সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(4) এটা প্ৰাচীনৰ প্ৰমাণ। শেষৰ কালৰ অৰ্থাৎ মাধবকন্দলি, দুৰ্গাৰ, আৰু শঙ্কৰদেৱৰ কালৰ মৈথিলী লাই, কেৰি আদিৰ অত্যধিক নাই। কিন্তু মৈথিলী প্ৰভাৱ আদৰ্শ যেনে হিঃ হ, নাহ, পহ, প্ৰয়োগ — প্ৰহ্লাদ চৰিত্ৰত সমুলি নাথাকিলেও উড়িয়া প্ৰভাৱ যেনে আঙ্ক, তাঙ্ক, ইত্যাদি—পূৰ্ণমাত্ৰায় ইয়াত দেখা যায়। আৰু উড়িয়া চিন সেইকালত থাকাও উচিত, কিয়নো আসাম আৰু উড়িষ্যাৰ আৰ্য্যসন্তান কলিতাসকল আদিতে একে লগে আছিল বুলি মানিবৰ বিশেষ কাৰণ আছে। ইফালে হেমসৰস্বতীৰ গ্ৰন্থত এটাহে যাৱনিক = শব্দ ( অৰ্থাৎ ) ‘নফৰ’ আমি বিচাৰি পাইছো। এতেকে কবি মুচলমান সকল গৌড়ত সোমোৱাৰ বহু আগে প্ৰহ্লাদ চৰিত্ৰ লেখিছিল বুলি মনে নধৰে। আৰু আভ্যন্তৰিক উপৰোক্ত কথাৰ পৰা দেখা যায় দুৰ্লভনাৰায়ণ ৰাজা মিঃ গেইটৰ মতে খৃষ্টীয় ত্ৰয়োদশ শতাব্দীৰ শেষ ভাগৰ, আসামৰ প্ৰাকৃত-ভূগোল মতে ত্ৰয়োদশ শতাব্দীৰ আগ ভাগৰ, বৰুৱাৰ মতে দ্বাদশ শতাব্দীৰ শেষ ভাগৰ, ঘোষৰ মতে একাদশ শতাব্দীৰ শেষ ভাগৰ বংশাৱলী মতে ত্ৰয়োদশ শতাব্দীৰ আগ ভাগৰ মানুহ। প্ৰমাণেও উক্ত ৰাজাক এই কালতে হয়। এনে থলত খৃষ্টীয় দ্বাদশ শতাব্দীৰ শেষ বা ত্ৰয়োদশ শতাব্দীৰ আগ ভাগত দুৰ্লভ-নাৰায়ণে কমতাপুৰত ৰাজত্ব কৰিছিল বুলি ধৰিলে বৰ ভূল হব নাপায়। দুল ভ-নাৰায়ণৰ সময়ে হেম সৰস্বতীৰো সময়। এওঁ শঙ্কৰ- দেৱৰ চাৰি পুৰুষ আগৰ কবি। এওঁ দুৰ্গাবৰ আৰু মাধৱ কন্দলিতো আগ। মাধৱ কন্দলি খৃষ্টীয় চতুৰ্দ্দশ শতাব্দীৰ আৰু দুৰ্গাবৰ বিশ্বসিংহ ৰাজাৰ দিনৰ কবি। পুৰুষোত্তম গজপতিৰ সময় সম্বন্ধে বহু বহু মত। কিন্তু হেম-সৰস্বতী পুৰুষোত্তম গজ-পতিত