পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২৪ কায়স্থ সমাজৰ ইতিবৃত্ত। ব্যাপিণ্ড গাৱৰ এটি ব্ৰাহ্মণ বালক বেপাৰীৰ লগত মাজুলীক আহে আৰু প্ৰভুৰ সাক্ষাৎ লাভ কৰে। গোপালে প্ৰভু দেখি মোহিত হয় আৰু প্ৰভুৰ সঙ্গতে থাকিবলৈ বাঞ্চা কৰে; কিন্তু লগৰ মানুহবিলাকৰ বাধাত থাকিব নোৱাৰি ঘৰলৈ ঘূৰি যায়। পৰবৰ্তী কালত এৰাই প্ৰভুৰ ধৰ্ম গৰি বংশগোপালদেৱ নাম গ্ৰহণ কৰে আৰু কুৰুৱাবাহী, গড়মূৰ আদি সত্ৰ স্থাপন কৰি উজনি অঞ্চলত ধৰ্ম প্ৰচাৰ কৰে। প্ৰভু ধুঞাহাটত চৈধ্য বছৰ থাকে। এই সময়ত প্ৰভুয়ে কীৰ্তনৰ “শিশুলীলা” ৰচনা কৰে। ১৫২৭৩২ খৃঃ অঃ আহোম আৰু আফগানৰ ভিতৰত কলিয়াবৰ আৰু দিকৰাই মুখত দুখন ৰণ হয়। আহোম ৰজাই প্ৰভুৰ শিষ্য সংখ্যা বঢ়া আৰু মাজুলীত ভুঞাৰ প্ৰতিপত্তি ক্ৰমে বৃদ্ধি হোৱা দেখি আশঙ্কা-চকুৰে চাবলৈ ধৰে। আৰু শেষত ভূঞাসকলক হাতীগড় ৰাখিবলৈ নিযুক্ত কৰে। ভূঞাসকলে এই কাম নকৰাত ৰজাই ভূঞাসকলক ধৰি আনিবলৈ সৈন্য পঠায়। ভূঞাসকলে এই সংবাদ পাই কিছুমান নাও ভৰা দি ভটীয়াই গুচি যায়। অহোমে মহাপুৰুষ মাধৱদেৱক আৰু প্ৰভুৰ জোৱাই হৰিভূঞাক আৰু কিছুমানক ধৰি নিয়ে। হৰি আহোম ৰজাৰ হাতত কাটা যায়, মাধৱদেৱ উদাসীন দেখি ৰক্ষা পৰে। তাৰ পাচত প্ৰভৃয়েও সশিয্যে ভটীয়াই কামৰূপ পায় (১৫৩৫ খৃঃ অঃ অনুমান)। লগে লগে শিৰোমণি ভূঞাৰ স্বাধী সূৰ্য্য চিৰকাললৈ ডুব যায়। এই সময়ত কামৰূপ কোচ ৰজা নৰনাৰায়ণৰ হাতত। নৰনাৰায়ণ পণ্ডিত আৰু গুণগ্ৰাহী ৰজা আছি। প্ৰভু যাই প্ৰথমে কাপ, চূণপৰা, কুমাৰকুচি আৰ ঠাইত অলপ অলপ দিন থাকি পাটবাউসীত নিগাবে পাকিবলৈ লয়। ওই সময়তে মহাপুৰুষ শ্ৰীদামোদৰদেৱে প্ৰভুৰ সঙ্গ লাভ কৰে। প্ৰভূয়ে দামোদৰ গুৰু আৰু হৰিগুৰুক নাম ধৰ্ম দি বাহ্ম-সকলক শৰণ কৰাবলৈ আজ্ঞা দিয়ে। কামৰূপ-কমতাৰ ৰজা নৰনায়ণে প্ৰভৃক বৰপেটাৰ গোমস্থা পাতে। প্ৰভুবে ৰজাক এখন বৃন্দাবনী কাপোৰ দি (সই বিষয় ত্যাগ কৰে আৰু ভায়েক ৰামৰায়ক সেই বিষয় দিয়ায়। পাটবাউসীত থকা সময়ত ৰামানন্দ ঠাকুৰক চক্ৰপাণি মজুমদাৰ নামৰ এজন কায়স্থ পণ্ডিতৰ হতুৱাই মজুমদাৰী বিষয় শিক্ষা দিযে। চিলাৰায় দেৱানে ৰামানন্দ ঠাকুৰক ৰাজধানী কোচবিহাৰলৈ নি ৰাজ দৰবাৰত বিষয় দি ৰাখে। ঠাকুৰ অলপ কেই বছৰ মানহে তাত আছিল। ইয়াৰ পাচত প্ৰভু সাত কুৰি ভকত লগত লৈ তীৰ্থ কৰিবলৈ যায়। এইবাৰ বেচি মুফুৰিলে—গঙ্গ', গয়া আৰু শ্ৰীক্ষেত্ৰৰপৰা ঘূৰি আহে। তীৰ্থৰপৰা ঘূৰি আহি প্ৰভুয়ে ৰামানন্দ ঠাকুৰক বিয়া কৰাই দিয়ে আৰু তাৰ কিছুদিন পাচত শ্ৰীমাধৱদেৱ গুৰুক ধৰ্মৰ ভাৰ দি কোচবিহাৰলৈ যায়। চিলাৰায় দেৱনে আগতেই প্ৰৰ ওচৰত ভাগৱতী ধৰ্ম ধৰিছিল। শেষ সময়ত কোচবিহাৰক যোৱাত মহাৰাজ নৰনাৰাষণে প্ৰভুৰ আদেশ মতে ৰাজধানীত এটি মদন মোহন বিগ্ৰহ স্থাপন কৰে; আৰু প্ৰভুৰ ওচৰত শৰ লবলৈ ইচ্ছা প্ৰকাশ কৰে। প্ৰভুৱে প্ৰথমতে ৰজাক ভাগৱতী ধৰ্ম ধৰিবলৈ বাধা দিয়ে; ৰজাই প্ৰভু। উপদেশ মুশুনি বৰ জোৰ কৰাত পিচদিন নিজেই প্ৰয়াণ কৰে। কোচবিহাৰৰ যি ঠাইত প্ৰভুয়ে বা কৰিছিল, তাৰ নাম কাকতটা। ৰামানন্দ আৰু হৰিচৰণ ঠাকুৰে মাধৱদেৱ গুৰুৰপৰা নাম ধৰ্ম গ্ৰহণ কৰে। প্ৰভু প্ৰয়াণ কৰাৰ কিছুকাল পাচলৈকে আই আৰু ঠাকুৰসকল পাটবাউসীত আছিল; পাচত ৰামানন্দ আৰু হৰিচৰণ ঠাকুৰ স্বগী হোৱাৰ পাচত নাতি ঠাকুৰ আৰু আইসকল সুন্দৰীদিয়ালৈ আহে।