সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খ) ‘পৰে’ আৰু ‘বাজে' শব্দ যোগে ৭মী বিভক্তি হয়, যেনে :— ‘প্ৰহ্লাদত বাজে'; 'মাধৱত পৰে কোন আছে সংসাৰত'। ভূলনাৰ্থতো ৭মী বিভক্তি হয়, যেনে :— 'তপ্ত সুবৰ্ণত কৰি অধিকে জ্বলন্ত'। 'বিনে' যোগে প্ৰথমা বিভক্তি হয়, যেনে : - 'পিতৃ বিনে সংসাৰত আন নাহি কেৱ'। মই, মঞি, আমি, তই, তঞি, তুমি, তবু, আপুনি, আপুনাৰ, আক, তাক, তাঙ্ক, তান, তাহান, সিটো, যিটো, যাক, তাতে, তেহোঁ, কেহো, সবাহাৰ সৰ্ব্বনাম :- যাহাৰ, কোনে, ইত্যাদি। ক্ৰিয়া। বৰ্ত্তমান :- মঞি উপদেশ দেওঁ। তই হৰি সুমৰাষ। ( সুমৰাহ ) শুক্ৰে উপদেশ দেই। হন্ত মোৰ হৰি বৰ ভাই। লোকে আছে চাই। লোকে তৈলক তাৱয়। অগনি শব্দ কৰয়। জল শুখাই সকল। অনুজ্ঞা :— দুৰাচাৰ পুত্ৰ তই এভো হেন কৰা প্ৰাণখানি ৰৈক্ষা কৰা মিছাত নমৰা॥ মোৰ পুত্ৰ প্ৰহ্লাদক দিওক পঢ়াই। ঝাণ্টে মাৰা বিলম্ব নকৰি। আজি ধৰি হউ বাপু অজয় অমৰ।