সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হইছিল। কিন্তু এই কথা মনত ৰাখিব লাগে যে অসমীয়া ‘স’ ৰ দৰ উচ্চাৰিত হৱা ‘শ’ আৰু ‘ষ’ ক হে সদাই ‘স’ কৰা হইছিল: অন্যত্ৰ ‘ষ’ ৰ উচ্চাৰণ ‘খ’ আৰু ‘খ’ ৰ উচ্চাৰণ ‘ষ’ দি দেখুৱা পাইছো। মূৰ্দ্ধণ্য ণ আৰু দীৰ্ঘ ঈকাৰ আৰু উকাৰো পুথিত প্ৰায় নাই। ‘ব’ আৰু ‘ৱ’ ৰ উচ্চাৰণ অনুসৰি নামখৰি সদায় ব্যৱহৃত হৱা দেখা যায়। তলত কেইটামান শব্দ তুলিলো—

প্ৰকৃত নামখৰি। পুথিৰ নামখৰি।
 শৰণ—সৰন
 ইটো—ইতো
 সবেদেৱ—সবেদেৱ
 ৰাখিও—ৰাষিও
 পাশে—পাষে
 এহি—য়েহি
 প্ৰবেশিলা—প্ৰবেসিলা

প্ৰকৃত নামখৰি। পুথিৰ নামখৰি।
সুমৰাস (সুমৰাহ )—সুমৰাষ
গাৱ, ঠাৱ, তাৱক্ষণে—গাৱ, ঠাৰ, তৱিক্ষনে
শুক্ৰ, শাস্ত্ৰ,—সুক্ৰ, সাস্ত্ৰ।
প্ৰবেশ—প্ৰবেষ।
উপদেশ—উপদেষ
হাস—হাষ
তযু, যোযন—তযু, তজু, জোজন
মই, দেওঁ—মঞি, দেঞো
শুনি সূচী—শুনি সুচি। ইত্যাদি

বহু বচনৰ চিন⸺‘গণ’, ‘মানে’, ‘লোক’।
 মাৰিবে নপাৰি হস্তিগণ অন্তৰিলা।
 নগৰৰ লোক মানে পলাইলা সকল।
 শুনা নৰলোক।

শব্দ-ৰূপ। কৰ্ত্তাকাৰকৰ চিন⸺‘এ’। অনেক সময়ত কোনো চিন যোগ নহয়।
 সৰ্পগণে খুন্টিয়াৱে বেৰি চতুৰ্দ্দিশ।
 প্ৰহ্লাদ বদতি ৰক্ষা কৰা ঋষিকেশ।
 মাধৱে বোলন্ত।