সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( § ) ৰাজধৰেও বহু বয়সত সূৰ্য্যক আৰাধনা কৰি হে এটি পুত্ৰ লাভ কৰিছিল; তেওঁৰ নাম সূৰ্য্যবৰ। কুসুম্বৰেও বহু কাল শিৱৰ 'আৰাধনা কৰি হে এটি পুত্ৰ পাইছিল; তেওঁৱেই শঙ্কৰ। মুঠতে কব পাৰি এই বংশত বয়স ভাঠি, দিবৰ সময়ত হে সন্তান হয় : নহলে ৰাইজৰ আশীৰ্ব্বাদ লৱা, সূৰ্য্যক আৰাধনা কৰা বা শঙ্কৰক পুত্ৰৰ অৰ্থে পূজা কৰাৰ কোনো কাৰণ নাছিল। এনে স্থলত ৫০ বছৰ বয়সত এওঁ- লোকৰ সন্তান উপজিছিল বুলি ধৰিলে বৰ ভুল হব নাপায়। এতিয়া, আমি জানো শঙ্কৰদেৱৰ জন্ম প্ৰায় ১৪৪৯ খৃষ্টাব্দত হইছিল। ইয়াৰ পৰা উপৰোক্ত বয়স ধৰি উপৰ কালে গণি চালে চণ্ডীবৰ, দুৰ্লভ - নাৰায়ণ বা হেম-সৰস্বতীৰ সময় ওলাব। আমি তলত এই অঙ্ক দিলো :- চণ্ডী 1 ১২৪১ খৃষ্টাব্দ। ৰাজধৰ ১২১১ 1 সূৰ্যৰ ১৩৪১ " কুসুম্ব ১৩১৯ শঙ্কৰদেৱ ১৪৪৯ " আভ্যন্তৰিক প্ৰমাণৰ পৰাও কবি অতি প্ৰাচীন কালৰ মানুহ বুলি বিশ্বাস হয়। কবিৰ ভাষা সংস্কৃতমূলক কিন্তু বৰ্ণবিন্ন্যাস সম্পূৰ্ণ প্ৰাকৃতিক। জোজন, স্নেক, মঞি আদি শব্দৰ বৰ্ণবিন্ন্যাসেই তাৰ প্ৰমাণ। অৱশ্যে ইয়াত যে নকলকাৰকৰ হাত নাই এনে কথা আমি কৰা নাই; কিন্তু নকলকাৰকৰো যে প্ৰাকৃত আৰ্হি আছিল ইও