পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ২২১ সেহি ৰাত্ৰি ভেতিলেক কছাৰী লঙ্কৰে। পলাইল সকল লোক গাৱৰ কাপোৰে। X X X

. ফুৰি ফুৰি গ্ৰাম দেশ কৰিলা উচন। তিন দিন থাকি তৈত বিচাৰিলা ধন। গুৰুচৰিত-ৰামচৰণ। কছাৰীৰ উপদ্ৰবত কুসম্বৰৰ বনৰ মাজত আছিল; আৰু সেই সময়তে অনুতী আইৰ গৰ্ভত বনগা ৰীৰ (শ্ৰীমন্ত শঙ্কৰ অনুজ) জন্ম হয়। এই ঠাই পাচত এখন নগৰত পৰিণত। ইষাৰ কিছুদিত পাচত সকলো 5ঞা আলিপুখুৰীত গোট খায় আৰু কছাৰীৰ লগত ৰণ কৰে। ক। পলী মুখত কছাৰীৰ লগত সৈন্য আছিল; ভূঞাসকলে পানীৰণবা দৈ কছাৰীক দুই ফালৰ পৰা আক্ৰমণ কৰি সমস্ত কছাৰীক পৰাস্ত কৰি ঢেৰ ধন-সোণ পায়; ভূঞাসকলে সেইবোৰ নাৱত ভৰাই লৈ আহে। তাৰ পাচত ভূঞ'সকল বনগাৱক আহে। ইয়াৰ কিছুদিন মূৰত শিৰোমণি ভূকা পুনৰ আলিপুখুৰীলৈ হহে। অলিপুখুৰীত সকলোবে যুদ্ধ জয়ৰ উৎসৱ কৰি বাৰভূঞা আদি সত গৈলা ঘৰঘৰি।” শ্ৰীমন্ত শঙ্কৰৰ পাঁচ বছৰ বযসত পিতৃ কুম্বৰ স্বৰ্গী হয় অনুষ্কৃতি আই স্বামীৰ লগত সতী যায়। ' শঙ্কৰৰ মাতৃ সত্যসন্ধ্যা আই শ্ৰীমন্ত শঙ্কৰৰ জন্মৰ তিন দিন পাচতেই স্বৰ্গী হৈছিল; সেই গতিকে টা আই ( থত দেবীয়ে প্ৰক আৰু বনগঞাগিৰীক ডাঙৰ কৰিবলৈ ধৰিলে। কম্বৰৰ মৃত্যুৰ পাচত প্ৰভুৰ পিতামহ জয়ন্তা আৰু মাধব শিৰোমণি ভূঞাৰ কাম চলালৈ ধৰিলে। এ 14 বছৰ বযসত প্ৰভূক উত্তৰী দিয়ে আৰু মহেন্দ্ৰ কন্দলী নামৰ অধ্যাপকৰ ওচৰত পঢ়িবলৈ দিয়ে। প্ৰমে ১৭ বছৰ বয়সলৈ পঢ়াশালিত পঢ়ে; আৰু এই কেই বছৰৰ ভিতৰতে প্ৰাণ, স্মৃতি, উপনিষদ, বদান্ত, ভাগৱত অদি শাস্ত্ৰ পটি পণ্ডিত হৈ উঠে। পঢ়াশালিত পঢ়ি থাকোতে প্ৰভুৰ প্ৰতিভা দেখি অধ্যাপকে ‘শঙ্কৰদেৱ” বুলিবলৈ ধৰে। গুৰু গৃহৰ পৰা আহি প্ৰভুৱে যোগ অভ্যাস কৰে। চৰিতত পোৱা যায়—হেৰাই যোগ কৰি পানীৰ তলত বহি আহিছিল, আৰু কোনো সময়ত বায়ু নিৰোধ কৰি বুঢ়া আঙ্গুলিৰ ওপৰত সমস্ত শৰীৰ ৰাখি আছিল। খেৰতী আৰু জান্তাদেৱে বহুত যত্ন কৰিও প্ৰভুক যোগ পথৰপৰা নিবৃত্ত কৰিব নোৱাৰি শেষত জোৰ কৰি সূৰ্যৱতী আইক বিয়া কৰাই দিয়ে; আৰু ৰাজ্য চৰ্চাৰ সমস্ত কাকত তেৰাক সই দিয়ে। জয়ন্তা মাধৱ দুয়ো প্ৰিয় বাক্যে আশ্বাসিয়া সম্বধি বুলি শঙ্কৰক। তোমাৰ পিতৃৰ লোক তোমাতে থাটোক বাপ চৰ্চিয়োক পূৰ্ব বিষয়ক॥১৫৪

ভূষণ বিজ। প্ৰভূয়ে প্ৰথমতে বৰ আপত্তি কৰে; জয়ন্তা-মাধৱে মুশুনি কাকত পত্ৰ সোধাই দি শিৰোমণিভূঞা পাতে। প্ৰভুৱে বাধ্য হৈ ৰাজ্য চৰ্চাৰ ভাৰ লয় আৰু আলিপুৰীৰপৰা টেৱানীলৈ ৰাজধানী তুলি আনে। “সবে হতে পাছে টেম্বনীক লড়িলা॥১৫০৫ ৰামচণ