পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ) ১২৫০-৬০ শকত হোৱা অনুমান হয়।” উক্ত মহোদয়ে দুৰ্লভ নাৰায়ণক লক্ষ্য কৰি এই কথা লেখিছে। দুৰ্লভ-নাৰায়ণৰ বিবৰণ ইতিহাসত নাই; কিন্তু গুৰু-চৰিত্ৰ কেইবাখানতো আছে। অৱশ্যে আমাৰ আলোচ্য পুথিৰ কথা ইয়াত কৱা নাই। তাত বাৰভূঞাসকলক আসমিক আন৷ বিবৰণত দুৰ্লভ নাৰায়ণৰ নাম উল্লিখিত হৈছে। মিঃ গেইটে বাৰভূঞ। আগমনৰ সময় এইদৰে দিছে :- “One of the legends of the Baro Bhiya mentions Durlabh Narayan as a Raja of Kamata and if it can be relied ou, he would seem to have ruled at the end of the thirteenth century over the country between the Bar Nadi and the Karatoya”* চৰিত্ৰ আৰু প্ৰহলাদ-চৰিত্ৰৰ কথা বিশ্বাস নকৰিবৰ আমি কোনো কাৰণ দেখা নাপাওঁ। সেই কালতে লিপিবদ্ধ হৱা কথা বিশ্বাস “যোগ্য বুলি অনায়াসে ভাবিব পাৰি। ৰায় গুণাভিৰাম বৰুৱা বাহাদুৰৰ বুৰঞ্জী মতে ভূঞাসকলৰ আগমন ইয়াৰ আগে হয় :– “চণ্ডীবৰ প্ৰমুখ্যে ভূঞাসকল এই দেশলৈ অহাৰ সময় ১২২০ শকঁত (খৃষ্টাব্দত? ) অনুমান হয়, অৰ্থাৎ চুকাফা ৰাজ৷ সৌমাৰ দেশলৈ অহাৰ প্ৰায় কিছু বছৰ পূৰ্ব্বে আহে। কিন্তু সেই সময়ৰ ইতিহাস যেনে অস্পষ্ট তাৰ পৰ৷ প্ৰকৃত সময় পোৱা বৰ কঠিন 1 § 23 চুকাফ৷ ৰাজ৷ ১২২৮ খৃষ্টাব্দত আসাম সোমায়। তাৰ অলপ আগে হলে খৃষ্টীয় দ্বাদশ শতাব্দীৰ শেষ ভাগত ভূঞাসকল আসামক আহিছে। উক্ত বৰুৱা বাহাদুৰে দুৰ্লভ-নাৰায়ণৰ বংশ নিৰূপণ কৰিব

  • History of Assam, by E A Gait : P 41.

§ গুণাভিৰাম বৰুৱাৰ, আসাম-বুৰঞ্জী, ৫৮ পিঠি।