পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত জয়তি মাধৱ হৰি বল এবাম। মুল গোপাল মাধৱ টিম। শিৱানৰ সতান মথুৰা জয়ানন্দ। অভয়চৰণ যদুমণি সানন্দ। সন্ত বিহু ৰঘুনাথ মুখাৰি মাধৱ। ৰঘুপতি ৰঘুনাথ জয়ন্তা যাদৱ। বাম কামদেৱ ভাল জগয়তি। পৰিক্ষিত পঞ্চানন শিৱ চিৰিপতি। এৰামচ বনমালি জনাৰ্দন। অনন্তু লঙ্কণ বিভলক্ষ্মীনাৰায়ণ। ৰাম ৰামহৰি গোবিন্দ কেশৱ। মথুৰা ৰাৰ হৰি মুকুন্দ যাদৱ। জয়ৰাম জয় বিষ্ণু জৱন গোপাল। কৃষ্ণই হৰিচৰণ ৰাতুল দয়াল। খামধন ৰামধন হৰিধন কাম। গোপালচৰণ আৰু মত্তাকি স্যাম (?)। জগত মোহনি যদুবৰ জগধৰ। ভৱানৰ চাৰুভদ্ৰ গতি শশধৰ। সদানন্দ জয়ানন্দ হৃদয় আনন্দ। নিত্যানন্দ জয়ানন্দ সত্য সৰ্বানন্দ। কামেশ্বৰ কামুৰাম সুৰবিশ্বম্ভৰ। হৰিগতি ৰামগতি সg, মাধৱৰ। গদাধৰ চক্ৰপাণি পদ্মপাণি ৰাম।. বাসুদেৱ অনিক তুলাধৰ কাম। সন্তভূষণ জনাৰ্দন পদ্মপাণি। নাৰায়ণ হৰিবভক ভাল জানি। পাগল সদা বামন গোপাল। গৌৰাঙ্গ জাদৱ ৰমৰাই কপাল। এই সাতকুৰি ভক্ত গাই থাকে নাম। শঙ্কৰক আবৰিয়া থাকে অবিশ্ৰাম। এসম্বাৰ পদৰেণু অৱিলাস মনে। একেবাৰে প্ৰণ মোহো সবাৰ চৰণে।” “ভকতৰ বান্ধৱ মাধৱলৰ হৰি। কুসুমৰ ঘৰে আসি অৱতাৰ ধৰি। সংসাৰি শলাকক কৃপা কৰিলা অপাৰ। কৰুমে নাম ধৰ্ম কৰিল প্ৰচাৰ। হেনয় গুৰুৰ দুই অভয় চৰণ। কায় বাক্যমনে তাত পশিলে। শৰণ | অনাদি জনমে যাক কৰ্ণে মুশুনিলো। হেনয় দুৰ্লভ হাততে লভিলে॥ গুৰ পৰম গুৰু দেৱতাৰো দেৱ। তোমাৰ চৰণে লক্ষ কোটীবাৰ সেৱ। দামোদৰ দাসৰ তাৰ দাস। ৪৷ এ নাতিসকলৰ ধৰ্মপ্ৰচাৰ :- ৰামানন্দ ঠাকুৰৰ পুৰুধোত্তম নামে এটি পুত্ৰ আৰু ৩য় পুত্ৰ হৰিচৰণঠাকুৰৰ চতুভুজ ঠাকু নামে এটি পুত্ৰ আছিল। এই দুইজনেই মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ পুৰুৰৰপৰা ধৰ্ম গ্ৰহণ কৰে। এই দুইজন গুৰু নাতিয়ে কামৰূপ গোৱালপাৰা, কোচবিহাৰ, ৰংপুৰ আদিত ধৰ্ম প্ৰচাৰ কৰিছিল; আৰু দুয়োজন নাতি গোসাঁইয়ে বহুতক ধৰ্মাচ পাতি উজনীলৈ ধৰ্মপ্ৰচাৰ কৰিবলৈ পঠাইছিল। উজনীৰ বহুত ব্ৰাহ্মা আৰু অন্যান্য জাতি ধৰ্ম পিপাসু পুৰুষ পাটবাউসা, বিষ্ণুপুৰ আদি ঠাইলৈ গৈ এই নাতি গোসাই দুজনাৰপৰা ধৰ্ম গ্ৰহণ কৰি উজনীত প্ৰভু শ্ৰীমন্ত শঙ্কৰৰ মত প্ৰচাৰ কৰিছিল। এইবোৰ কথা বহলাই কোৱা ই স্থান নহয়। পুঘোত্তম ঠাকুৰদেৱ পুৰুষে পাতা আচাৰ্যসকলক বৰ ৰাৰনীয়া আৰু চতুজ ঠাকুৰদেৱ পুৰুষে পাতা আৰ্যসকলক গৰু বাৰনীয়া বলে।