সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(ঐ) কৰি আগৰ কবি বুলি আমাৰ বিশ্বাস। এতিয়াক লাগি যি জানা গাইছে তাৰ দ্বিতীয় কবি। ভিতৰত ডাক আসামৰ প্ৰথম আৰু হেম সৰস্বতী যে হেম-সৰস্বতীৰ ঠাই সম্বন্ধে কবি কেৱল এইমাত্ৰ কইছে তেওঁ কমতা-মণ্ডল বা দুল' ভ-নাৰায়ণৰ ৰাজ্যত থাকি এই পুথি লেখিছিল। ‘মণ্ডল' বুলিলে সমুদায় ৰাজ্যকে বুঝায়। এখান ফলিত কামৰূপ মণ্ডলৰ প্ৰাগজ্যোতিষ ভুক্তিৰ বড়া বিষয়ৰ বড়া আৰ্টি মুণ্ডৰা নামে দুখান গাওঁ দান দিয়৷ অৰ্থাৎ কামৰূপ ৰাজ্যৰ প্ৰাগ- জ্যোতিষ চস-ডিভিজনৰ বড়া মৌজাৰ বড়া আৰু মুণ্ডৰ৷ নামে গাওঁ দান দিয়া কথা লেখা আছে*। আৰু আমি উপৰত পাই আহিছে৷ কমতা-মণ্ডলত কোচবেহাৰ, ৰংপুৰ; গোৱালপাড়া আৰু কামৰূপ জিলা গোটাই পৰিছিল আৰু দুৰ্লভ-নাৰায়ণে ভুঞাসকলক কামৰূপৰ হাজো আৰু বৰ-নদীৰ মাজত পাতিছিল। কবিৰ জন্ম-ভূমি এই চাৰি জিলাৰ কোনো এক ঠাইত হব। কবি জাতিত ব্ৰাহ্মণ আছিল বুলি অনুমান হয়। কবি এক জন বৈষ্ণৱ আছিল : তেওঁৰ উপাস্য দেৱতা ৰাম, দেৱ যদুপতি, নাৰায়ণ। কবি নিজক ৰাজকবি বোলা নাই আৰু তেওঁ যে কমতাপুৰ নগৰত বাস কৰিছিল তাৰো কোনো প্ৰমাণ নাই। কবিৰ পদ স্থললিত হলেও তাত দ্বিৰুক্তি দোষ আছে। ভাষাত হলে কবিৰ ব্যুৎপত্তি অগাধ। ভাষাক যি দৰে ভাজ লগাব খুজে সেইদৰে ভাজ লগাই সুশ্ৰাব্য পদত অতি কম কথাতে বহতে অৰ্থ থই দিব পাৰে। আমি তলত কেইফাঁকিমান কথা তুলি দিলোঁ :- "The plate found at Benares and deciphered by prof Venis records the grant of two villages Bada and Mundara in the Vishaya of Bada in the Bhakti of Pragjyotisha in the maudala of Kamrup"-Gaite's Koch Kings of Kamrup.