পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. (উ) শেষাংশৰ আগে হৱা নাছিল, কিয়নো হুচেন চাহ ১৪৯৭ খৃষ্টাব্দৰ পৰা হে ৰাজত্ব কৰে। এতেকে ১৫০৯ খৃষ্টাব্দ হাজোৰ উত্থানৰ হে সময় হব পায়। এওঁৱেই এই বংশৰ আদি ৰাজা।” উপৰোক্ত বিবৰণত দুৰ্লভনাৰায়ণৰ নাম নাই; অথচ কবি দুৰ্লভ- নাৰায়ণক কমতাপুৰৰ ৰাজা বুলি লেখিছে। ইয়াৰ পৰা এনে অনুমান হয় যে এওঁ নীলাম্বৰৰ পাছৰ ৰাজা নাছিল। নীলাম্বৰক জিতি হচেন চাহ আৰু হচেন চাহক খেদি হাজে৷ ৰাজা হল। এনে- স্থলত খেন আৰু কোচ বংশৰ মাজত দুৰ্লভ-নাৰায়ণ ৰাজা হৱ৷ সম্ভৱ নহয়, কিয়নো দুৰ্লভ-নাৰায়ণৰ ৰাজধানী কমতাপুৰেই আছিল। এতেকে এওঁ নীলধ্বজৰ আগে কমতাপুৰৰ ৰাজ৷ আছিল বুলি নিঃসন্দেহে ভাবিব পাৰি। পাল আৰু যেন বংশৰ মাজৰ কাল খিনিতে কামৰূপ অৰাজক হইছিল। এই সময়তে দুৰ্লভ-নাৰায়ণ কমতাৰ ৰাজা হৱা সম্ভৱ। নহলে তেওঁ তাতো কৰি আগৰ ৰাজা হব, পাছৰ নহয়। কিন্তু আগৰ হলেও বেচি আগৰ নহয়; তাক আমি পাছত দেখুৱাম। ইয়াত সম্প্ৰতি এক আখৰ কথা কলেই দ্বাদশ শতাব্দী পৰ্য্যন্ত পাল-ৰাজাসকলে গুৱাহাটীত থাকি ৰাজত্ব কৰিছিল। আসামৰ তামৰ ফলিৰ পৰা ইয়াৰ প্ৰমাণ পোৱা যায়। (C গ্লেজিয়ৰৰ ৰিপোৰ্টত দেখা যায় নীলধ্বজ ৰাজাই কমতা নগৰ পাতিছিল। মিঃ ৰবিনচন আৰু বাকাননেও এই কথা কয়। কিন্তু স্বৰ্গীয় ৰায় গুণাভিৰাম বৰুৱা বাহাদুৰে লেখিছে- ১২২০/৩০ সেই কাৰণে এনে অনুমান শকঁতো কমতাপুৰৰ নগৰ আছিল। হয় যে আগৰ কমতাপুৰ নগৰকে বিস্তাৰ কৰি নীলধ্বজে নিৰ্ম্মাণ এই ঘটনা কৰিলে আৰু বিস্ত‚ত খণ্ডৰো নাম কমতাপুৰ দিলে।