পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত। প্ৰভু পুসকল ১ ৰামানন্দ ঠাকুৰ প্ৰভুৰ সাম্বৎসৰিক উৎসৱৰ পচতেই স্বৰ্গী হয়। ২। কমলোচন ঠাকুৰ অলপ বয়সতে স্বৰ্গী হয়। ৩ হৰিচৰণ ঠাকুৰঃ- প্ৰভু চলাৰ সময়ত তেৰাৰ বয়স কম। শ্ৰীমাধৱদেৱ পুৰুষে ঠাকুৰক লিখা পঢ়া শিকায় আৰু ৰামচৰণ ঠাকুৰৰ ভগ্নীক বিয়া কৰাই দিয়ে। মাধৱগুৰু তেৰাৰ শিক্ষক আছিল। “হৰিচৰণ নামে ছোট বেটা শঙ্কৰৰ। পৰম পণ্ডিত যেন গম্ভীৰ সাগৰ।” ঠাকুৰ চৰিত- বিদ্যানন্দদ্বিজ। হৰিচৰণ ঠাকুৰৰ বেচি দিন জীয়াই থকা নাছিল; তেৰাৰ পাচলৈ ভ্ৰমো হৈছিল। (ক) পুৰুষোত্তম ঠাকুৰ : ৰামানন্দ ঠাকুৰৰ পুৰ। এওঁ ১৪৮৪ শকত অৰ্থাৎ পন্থৰ প্ৰমাণৰ সাত বৰ আগতে জন্মে। ঠাকুৰৰ ৰূপ- “পুৰুষোত্তম দেৱৰ যে সুন্দৰ শৰীৰ। গৌৰবৰ্ণ সুগম্ভীৰ দেশস্তে ৰুচিৰ। আযত লোচন যেন পদ্মপল সম। পদ্মসম বদন দেখিতে মনোৰ। অতি মৃদু বাক্য যেন কোকিলৰ স্বৰ।” বিদ্যানন্দদ্বিজ, ঠাকুৰ চৰিত। ঠাকুৰে নঘোষা, বুঢ়াভাইষ, পুৰুষোত্তম গোটাভাগ আৰু নাট কেইখনমান লিখিছিল। নঘোষাত প্ৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ কথা লেখিছে – “শঙ্কৰ স্বৰূপে হৰি সমস্তে জগত জুৰি ভকতি প্ৰদীপ লগাই থৈলা। মাধৱ স্বৰূপে হৰি তাতে তৈল বতি দিয়া অজ্ঞান আন্ধাৰ দূৰ কৈলা॥” পুৰুষোত্তম ঠাকুৰৰ গুণ- ‘জয় জয় পুৰুষ উত্তম গুণে নাহি আৰ। হৰিৰ ভকতি তেন্তে কৰিলা প্ৰচাৰ। পুৰুষোত্তম নাম ধৰি লোেক নিস্তাৰিলা। শঙ্কৰত বিনে গুৰু আন নকহিলা *৮৯৭ পুত্ৰতো অধিক কৰি ভক্তক পালিলা। ভাগৱত শাস্ত্ৰমানে কণ্ঠগত কৈলা॥” ভুষণজি। ২৯