( গ )
ভূত:— তোমাৰ চৰণে শৰণ লৈলো। এবেসে জানিলো।
(বাপু) হেন বিদ্যা কৈত অভ্যাসিলি।
হেম সৰস্বতী (প্ৰহ্লাদ চৰিত্ৰ) বিৰচিলা।
দেৱ গণে উপায় চিন্তিলা।
দুনাই বিষ খুৱাইলেক বিষ নলাগিল।
ভবিষ্যত্,—আন কেহোঁ নেদেখিবে দেখিবিহি তই।
ফটিকৰ স্তম্ভত লুকাই থাকিম মই॥
শেষত কওঁ এই পুথিৰ মূল যেনে পাইছো, তেনে লেখিছো। কবিৰ ভুল শুদ্ধ কৰিবৰ আমাৰ বিদ্যাও নাই, সাহো নাই। অৱশ্যে নকলকাৰকে যে মাজে ২ অশুদ্ধ বৰ্ণবিন্যাস দিছে এনে অনুমান কৰিবৰ বহুত কাৰণ আছে। তথাপি— দেৱতাই য’ও পাৱ দিব সঙ্কুচিত হয় তাত নৃশংসসবে বেগে প্ৰবেশ কৰে (Fools rush in where angels fear to tread) কথা মই প্ৰমাণিত কৰিব নুখুজো। প্ৰহ্লাদ চৰিত্ৰ পুথি আমি কেৱল দুখান দেখিছো। এখান বৰপেটাৰ মাননীয় শ্ৰীশ্ৰীনাৰায়ণ চন্দ্ৰ দেৱমিশ্ৰ গোস্বামীৰ পৰা পোৱা আৰু আন খান ৰামদিয়াৰ পৰা পোৱা। বৰপেটাৰ খানত বহুত ভূল আছে; ইমান কি অনেক ঠাইত অৰ্থকে বুজিব নৰি। সেই দেখি ৰামদিয়াৰ পৰা পোৱা খানকে নকল কৰি ছাপাৰ নিমিত্তে পঠালো। মূল অলপো বিকৃত বা পৰিবৰ্ত্তিত কৰা নাই। য'ত শব্দ পৰা যেন পাইছে৷ তাত বন্ধনিৰ ভিতৰত একোটা শব্দ বহুৱাই দিছো। এই শেষোক্ত দোষৰ পৰা ৰাইজে মুক্তি দিব বুলি আশা কৰিলো। ইতি
২৮/২/১৩ শ্ৰীকালিৰাম মেধি।
তুৰা