পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২৮ কায়স্থ সমাজৰ ইতিবৃত্ত। লক্ষীপ্ৰিয়া নামে আৰে ভাৰ্য্যা বিহাল। তথাপি তাহাৰ জানা পুত্ৰ নভেল। কেহোপ্ৰিয়া অবপ্ৰিয়া দময়ন্তী নাম। লক্ষীপ্ৰিয় গৰ্ভে তিনি ভৈলা অনুপাম॥ জয়হৰি দ্বিজ ঠাকুৰ চৰিত। ইন্দ্ৰজিত গাভৰুগিৰীৰ বংশধৰসকলে নগাৱৰ বুড়িমাৰা, চেপেটীমৰা, ঘৰিয়ালে খোৱা সত্ৰ কৰি আছে। কেহো বা কেশৱপ্ৰিয়াক নিৰঞ্জন গাভৰুগিৰীত বিয়া দিয়ে। তেওঁৰ বংশধৰসকলেই দীঘলী, চামগুৰী আৰু ভোগবাৰীৰ গোৰ্সইসকল। পুৰুষোত্তম ঠাকুৰে বৈকুণ্ঠ প্ৰয়াণ কৰাৰ কিছুদিন পাচত তেৰাৰ পত্নী আৰু জোৱায়েক বেহাৰৰপৰা জনিয়াক আহে। কেশৱপ্ৰিয়া আই অলপ দিন পাচত স্বৰ্গী হোৱাত আয়ে ভাতনাথাতী নামে ভায়েকৰ কন্যা এটা নিৰঞ্জনক পুনৰ বিয়া কৰাই দিয়ে। কিছু দিন পাচত মীৰজুমলাৰ অসম আক্ৰমণ হয—দেশত বৰ হাহাকাৰ লাগে। এই বিপ্লৱ সান কাটাত নিৰঞ্জনদেৱ উজায় আহে; কিন্তু বাটতে অশ্বক্ৰান্ত পোৱাত লক্ষী আই দেহ এৰে। নিৰঞ্জনদেৰ আহি আহোম ৰাজধানীৰ নিকট গজপুৰত থাকে। সেই সময়ত চক্ৰধ্বজসিংহ ৰাজপাটত আছি , তেওঁ নিৰঞ্জনদেৱক অশেষ অনুগ্ৰহ দেখুৱায়। নিৰঞ্জন দেৱৰ চক্ৰপাণি, সাৰঙ্গপাণি, গদাপাণি আৰু পদ্মপা নামে চাৰি পুত্ৰ আছিল। ৰজাই চাৰিওজনক স্নেহ কৰি সত্ৰ কৰি দিয়ে। চক্ৰপাণি মাজুলীত থাকে সাঙ্গপাণি দীঘলীত, গদাপাণি নগাৰৰ চৰাইপোত থাকে। পদ্মপাণি উদাস আছিল; সম্ভবত চক্ৰপাণিৰ লগতে আছিল। চক্ৰপাণিৰ বংশধৰ বিষ্ণুদাস নগাৱৰ কলিয়াবৰক উঠি যায় আৰু তাত চামগুৰি নাম দি সৰ পাতি থাকে। সাঙ্গপাণিৰ ১ম পুত্ৰ অচ্যুতানন্দ মাজুলীৰ দীঘলীতে সত্ৰ কৰি থাকে। ২য় পুল ব্ৰজপাশি গাৱক উঠি যা আৰু তাত ভোগবাৰী নামে সত্ৰ কৰি থাকে। ৩য পুত্ৰ মনোৰথ গোৱালপাৰাৰ বিষ্ণুপুৰলৈ যায়। মনোৰণৰ বংশধৰ কামৰূপৰ কুৰোবাহা, গোৱালপাৰাৰ বালিজানী আৰু গৌৰীপুৰত আছে। হৰিচৰণ ঠাকুৰৰ এটি পুত্ৰ আৰু দুটী কন্যা জন্মে। পুত্ৰটিৰ নাম চতুভুজ ঠাকুৰ আৰু কন্যা দুটাৰ নাম গোবিন্দপ্ৰিয়া আৰু কান্তপ্ৰিয়া; গোবিন্দ প্ৰিযাক গৌৰীকান্ত বৰুৱাত (বৰুৱা অত) বিয়া দিয়ে; এওঁব বৎসল গাভৰুও বুলিছিল। তেওঁৰ পৰাই নৰোৱা গোসাইবংশ বাঢ়ে। কান্তপ্ৰিয়া দেবী গদাধৰ গাভৰু গিৰীত বিয়া দিছিল; তেওঁৰ বংধৰসকলক বিচাৰি পোৱা নাই। চতুভুজ ঠাকুৰ:-অনুমান ১৫১৬ শকত জন্মে। ঠাকুৰৰ ৰূপ :- “তাহান তনয় ভৈলা চতুভুজ নাম। গহীন গম্ভীৰ ধীৰ গুণে অনুপাম। পৰম সুন্দৰ দেহা মদন সমান। ললিত বলিত বাহু পৰম সুঠান। পদ্ম সম বয়ন নয়ন কচিকৰ। দেখতে পৰম সুখ মিলে ভকতৰ। মহা কচিক দেখি চৰণ যুগল। দশণে মাত্ৰ নষ্ট হোৱে অমঙ্গল।” ৬৭ দ্বিজ—বিদ্যানন্দ ঠাকুৰ চৰিত।