পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ কায়স্থ সমাজৰ ইতিবৃত্ত। বুঢ়াখা নামৰ প্ৰভুৰ এজন পেহাক আছিল। তেওঁ টেম্বৱানীৰ পশ্চিমফালে কুজী বিলৰ কানত “দোপদৰ সাজি পশ্চিমখণ্ড ঠাই শাসন কৰিছিল। বুঢ়াখাই প্ৰভুক টেঘুৱানীত থকা আগৰ ভূঞাসকলৰ ভেটিবোৰ দেখুৱাই দিয়াত সেই সেই ভেটিত পূৰ্বৰ ভূঞাৰ বংশধৰসকলক বসতি কৰিবলৈ আদেশ কৰে আৰু তেৰাই নিজেও পিতামহৰ ভেটিত ঘৰ কৰে। এই সময়ত প্ৰভুৱে পিতৃৰ সৰিয়হ তলীত এটি নামঘৰ সাজি ধৰ্ম-চৰ্চা কৰিবলৈ ধৰে। লাহে লাহে বহুতে তেৰাৰ পৰা ধৰ্মতত্ব শুনিবলৈ ধৰিলে। পাচত কিছুমানৰ অনুৰোধত তেৰাই বৈকুণ্ঠৰ পট এখনি আঁকি এটা ভাওনা (সভা) কৰি দেখুৱায়। এই সভাত তেৰাৰ নানা অলৌকিক কাৰ্য্য দেখি বহুতে তেৰাৰ ওচৰত শৰণ লবলৈ ইচ্ছা প্ৰকাশ কৰে। সেই সকলৰ অনুৰোধ এৰাব নোৱাৰি প্ৰভুৱে পিচদিন “উদ্ধৱ সংবাদ” নামৰ পুথি এখনি ৰচনা কৰি পোনতে তলত নাম দিয়া কেইজনক ভৱবন্ত প্ৰভুত শৰণ লগায় :- কবিৰত্ন বিদ্যাৰ ৰাম সৰস্বতী। আহিল। বিপ্ৰ সব সেৱা কৰিবাক প্ৰতি॥১৪৬৮ ৰাম ৰাম গুৰু চতুভুজ দুয়োজন। শঙ্কৰৰ পাশে চলি গৈল। তেতিক্ষণ। X X x ৰাম ৰাম গুৰু আগে বস্ত্ৰ পসাইলন্ত। পুস্তকক লা»ি দণ্ডবৎ কৰিলন্ত। পণ্ডিত গহন যত বিপ্ৰ আসি আছে। বুঢ়াখায়ে। সবজয় উঠল পাছে॥ বলোৰাম উদাৰ শ্ৰীৰাম জয়ৰাম। হৰিদাস বনিযা হৰিহৰে এৰি কাম॥১৪৭৯ সবাহনে আপোনাৰ কাপোৰ খসাই। দণ্ডৱতে পৃথিবীত পেলাই নিজ কায়। এই সময় ও তেৰাৰ নাম “জগন্নাথ” হয' এই সময়ত প্ৰভুৱে টেম্বৱানীৰ ওচৰেদি বোৱা টেম্পৰাণ জান ৰাধিকা নামৰ কৈবৰ্ত জাতীয় তিৰোতাৰ হতুৱাই বন্ধ কৰোৱায়। তেতিয়াৰ পৰা এই জানৰ নাম “শাস্তিজান” হয়। ইয়াৰ পাচত খৰালি ভক্তসকলৰ খোৱা পানীৰ অভাৱ দেথি চণ্ডীবৰে ৰোৱা এজোপা বটবৃক্ষ নিশাৰ ভিতৰতে দ্ৰৱ কৰি সেই ঠাইত অৰ্ধচন্দ্ৰাকাৰ এটি পুখুৰী নিৰ্মাণ কৰে; এই পুখুৰীষে। পাচত আকাশ গঙ্গা নাম পায়। ইয়াৰ কিছুদিন পাচত প্ৰভুৰ পত্নী বিয়োগ হলত ৰাম ৰাম গুৰু, মহেন্দ্ৰকন্দলী, নামজয়, হৰিজষ, ধ্বজা, কমলিবৰা আদি সোতৰজন ভক্তেৰে সৈতে তীৰ্থ ভ্ৰমণ কৰিবলৈ যায়; জয়ন্তাৰ ওপৰত পুনৰ শিৰোমণি ভূঞা-বাব পৰে। প্ৰভুয়ে গঙ্গা, গয়া, কাশী, মথুৰা, পুৰুৰ, দ্বাৰকা, ৰামেশ্বৰ, ক্ষেত্ৰ আদি ভাৰতৰ প্ৰধান প্ৰধান তীৰ্থবোৰ পৰ্যটন কৰি বাৰ বছৰৰ মূৰত ঘৰলৈ ঘূৰি আহে। প্ৰভুৰ ওপৰত পুনৰ ৰাজ্য চৰ্চাৰ ভাৰ পৰে আৰু পিতামহ বিশেষ পিতামহী খেৰতী আইৰ অনুৰোধ এৰাৰ নোৱাৰি পুনৰ কালিশী আইক বিবাহ কৰে (অনুমান ১৫০০ খৃঃ অঃ)। গুৰুৰ কিন্তু বিষয়ত মন নবহিল। তেৰাই