পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ফুৰিছিল। সিবিলাকৰ বংশধৰসকল বৰ্তমানে তলত লিখা ঠাইবোৰ সত্ৰ পাতি। (১) দীঘলী-বালিচাপৰি (যোৰহাট)। (২) চামগুৰি পুৰণি সত্ৰ, (যোৰহাট)। (৩) নতুন স (যোৰহাট)। (৪) ভোগবাৰী সত্ৰ (নগাওঁ)। (৫) কুৰোবাহা সত্ৰ (বৰপেটা, কামৰূপ)। (৬) গৌৰীপুৰ, কোচবিহাৰ)। (৭) দলঙ্গিয়াল (নগাওঁ)। (৮) চৰাইখোৰং. (নগাওঁ)। (৯) চামগুৰি নগাওঁ)। চতুভুজ ঠাকুৰদেৱৰ ২য়া কন্যা সুমিত্ৰা আইৰ বংশধৰে (গোৱালপাৰা) বিষ্ণুপুৰ আৰু সিলাজৰিত (কামৰূপ) সত্ৰ কৰি আছিল। সিবিলাকৰ বংশধৰ নাথাকাত শলগুনীয়া গোসইঘৰৰপৰা পোয় এই কৰে; বৰ্তমানে সেইসকলে উক্ত সত্ৰ দুখানি চলাই আছে। - ৭৷ ৰামচৰণ ঠাকুৰৰ ধৰ্ম প্ৰচাৰ- বিখ্যাত ৰামচৰণ ঠাকুৰদেৱৰ বংশধৰসকলেও প্ৰভুৰ ধৰ্মকে ধৰি প্ৰচাৰ কৰি আছে। সিবিলা বংশধৰসকল বৰ্তমানে তলত নাম দিযা ঠাইবোৰত সত্ৰ পাতি আছে :- (১) সুন্দনীদি (কামৰূপ), (২) বামুনা (কামৰূপ), (৩) বামাখাতা (কামৰূপ), (৪) দলগোমা ( ৱািল পাৰা), (৫) থেকা পাৰা (গোৱালপাৰা), (৬) জমলে, টিপূলে, গুৱাগাছা (কামৰূপ), (৭) বালিজানা (গোৱালপাৰা), (৮) নাওকাটা (গোৱালপাৰা), (৯) গৌৰীপুৰ। (১০) ছত্ৰশাল (গোৱালপাৰা)। (১১) ঠাকুৰ পাৰা (ছযগাওঁ)। (১২) সুন্দৰীদিয। সত্ৰ তেজপুৰ-দৰঙ্গ)। ৮৷ অন্যান্য কায়স্থ ধৰ্মাচাৰ্যসকল (ক) শ্ৰীশ্ৰীদামোদৰ গুৰুৰপৰা অজ্ঞা পোৱা মনোহৰদেৱৰপৰা বাটা সত্ৰ- কায়স্থ সত্ৰাধিকাৰ—(১) শিং (কামৰূপ)। (২) ন সত্ৰ (কামৰূপ) (৩) কাপ (কামৰূপ)। (২) শ্ৰীশ্ৰীমাধৱদেৱৰপৰা আক্তা পোৱা সত্ৰ- কায়স্থ সত্ৰাধিকাৰচাৰাবৰি (কামৰূপ)। (গ) কালশিলাৰ অনন্ত ঠাকুৰ আতাৰপৰা বা সূত্ৰ কায়স্থ সত্ৰাধিকাৰ—(১) নাকাটা (নগাওঁ)। (২) তামুলীবাৰি (নগাওঁ)। (৩) দলৈচুবা (নগাওঁ)। (৭) বৰি (নগাওঁ)। আমি ওপৰত মূল সত্ৰবোৰৰহে নাম দিলো। ইয়াৰপৰা বৰ্তমানে আৰু কিছুমান সত্ৰ বাঢ়িছে। ৯। বিষয়া সত্ৰ আৰু সচঙ্গ- কামৰূপৰ বিষয়াসকলে আহোমৰাজাৰ দিনত ধৰ্মাৰ্থে কিছু কিছু ভূমি দান গ্ৰহণ কৰিছিল। আহোম- কাজে ভূমি দান কৰা পত্ৰবোৰ দেখিলে বুজা যায় সেইসকল বিষযাক নিত্য প্ৰসঙ্গ কৰি ৰাজাৰ মঙ্গল বামনা কৰি থাকিবলৈ আদেশ কৰিছিল। এই বিষয়াসকলে নিজে ধৰ্ম প্ৰচাৰ নকৰিলেও সদায় বিষয় চাৰ লগতে ধৰ্ম-চৰ্চা কৰি আছিল। বামৰূপৰ প্ৰায় সকলো কাষস্থবংশই এইদৰে ধৰ্মোত্তৰ ভূমি লাভ কৰিছিল। এই ধৰ্মোত্তৰ দান পত্ৰবোৰৰ কিছুমান আমি সংগ্ৰহ কৰি প্ৰত্যেক বংশৰ পুৰুষীমাৰ লগত মোগ কৰি দিছে। কিন্তু আমি সংগ্ৰহ কৰা কাকতৰ সংখ্যা নিচেই কম, নানা কাৰণত আমি সংগ্ৰহ কৰিব নাৱাৰিলে॥