পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত ভৈলা সবে কাচ পাৰ গুৰু বাক্য কৰি সাৰ আনন্দৰ পাৰ কুল নাই॥৩০৪৮|| শ্ৰীহৰিগুৰুৰ সত্ৰৰ নাম মানেৰী আছিল। সত্ৰৰ নাম মানেৰী হোৱাৰ কাৰণ হৰিগুৰু চৰিতত এইদৰে আছে :- “শুনিযোক কথা আবে আত অনন্তৰে। শঙ্কৰে বুলিলা শুনা দ্বিজ দামোদৰে। অদভুত কৰ্ম তান দেখিযো সম্প্ৰতি। সমস্ততে বঢ়া হৰিগুৰু মহামতি। এতেকে চলিয়া আমি যাওঁ মানেৰীক। দৌল ভিঠি বান্ধি মান “কাৰাহো” তেওঁক। এহি বুলি চলিলা শঙ্কৰ-দামোদৰ। লগত চলিল। আন ভক্ত নিৰন্তৰ। এহি মতে চলিয়া গৈলেক তিনিজন।” x X X X সাত দিন সাত ৰাত্ৰি যাত্ৰা আৰম্ভিল॥ যাত্ৰা সাঙ্গ কৰি পাছে প্ৰসাদ ভুঞ্জিল। ৯৯ পৃষ্ঠা। শ্ৰীহৰি গুৰুৰ গৌৰৱ বৃদ্ধিৰ অৰ্থে এইদৰে প্ৰভু শ্ৰীশঙ্কৰ, মাধৱ, শ্ৰীদামোদৰগুৰু মানেৰীত উপস্থিত হৈ দৌল ভিঠি বান্ধি (সম্ভৱতঃ কন্তুৎৱ) কৰি আহে। ইয়াৰ উপৰি এজন অন্ধক শ্ৰহৰিগুৰুৰদ্বাৰা চক্ষু দান দিযা আৰু বৰজন বিৰুদ্ধবাদী পণ্ডিত বিপ্ৰৰ অৰ্পিত বিষ পান কৰোৱাই তেওঁৰ মাহাত্ম প্ৰচাৰ বৰাৰ কথা উল্লেখ আছে :- “বাটজন বিপ্ৰ আইলা শঙ্কৰৰ ঠাই। এক তোলা বিষ লই পৰীক্ষা কৰয়। বিষপান কৰে যিটো ভজিবো নিশষ। X X X X দেখিযা শঙ্কৰে পাছে বুলিলা বচন। কিবা প্ৰযোজনে তোৰা আইলা আমাৰ স্থান। শুনি দ্বিজগণে কথা কহিল নিঃশেষ। বিষ ভুঞ্জি আমাক দিযোক উপদেশ। X X x পাটবাউসীত আছে দামোদৰ দেৱ। হৰিগুৰু মানেৰীত কৰিবাহ। সেৱ। শুনি দ্বিজসব সামোদৰ পাশে গৈলা। X x X