পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজৰ ইতিবৃত্ত। সম্ভৱতঃ ইয়াৰ পাচৰপৰাই শ্ৰহৰিগুৰুৰ নাম বৰ বেচিকৈ প্ৰচাৰিত হয়; আৰু ইয়াৰ মাজেই সম্ভৱতঃ কামৰূপৰ বিষয়া কায়স্থ ভূঞাসকলৰ, প্ৰভু শ্ৰীমন্ত শঙ্কৰৰ প্ৰচাৰিত ভাগৱতী ধৰ্মৰ প্ৰতি আসক্তি বাঢ়ে। ক্ষেত্ৰিৰ গোমস্তাভূঞা ভোগীৰথ, ঘিলাঝাৰি, শুকাইকুচি, মাখিবাহা, পকোৱা, বালিকৰিয়া, খাতা আদিৰ বিখ্যাত বিখ্যাত কাস্থবংশে শ্ৰহৰিগুৰুত আৰু তেওঁৰ বংশধৰসকলৰ ওচৰত শৰণ লাভ কৰে। প্ৰভু শ্ৰীমন্ত শঙ্কৰে পাতা প্ৰধান আচাৰ্য্য শ্ৰহৰিদেৱ, ঐশ্ৰীদামোদৰদেৱ, নাৰাষণ ঠাকুৰ আৰু শ্ৰীশ্ৰীমাধৱদেৱ। * (১) শ্ৰীশ্ৰীহৰিদেৱে পাতা প্ৰধান আচাৰ্য্য “এহি বুলি আদেশ কৰিলা দেৱ হৰি। যাযো। যদুমণি তুমি উজান নগৰী। X X X পাচে হৰিচৰণক মেধি যে পাতিলা। মাল। দিযা জাৰাব আদেশ কৰিল। নাৰায়ণদেৱক প্ৰভু আনিলন্ত মাতি। মালা দিযা মেধি পাতি হাতে দিলা বাতি। শুভাক চলিযে। হেৰা কৰিলো আদেশ। শুদ্ধ সত্য ধৰ্ম তুমি কহিবা নিঃশেষ। পাছে জগন্নাথক ( মেধি পাতি থৈলা। বৈণাকুচিক যা বুলি আদেশ কৰিলা। বাণেশ্বৰ উদাৰ (গগাবিন্দ) প্ৰভৰ লগে ৰৈল॥ নিগুণ ভকতি দুয়োকো সকলে কহিলা॥ বৰ তাতি আদি কৰি বাৰ ঘৰ তাতি। তাসধা থৈলা বহৰিত মেধি পাতি।” শ্ৰীশ্ৰীহৰিদেৱ চৰিত-১১০ পৃষ্ঠা। শ্ৰীশ্ৰীহৰিদেৱৰ মুখ্য মেধি চাৰিজন—১ যদুমণি (মাহা), ২ হৰিচৰণ (জাগৰা), ৩ নাৰায়ণদেৱ (শুভ), ৫ জগন্নাথ (বৈকুচি)।

  • ৰুদ্ৰ যামালৰ মতে সাতজন :--

শঙ্কৰাৎ সপ্ত ভবিষ্যন্তি আচায্য হৰিতৎপৰা। ৰাম ৰাম কৰিশ্চৈব দামোদৰ ইতি বিপ্ৰাঃ। মাধৱশ্চৈব তথ্য আসীৎ নাৰায়ণ। মনু হৰি হৰিশ্চৈব এতে তৎ ধৰ্মধাকা। আচাৰ্য সংহিতা মতে- “কুসুমমা আমতঃ ভাবি কায়স্থঃ সুমহাষণাঃ। মামি বটদ্ৰবা গ্ৰামে তজয়া সত্যসন্ধিকা। পসঃ কুসুম মহাত্মনঃ। মতিউতি শুভ শিবলিঙ্গ পুজনে। তন্মাৎ সপ্ত ভৱিন্তি আচাৰ্যঃ হৰিতৎপৰাঃ। ৰাম ৰাম কৰিশ্চৈব দামোদৰ ইতি মিজাঃ মাধৱবৈ তমুখ্য আসীৎ নাৰায়ণ। মধু হৰি হৰিশ্চৈব এতে তৎ ধৰ্মৰকাঃ॥” + গুৰু চৰিতত দুণিদেৱ মাধৱদেৱৰ আজ্ঞাপৰ বুলিহে।