পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

• কায় সমাজৰ ইতিবৃত্ত। on প্ৰায় স্বাধীন ভাৱে বাস কৰিছিল। চণ্ডীবৰে লগত কিছুমান লোক লৈ কাজলী মুখেদি বৰ্তমান নগাওঁ জিলাৰ উত্তৰ অঞ্চলত সোমায়; আৰু তাৰ কিছুমান ঠাই অধিকাৰ কৰি কুঠাৰভুবি নামে ঠাইত কোঠ কৰিলে। এই ঠাইত পানীৰ উপদ্ৰব বেচি দেখি অলপ দিন পাচতে ফটাশিমলুল নামৰ ঠাইত হাটি-বাতি পাতি থাকে। এই ঠাইত তেওঁ কিছুমান আলি আৰু পুখুৰী খন্দায়। পৰবৰ্তী কালত এই ঠাইয়েই আলি পুখুৰী নাম পায়। কিন্তু এই ঠাইতে ব্ৰহ্মপুত্ৰৰ পানীয়ে অনিষ্ট কৰিবলৈ ৰাত তেওঁ উজাই গৈ উত্তৰ পাৰে প্ৰথমে গোগেশ্বৰ পাচত ৰৌটাত গৈ থাকে। বৌটাত থাকি তেওঁ বৰগাং নৈৰ ওচৰৰ গাংগোলে ৰাজ্য বিস্তাৰ কৰে। তেতিয়া চণ্ডীবৰৰ ৰাজ্য উত্তৰে ৰোঁটাৰপৰা দক্ষিণে কপিলী আৰু পূবে গাংমৌৰ পৰা পশ্চিমে বৰনদীলৈ হয়। আৰু তেতিয়া তেওঁ ৰাজ্যৰ মাজ ঠাই টেনুৱানী বন্ধ ৰাজধানী পাতি বাস কৰিবলৈ ধৰে। ই আগৰ ফটাশিমলু বা আলি পুখুৰীৰপৰা বাৰ মাইলমান দক্ষিণ পূৰ্বত। উওৰপাৰে গোপেখৰত এটি শিবলিঙ্গ আছিল; চণ্ডীবৰে তাৰ পূজা-সেৱা চলাবলৈ ধৰে। শিৰোমণি ভূঞাসকলে কেইবা পুৰুষলৈ ইয়াৰ সেৱা-পূজাৰ ব্যৱস্থা কৰিছিল। এই সময়ত ফটাশমলু বা আলিপুখুৰীৰ কাষেদি ব্ৰহ্মপুত্ৰ বয়; দক্ষিণ ফালৰ ব্ৰহ্মপুত্ৰৰ সুতীবোৰ মৰিবলৈ তাকে দেখি ৰাধৰৰ দিনত টেৱনীৰপৰা ফটাশিমলুৰ তললৈ ৰাজধানী তুলি নিয়ে। তত আগৰ আলিপুখুৰী আহিল দেখি মানুহে আলিপুখুৰী বুলিছিল; ভূঞাসকলেও তাৰ নাম আলি- পুখুৰীকে ৰাখিলে » ৰাজধৰৰ পুত্ৰ সূৰ্যবৰ, তৎপুত্ৰ কুসুম্বৰ আলিপুখুৰীতেই শিৰোমণি ভূঞাৰ গাদিত বহে। কুসুম্বৰৰ কপিলী গাই এজনী আছিল; তাই প্ৰতিদিন ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈছিল আৰু গোপেশ্বৰৰ শিৱক গাখীৰ দিছিল। কুসুম্বৰেও মাজে সময়ে সস্ত্ৰীক গোপেশ্বৰত পূজা কৰিছিল। শ্ৰীমন্ত শঙ্কৰ সূৰ্য। আলিপুখুৰীতে আবিৰ্ভাব হয় (১৪৪৯ খৃঃ)। এৰাৰ তেৰ মাহ বয়সত কছাৰী ৰজাই শিৰোমণি ভূঞাৰ প্ৰভাব সহিব নোৱাৰি তেওঁৰ ৰাজ্য হঠাৎ আক্ৰমণ কৰে। কুসুম্বৰে ভূঞাসকলক জান। দিবলৈ সময় নেপোৱাত কছাৰীয়ে ৰাজধানী লণ্ডভণ্ড কৰে। আশ্বিন মাসত জল বাঢ়ে অৰ্ধাঅন্ধ। ফুৰিবে নপাৰি তৰে কৰে অতি বন্ধ॥১০২০ এহিমতে আছা তৈত কুসুম মহন্ত। জান্ত মাৰিৰে কছাৰী আসিবন্ত। X শুনি ভূঞাগণে অতি মনে ত্ৰাস ভৈল। আলিপুখুৰীৰ লোক হাবি মাজে গৈল।

  • দুইধিক ৰাধৰ যৎসৰ যে বাঠি।

দেখে অল সলে শত সবে কৰে মাটি॥২২৮ আলিপুখুৰী যে নামে গ্ৰাম এক আছে। সব লো তুহিকে গৈলন্ত উঠি পাছে। গুচৰিত-ৰামচৰণ।