সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(ক) (2) পুৰিবাৰ প্ৰভায়ে অধিকে জ্বলে কান্তি। তপ্ত সুবৰ্ণত কৰি তাধিকে জ্বলন্তি॥ (খ) অৰ্দ্ধ কলেৱৰ সিংহৰ সদৃশ অৰ্দ্ধেক মনুষ্য কাই। হেনৰূপ ধৰি দেৱ চিৰি হৰি শৰীৰ গোট বঢ়াই। হাতৰ নখজে ত্ৰিশূল সদৃশ বোলন্তে হিয়া বিদাৰো। দিনত ৰাত্ৰিত একোতে নমাৰো (st) সন্ধ্যা সময়ত মাৰো। কেহো সুখী কেহো দুখী বহুত অন্তৰ। কেহো কাকো বাৱে কেহো কৰয় নফৰ। কেহো হস্তি-স্কন্ধে চৰে হংসতুলি শোৱে। কেহো কেহো জনে কিয় তৃণকো নপাৱে॥ এই সুযোগতে কবিৰ ব্যাকৰণৰ অলপ পৰিচয় দি আমাৰ মন্তব্য সমাপ্ত কৰিম। উচ্চাৰণ আৰু বৰ্ণ-বিন্ন্যাস। - প্ৰাকৃতৰ সময়ত সংস্কৃত শব্দা- ৱলীৰ যি বৰ্ণবিন্যাস-ৰিভ্ৰাট ঘটিছিল প্ৰহ্লাদ চৰিত্ৰত তাৰ চিন পূৰ্ণ-মাত্ৰাত দেখা যায়। কিন্তু উচ্চাৰণৰ প্ৰতি দৃষ্টি কৰিলে জানা যায় অসমীয়া উচ্চাৰণ সেই কালতে বঙ্গালী, হিন্দী আদি ভাষাৰ বৰ্ত্তমান উচ্চাৰণৰ পৰা সম্পূৰ্ণ পৃথক আছিল। পুথিৰ শব্দাৱলীত বৰ্ণ-বিন্ন্যাসৰ ব্যতিক্ৰম হৱা সত্বেও তাৰ উচ্চাৰণত অসমীয়া বিশেষত্ব সম্পুৰ্ণ ৰক্ষিত হইছিল। প্ৰাকৃতৰ “শষোঃসঃ” সূত্ৰ প্ৰায়ে ৰক্ষিত