পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ভট্টদেৱ আদি ভক্তসকলে অলপ বেজাৰ ভাব দেখুৱাত প্ৰভু শ্ৰীশঙ্কৰে লোক শুনাই দিলে - “গুৰু বোলে আত কিছু নকৰা সন্দেহ। মোৰে দামোজৰে ভিন্ন নাই মাত্ৰ লেশ॥” ১০৩৫ গুৰু চৰিত-ৰামচৰণ ঠাকুৰ। ইয়াৰ পাচত ভট্টদেৱে শ্ৰীদামোদৰ গুৰুৰপৰা ধৰ্ম গ্ৰহণ কৰে। এই সময়ত প্ৰভুৰ বংশৰ ভাতৃ ৰামৰায ভূঞাই প্ৰভুৰ ওচৰত ধৰ্ম বিচাৰত শ্ৰদামোদৰ গুৰুৰপৰা ধৰ্ম লবলৈ আদেশ কৰে আৰু লগতে কষ— “দামোদৰ পাৱে লোক ভজিবে অপাৰ। যত মেধি ভক্ত হইবে সকলে আমাৰ।” ৩১৫ শ্ৰীদামোদৰ চৰিতনীলকণ্ঠ। শ্ৰীদামোদৰগুৰু সম্বন্ধে শ্ৰীশঙ্কৰদেৱে কৈছিল— “আত্মাপৰ ভেদ নাহি সবাতে সমান। আঙ্ক সম নাহি মহা বুদ্ধিমন্ত আন * ১৯৪১ ৰামচৰণ ঠাকুৰ গুৰু চৰিত। শ্ৰীদামোদদেৱ প্ৰভুৰ সোঁহাতৰ দৰে হৈ উঠে আৰু প্ৰভুৰ মত লোব সমাজত প্ৰচ'ৰ কৰিবলৈ ধৰে। * + গ্ৰহৰিদেৱৰ ধৰ্ম প্ৰচাৰ- এই সময়ত আৰু এজন মহা পুৰুষে প্ৰন সঙ্গলাভ কৰে—তেৰাৰ নাম শ্ৰীহৰিদেব। শ্ৰীহৰিদেৱ প্ৰৱতী কালত “হৰি গুৰু” নামে জনাজাত হয। শ্ৰীহৰিদেৱৰ উপৰি পুৰুষো চীবৰ আদি বাৰভূঞাৰ লগত আহা বেদজ্ঞ বিপ্ৰ আছিল আৰু তেওঁ একেলগে বাস কৰা যেন লাগে। অনুমান শ্ৰীমন্ত শঙ্কৰদেৱে বৰদোৱা ত্যাগ কৰাৰ সময়তে শ্ৰীহৰিদেৱৰ তৃঃ সেই ঠাই ত্যাগ কৰি লক্ষীমপুৰৰ নাৰায়ণপুৰ নামৰ ঠাইত বাস কৰিছিল। প্ৰভুৱে ধুহাটা শ্ৰীদামোদৰদেবে কৈছিল- (১) “ন্ত গুৰু সমে, ঈশ্বৰক ভিন্ন, নকৰিবা কদাচিত। হৰি নামে ৰতি, তত প্ৰতি, কৰিবা -কান্ত চিত্ত।” ৰামৰায় দ্বিগুৰুলীলা। (২) “বেদ মতে শ্ৰাদ্ধ আদি ক- ক্ৰিয়া যত। ভকতিৰ মতে শুদ্ধ কেৱল নামত।” শ্ৰীদামোদৰ চৰিত-নীলকণ্ঠ। (৩) “যদ্যপি নাহিকে কৰ্ম ভক্ত ঈশ্বৰৰ। লঘন নকৰে বাক্য তথাপি বেদৰ।” শ্ৰীদামোদৰ চৰিত-নীলকণ্ঠ। (৪) “তীৰ্থক সেৱন, দেবী উপাসন, ধৰ্ম-কৰ্ম যাগ-যোগ। ৰাম কৃষ্ণ নামে সকলে সিজ, নালাগে ক। উদ্যোগ। ৪৮৫ অচ্যুতৰ যৈত, উদাৰ চৰিত্ৰ, প্ৰসঙ্গ কৰে সতত। তীৰ্থৰ সমান হোৱে সেহি

  • , গীতা-ভাগৱত মত। এতেকেসে ৰাম কৃষ্ণ নাম বিনে, নাজানোহে আমি আন। কৃষ্ণৰ নামত

কৰ্ম যত, সবাৰ আশ্ৰয স্থান। সত্যযুগে ধ্যান, ত্ৰেতাযুগে যজ্ঞ, দ্বাপৰে পূজা সম্প্ৰতি। কলিত ইৰ নাম ব্যতিৰেকে, নাই নাই আন গতি। সন্ত সঙ্গ লৈয়া, যবে হৰি পদে, আশ্ৰয নকৰে মন। 'ব ব্ৰহ্মাণ্ডত আয়াত কৰি, ফুৰিবেক নিৰন্তৰ।” গুৰুলীলাৰামৰায় দ্বিজ।