পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(ই) “তাৰ পাছত পালবংশী ৰাজাসকলে কামৰূপত ৰাজত্ব কৰে। এই বংশব চাৰিজন ৰাজাৰ নাম আমি জানো। তাৰ ভিতৰত ধৰ্ম্ম- পালেই প্ৰথম। এনে অনুমান হয় যে বঙ্গদেশৰ পাল ৰাজাসকল এওঁৰ ভাগি আছিল। এওঁৰ বংশৰ এক ৰাজাই ১১৭৫ খৃষ্টাব্দত আসামৰ কামৰূপত ৰাজত্ব কৰিছিল। ডিমলাৰ কেই মাইল মান দক্ষিণে ধৰ্ম্মপালৰ ৰাজধানীৰ চিন অদ্যাপিও বৰ্ত্তমান দেখা যায়। ধৰ্ম্মপালৰ ৰাজ্য বহুত বিস্তৃত আছিল। বাকাননে ব্ৰহ্মপুত্ৰৰ পাৰত আলিপুৰৰ পূবে ওৱাৰিত ধৰ্ম্মপালৰ পৰবৰ্ত্তী গোপীচন্দ্ৰ ৰাজাৰ ৰাজধানীৰ ভগ্নাৱ- শেষ দেখিব পাইছিল। গোপীৰ পুত্ৰ ভবচন্দ্ৰৰ হাউলিৰ ভগ্নাৱশেষ আজিও বাগদুৱাৰৰ উদয়পুৰত পাৱা যায়। “ ধৰ্ম্মপাল ৰাজাৰ মিনাৱতী নামে এক জনা ভাইবোৱাৰী আছিল। তেওঁ বিধব| হৱাত নিজে নিজপুত্ৰ গোপীৰ হই ধৰ্ম্ম- পালৰ বিপক্ষে যুজি জয়লাভ কৰিছিল। ইয়াৰ পাছত ধৰ্ম্মপাল নিৰুদ্দেশ হল। এইদৰে সিংহাসন শূন্য হৱাত গোপীচন্দ্ৰ ৰাজা হল। কিন্তু তেওঁ ৰাজ্য শাসন কৰিব পাৰা নাছিল। মিনাৱতী নিজ আৰ্জিত ৰাজ্য সহজে এ.ড়ি দিব ইচ্ছা নকৰিছিল। তেঁও নিজ পুত্ৰক এক শ কন্যা বিয়া কৰাই দিছিল। গোপীচন্দ্ৰ শেষত সংসাৰৰ প্ৰতি বীতস্পৃহ হই আৰু এক যোগীৰ পৰা দীক্ষা লই নিৰুদ্দেশ হল। তেওঁৰ পাছত তৎপুত্ৰ ভৱচন্দ্ৰ ৰাজ৷ হল। এওঁৰ আন এটি নাম উদয়চন্দ্ৰ আৰু এই নাম অনুসাৰে উদয়পুৰ নগৰৰ নাম হইছে। এওঁ আৰু এওঁৰ মন্ত্ৰী বৰ আজল৷ আছিল, আৰু নিজ দুৰ্ব দ্ধিত উভয়ে শূলত মৰিছিল। এওঁৰ পাছত এই বংশৰ শেষ ৰাজ৷ পালে কামৰূপ শাসন কৰিছিল। তাৰ পাছত ৰাজ্য অৰাজক হল। কামৰূপ ৰাজ্য কোচ, মেচ, ভোট, লেপচা আদিজাতিৰ আক্ৰমণ আৰু লুণ্ঠনৰ বিষয় হল।