পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

) কুঁৱৰী সকলে সহিতে দেখা-সাক্ষাত কৰাবৰ অনুমতি গ্ৰহণ কৰিলে। কিন্তু দোলাৰ ভিতৰত তিৰীৰ বেশে মুচলমান যোদ্ধ৷ যাই ক্ষন্তেকতে নগৰ দখল কৰিলে। নীলাম্বৰ বন্দী আৰু লোৱাৰ পিঞ্জৰাৰ ভিতৰত আবদ্ধ হল। কিন্তু গৌড়ক লাগি নেওঁতে বাটৰ পৰা তেওঁ পলাই গল; তেতিয়াৰে পৰা তেওঁ নিৰুদ্দেশ। বাকাননে কয় কামৰূপৰ মানুহে তেওঁৰ মুক্তিৰ নিমিত্তে আজিও বাট চাই আছে। তেওঁ উলটি অ'হিলে ৰোলে ভূঢ়ীয়া, অসমীয়া, কোচ আৰু যৱন উক্ত ৰাজ্যৰ পৰা বিতাড়িত হব। “বহুতে এই মুচলমান বিজেতাক হুচেন-চাহ ( ১৪৯৭–১৫২১ খৃষ্টাব্দ) বুলি ভাবে। এওঁ অসমৰ বিপক্ষে একবাৰ যুদ্ধযাত্ৰা কৰি মহা শঙ্কটত পৰি ফিৰি আহিছিল। হুচেনচাহৰ পৰবৰ্ত্তী ৰাজ৷ নাচৰাট চাহৰ দিনত এই নগৰৰ পশ্চিম অংশৰ দখল পূৰ্ণ কৰা হইছিল। “যিসকল প্ৰতাপী জাতি এই সময়ত কামৰূপত উৎপাত কৰিছিল আৰু আফগান হুচেন চাহক খেদি দিছিল তাৰ ভিতৰত কোচসকলেই প্ৰধান। এওঁলোকে হাজোৰ অধীনত একত্ৰিত হৈ কোচবেহাৰ বংশৰ বিজয় পতাকা উড়াব পাৰিছিল। হাজোৰ দুটী কন্যা আছিল— হীৰা আৰু জীৰা। হীৰা এটা মেচৰ লগত বিয়া বহিছিল : তেওঁৰ পুত্ৰ বিশু। জীৰাৰ পুত্ৰৰ নাম শিশু। বিশু কোচ- বেহাৰ বংশৰ প্ৰথম ৰাজ৷। শিশুৰ সন্তানসন্ততি জল্পাইগুৰিৰ বৈকুণ্ঠপূৰত ৰাজত্ব কৰিছিল। ১৫০৯ খৃষ্টাব্দকে বহুতে বিশুৰ ৰাজত্বৰ প্ৰথম বচৰ বুলি ধৰে। কিন্তু ১৫৮৩-৯১ খৃষ্টাব্দত ফিট্‌জৰ আসাম- ভ্ৰমণৰ সময়তো তেঁওৰ পুত্ৰ শুক্লধ্বজ জীবিত আছিল আৰু তাৰ আগৰ খেন বংশৰ পতন অতি আগে হলেও পঞ্চাদশ খৃষ্টীয় শতাব্দীৰ