পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। মানেৰীত বিজগণ প্ৰবেশিকা গই। পৰম পণ্ডিত বেদগৰ বিপ্ৰগণ। তাসাম্বাৰ নাম শুনা সবে দিয়া মন। যদুমনি জগন্নাথ আৰু সন্ত দেউ। গোপাল যে ভট্টদেৱ ভগবান দেউ। হৰিচৰণ নাৰায়ণ আৰু সৰু গুৰু। বংশীদেৱ বলদেৱ আৰু বৰ গুৰু। X + X দ্বিজগণে বোলে প্ৰভু শুনিও বচন। এক তোলা বিষ লই আসিছে। তযু ১ান। X X চৈতন্যক আদি কৰি শঙ্কৰ দামোদৰ। সবে মিলি পাঠাই আছে আশ্ৰমে তোমাৰ। নাই বিষ পান কৰে বুলিল। গোসই। মহন্ত সবৰ যদি হাত আছে পাই। এহি বুলি কি কৰিলা প্ৰন্থ পান।” ১০১-১০৩ পৃষ্ঠা। শ্ৰীহৰিদেৱ চৰিত—দ্বিজ বানেশ্বৰ আৰু দিবাক। পাচত শ্ৰীহৰিগুৰুৱে সেই গৰ্বী বিপ্ৰসকলক শৰণ দিবলৈ অস্বীকাৰ কৰে। ব্ৰাহ্মণসকল বেজাৰ মনে ঘৰলৈ উলটি গল। পাচত পুনৰ গুৰুৰ ওচৰত উপস্থিত হয়, তেতিযাও গুৰুৱে স্বীকাৰ নকৰাত সেই বিদ্যাভিমানী বিপ্ৰসকল ঘৰলৈ ফিৰি যায়। এইসকলৰ ভিতৰৰ চাৰিজনে পুনৰ আহি হৰিগুৰুৰ ওচৰত ক্ষমা খুজি ভক্তি মাগাত তেওঁলোকক শৰণ দিযে। এওঁলোকক উপদেশ দিওঁতে এইদৰে কৈছিল— “প্ৰথমতে কহে শুনা ধৰ্ম ভাগৱত। যাক জানি নৰ সুখে তৰে সংসাৰত। হৰিৰ একান্ত ভক্ত যত নিৰন্তৰ। হৰি যেন মানি তাৰু কৰি সাদৰ। X X X এৱণ-কীৰ্তন ধৰ্ম কৰিবা সদায। ভাগৰত পৰ্মৰ এহিসে অভিপ্ৰায়। বেদৰ বিহিত কৰ্ম সদায় কৰিবা। কদাচিতে মহত্তক নিলা নকৰিবা। প্ৰাণী হিংসা নকৰিবা কৈলো সাৰেসাৰ। প্ৰাণীৰ হিংসাত পৰে পাপ নাহি আৰ।” ১০৯-১১০ পৃষ্ঠা। হৰিগুৰু চৰিতবানেশ্বৰ আৰু দিবাক।