসকল আৰু পাঁচ শ ভকত গৈছিল। মধুপুৰ পাওঁতে পুৰুষোত্তম ঠাকুৰৰ পত্নী লক্ষী আই অংক কন্যা অনন্তপ্ৰিয়াও লগ লয়। বেহাৰৰ ৰাজ মহীসীসকলে ঠাকুৰৰ ওচত শৰণ লয়। তাৰ পাচত ঠাকুৰে “সিংহচাপ” (পাচপোৰ্ট) লৈ যাত্ৰা কৰে। দিজ বিদ্যানন্দৰ মতে ঠাকুৰে “যমুনাৰ পাশ আতা (ঠাক) ভৈলা সেহি বাটে।” অৰ্থাৎ যমুনাৰ ওচৰলৈ পোনতে খোজ লয; তেওঁ বিজয় নগৰ, গোপালপুৰে গঙ্গাৰ ওচৰ পায। গঙ্গা পাৰ হৈ মিজাপুৰ, শেৰপুৰ, বৰ্ধমান, মেদিনীপুৰ, যাদবপুৰ, মহানদী, গোপীনাথ পুৰ, লক্ষণপুৰ, ৰামচন্দ্ৰপুৰ পায়। ৩াৰ পাচত শিবনাথ নামৰ পাণ্ডা এজনৰ সৈতে আঠাৰনলা পাম, পাচত সিংহদ্বাৰ এৰি জগন্নাথ পায়। তাত হৰিচৰণ ঠাকুৰৰ তিথি উৎসৱ কৰে। পাচত বিষ্ণুপুৰক ঘূৰি আহে। ঠাকুৰে এইবাৰ খুটাঘাট, বিয়পুৰ ৰূপসি, আমগুৰি, গোবিন্দপুৰ আদিত ধৰ্ম প্ৰচাৰ কৰে৷ এই সময়ত কোচৰাজ কোৱৰ সুন্দৰ নাৰাষণে ঠাকুৰৰ ওচৰত বৰ্ম গ্ৰহণ কৰে। তাৰ পাচত ঠাকুৰ সুন্দৰক আহি শ্ৰীমাধৱদেৰ তিথি উৎসৱ কৰে। সমযত মথুৰাদাস আতা চলাত ঠাকুৰে ৰাম ৰাম গুৰুৰ বংশধৰ গোপাল মিশ্ৰক বৰপেটাত সত্ৰীযা পাতে:- “তোৰা সমে আমি এৰা এৰি পুনু নাই। তোৰ পুৰোহিত পূৰ্বাপৰ চলিচ। চৈদ্ধয় পুৰুষ আমি যজমান X X X X মহাপুৰুষৰ ধৰ্মত থাকিবা মানে যেন মহাশয়॥ X x X অনো বহুবিধ প্ৰবোধ বুলিয়া গৈলন্ত বিষ্ণুপুৰক।” ৩৬০ দ্বিজ বিদ্যানন্দ।