পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজ ইতিবৃত্ত।

পবতকৈও বেচি আগ্ৰহেৰে ধৰ্ম চৰ্চাহে কৰিবলৈ ধৰিলে- এনে অনুমান হল যেন ভগবানে শিৰোমণি ভূঞাক ৰাজ্য চৰ্চাৰপৰা আঁতৰত থাকি ধৰ্ম চৰ্চাহে কৰিবলৈ আদেশ দিলে। তেৰাই কপিলীপাৰৰ কুমাৰ আনি খোল গঢ়োৱালে, ভাওনা কৰিলে আৰু ফাকুৱা উৎসৱ পাতিলে। জয়স্তা-মাধৱে মাজে সময়ে শিৰোমণি ভূঞাৰ কাম চলোৱ ওপৰত কৈ অহা হৈছে। অন্যান্য ভূঞা সকলে এই ব্যৱস্থা ভাল পোৱা নাছিল; বিশেষকৈ বনগঞাগিৰীয়ে সমূলি ভাল নাপাইছিল। প্ৰভু তাৰ্থৰপৰা ঘূৰি আহাৰ পাচত শিৰোমণি ভূঞাৰ কাম সমজি লোৱাৰ আগতে বনগ ফ্ৰাগিণীয়ে গাখীৰ খাবলৈ পালৰপৰা কিছুমান গৰু খেদি অনায়; গোৱালে বাধা দিয়াত বন ঞাগিৰীযে তাক বধ কৰায়। তাকে শুনি প্ৰভুযে বেজাৰ কৰাত বনগঞাগিৰীয়ে উত্তৰ দিয়ে :- বনগঞা বোলে খঙিবাক নাহি যোগ। তোমাৰ সম্পত্তি পিতামহে কৰে (ভাগ। এতেকে আনিলোঁ। ধেনু আমাৰ গৃহক।২০৮০ ৰামচৰণ ইষাৰ ফলত ভূঞাসকলৰ স্বভাৱ প্ৰায় গাগুটীয়া। এই সমযত ভূণাৰাজ্যৰ প্ৰাকৃতিক অৱস্থাও বহু • পৰে। ব্ৰহ্মপুত্ৰৰ সুতীবোৰ প্ৰায মৰি যাম আৰু ব্ৰহ্মপুতে স্থিৰ গ•ি ধৰি বটদ্ৰবৰ উত্তৰেদি ববলৈ

ইষাৰ প চত ভূঞাসকলৰ লগত কছাৰীৰ পুনৰ ৰণ হয়; ভূঞাসকলৰ এক বান্ধ ঢিলা হোৱা • ৭ কছাৰৰ উৎপাত ক্ৰমে বেচি হবলৈ ধৰিলে; শে৩ প্ৰভূন আদেশ মতে ভূঞাসকল উৰ পাৰৰ ৰাজ্যলৈ গৈ প্ৰথমে ভালুকাগুৰি, পাচত কোমোৰাকুটাত থাকেগৈ। এই সময়ত বুঢ়াখাৰ পুত্ৰ কেতেখাঁ গাংমৌত থাকি ভুঞা ৰাজ্যৰ সীমান্ত ৰক্ষা কৰিছিল। প্ৰভুৱে কামোৰাকুটাত অসুচল পাই কেতেখাৰ নগৰলৈ যায়; শত প্ৰবে হাট বাটি পাতিলে, নাম ঘৰ • fণট সজালে; আৰু ভূঞাসকলক লুইতৰ মুখলৈ এঘৰ এঘৰবৈ বহুৱালে গাংমৌতে প্ৰৰ পুত্ৰ ৰা নল, কমললোচন আৰু হৰিচৰণ ঠাকুৰৰ জন্ম হয়। ইযাত প্ৰভু ৭২ বছৰ বাস কৰে। ইয়াত থক। ব'শত প্ৰভৃৱে বাত্য চৰ্চা ত্যাগ কৰি কেৱল ধৰ্ম চৰ্চাহে কৰিছিল। আৰু ত্ৰিহুতৰ জগদীশ মিত্ৰে ইয়াতে প্ৰভৰ আগত ভাগৱত পাঠ কৰিছিল। কীৰ্ত্তনৰ পাষণ্ডমৰ্দন, অজামিল উপাখ্যান, প্ৰহ্লাদ চৰিত ইয়াতেই ঠিত হয় আৰু জযন্ত-মাধৱ ইয়াতেই স্বগী হয়। ইয়াত থকা সময়ত অ'হোম ৰজা চুহুংমু বা স্বৰ্গনাৰায়ণে চুতিয়া ৰাজ্য অধিকাৰ কৰি সোৱনশিৰীৰ পূবৰ সমস্ত ভূঞাৰাজ্য ভৰলী নদীলৈ জয় কৰে। স্বৰ্গনাৰায়ণে সেই সময়ত দক্ষিণ কুলেও কলিয়াবৰলৈ ভয় কৰিছিল; সেই কাৰণে প্ৰভূবে স্বাধীন ভাৱে থাকো বুলিয়েই বোধহয় মাজুলীত সোমায; ‘ণ ৰোল সুতীৰ কাষত ধৰ্মৰ হাট পাতিলে (অনুমান ১৫১৭ খৃঃ অঃ)। এই ঠাইয়েই পাচত ধুঞাহাট হষ; আৰু পৰবৰ্তী কালত ই বেলগুড়ি নাম পায়। এই ধুঞাহাটত কিছুদিন থকাৰ পাচত মহাপুৰুষ মাধৱদেৱ পুৰুষে প্ৰভুৰ সঙ্গ লাভ কৰে। এই ম্যৰপৰা প্ৰভু মাহাত্ম্য চাৰিওফালে বেচিকৈ প্ৰচাৰ হবলৈ ধৰে। সেই কালত ৰংপুৰ, গোৱালপাৰা আদিৰপৰা কিছুমান বেপাৰী আছি মাজুলীত বেপাৰ কৰিছিল। এই সমযত গোপাল নামৰ ৰংপুৰ জিলাৰ