8 কাষস্থ সমাজৰ ইতিবৃত্ত। হোক প্ৰয়ে শ্ৰীদামোদৰদেৱক * ধৰ্ম প্ৰচাৰ কৰিবলৈ আজ্ঞা দিলে। দামোদৰে সৌজন্যতা দেখুৱাই কলে “দামোদৰ বোলে তুমি আছাহা সাক্ষাৎ। তথাপিতো ইটো ভাৰ লাগিল আমাত” দামোদৰ চৰিত-নীলকণ্ঠ। শ্ৰীদামোদৰ প্ৰভুৱে পত্নী-বিয়োগৰ পাচত প্ৰৰ ওচৰত উপস্থিত হলত -- “কৰিয়ো বিবাহ তুমি নিশ্চযে বুলিলে আমি মযো কিছু হৈবহু সহায। কৰযোৰে অনন্তৰে বুন্সিলন্ত দামোদৰে বিবাহত মোৰ ইচ্ছা নাই। ২৮৮৬ তবু ভকতৰ সঙ্গে গাওঁ গুণ মহাৰঙ্গে আত পৰে কোন লাভ আছে। কৰা বাপ দযা মোক পুৰুষ উদ্ধাৰ এহি বুলি প্ৰণামিলা পাছে। এহি বুলি ৰৈলা যেবে শঙ্কৰে বুলিলা তোব শুন৷ মোৰ বাব্য বিপ্ৰবৰ। তুমি মহা শুদ্ধ সন্ত ঈশ্বৰত দিযা চিত্ত কাম তুমি কবিতা কৃষ্ণৰ। কৰা তুমি হেন কাম গোসই দামোদৰ নাম হইবেক প্ৰসিদ্ধ জগতত। বৰিবা ভক্তত প্ৰতি ধৰিবা আমাৰ নীতি তেবে থান পাইবা বৈকুণ্ঠত। জ্ঞান কম আদি যত কৰ্ম মল পতানত নকৰিবা তুমি আত ৰত। শৱণ কীৰ্তন কৰি সুদৃঢ় বিশ্বাস কৰি আচৰিবা সদা মোৰ মত। গুৰু চৰিত-ৰামচৰণ ঠাকুৰ। X x “বুলিলন্ত নামৰাম পুৰু শুনিযোক। দামোদৰ গুৰুক শৰণ কৰাষোক। ৮৩৫ ৰামৰম গুৰু শুনি হৰি মন্দিৰত। বৰাইল শৰণ পুনু হৰি চৰণত। উপদেশ কথা যত শঙ্কৰে কহিলা। এহি মতে দামোদৰ আনন্দে ৰহিলা॥” ৮৩৬ গুৰু চৰিত-ৰামান বি
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১১৬
অৱয়ব