(আ)
আজিলৈ কমতাপুৰ সম্বন্ধে যি বিবৰণ পাৱা হইছে তাৰ ভিতৰত গ্লেজিয়ৰ আৰু বাকাননৰ ৰিপোৰ্টেই বেচি বিস্তাৰিত। আমি গ্লেজিয়ৰৰ ৰিপোৰ্টৰ পৰা তলত অলপ তুলিলোঁ[১]:—
“অতীতৰ ধুঁৱলি-কুঁৱলি আন্ধাৰত ইতিহাস দেৱ-দেৱীৰ ইতিবৃত্তৰ লগত সান-মিহলি। সেই অতীত-আন্ধাৰত ৰঙ্গপুৰ কামৰূপ ৰাজ্যত ভুক্ত আছিল আৰু কৰতোয়ানদী মৎস্যদেশ আৰু কামৰূপৰ সীমা আছিল।কুৰূক্ষেত্ৰৰ যুদ্ধত ভগদত্ত ৰাজাই দুৰ্য্যোধনৰ পক্ষে যুজি অৰ্জ্জুনৰ হাতত প্ৰাণত্যাগ কৰিছিল৷ আইনি-আকবৰি মতে ভগদত্তৰ পাছত তেওঁৰ বংশৰ ২৩ জন ৰাজাই কামৰূপত ৰাজত্ব কৰিছিল৷ যোগিনীতন্ত্ৰত তাৰ পাছৰ কেইজন মান ৰাজাৰো নাম পাৱা যায়। সেইসকলৰ মাজত জল্পেশ্বৰ এজন। এওঁ জল্লাইগুৰিৰ দুৱাৰত জল্পেশ নামে শিৱ-মণ্ডিৰ স্থাপিত কৰাইছিল। এই কিংবদন্তী এড়ি দিলেও আমি স্থানীয় ইতিবৃত্তৰ পৰা তিন বংশৰ বিবৰণ সঠিক বুলি ধৰিব পাৰোঁ।
“তাৰে প্ৰথম বংশৰ পৃথু নামে ৰাজাৰ স্মৃতি-চিহ্ণ অদ্যাপিও দেখা যায়। তেওঁৰ ৰাজধানীৰ চিন আজিও বডা আৰু বৈকুণ্ঠপুৰত আছে। পৃথু ৰাজাৰ অপঘাত মৃত্যু হৱাৰ কথা জানা যায়। একদল অশুদ্ধ কিচকে তেওঁৰ ৰাজ্য আক্ৰমণ কৰাত তেওঁ সিহঁতৰ স্পৰ্শনত চূৱা যাব ভাবি নিজ প্ৰাসাদৰ নিকটবৰ্ত্তী পুখুৰী এটাত ঝাঁপ মাৰি পৰিল; লগে ২ তেওঁৰ ৰাজধানীও আক্ৰমণকাৰীৰ হাতত ধ্বংস হল। তেওঁৰ প্ৰেতাত্মা এতিয়াও তাত বিদ্যমান থাকা বুলি স্থানীয় মানুহে ভাবে।
- ↑ A Report on the district of Rongpore by E. G. Glazier; PP. 8-14.}}