সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 9 ) বাবু এম্, এন, ঘে'ষে লেখিছে- খৃষ্টীয় দ্বাদশ শতাব্দীৰ ( কমতেশ্বৰে? ) ধৰ্ম্মেশ্বৰে তেতিয়া আদিতে কি তাৰ কিছু বছৰ আগে গৌড়েশ্বৰে কনৌজপুৰৰ ধৰ্ম্মেশ্বৰৰ লগত যুজি সন্ধি কৰে। চণ্ডীবৰ প্ৰমুখ্যে সাত ঘৰ কায়স্থ আৰু সাত ঘৰ ব্ৰাহ্মণ কমতেশ্বৰক দেই। * এই বিবৰণ গুৰু-চৰিত্ৰৰ লগত নিমিলে; ধৰ্ম্মেশ্বৰ বা ধৰ্ম্ম-নাৰায়ণে ভূঞাসকলক ( কমতেশ্বৰক ) দিয়া কথা মাত্ৰ মিলে। গুৰু-চৰিত্ৰ মতে দুৰ্লভ-নাৰায়ণ কমতেশ্বৰ আৰু ধৰ্ম্ম নাৰায়ণ গৌড়েশ্বৰ। কিন্তু উপৰোক্ত বিবৰণে দুৰ্লভ নাৰায়ণৰ ঠাইত গৌড়েশ্বৰ বুলিছে আৰু ধৰ্ম্মেশ্বৰ বা ধৰ্ম্ম-নাৰায়ণক কনৌজপুৰৰ ৰাজা বুলিছে। সি যি হক এই বিবৰণত গৌড়েশ্বৰক কমতেশ্বৰ আৰু কনৌজপুৰৰ ৰাজাক গৌড়েশ্বৰ বুলি ধৰিলে একো আউল নালাগে। আউল ভাঙক বা নাভাঙক এই বিবৰণৰ পৰা আমি দুৰ্লভ-নাৰায়ণ বা ভূঞাঁ- গমনৰ সময় পাওঁ দ্বাদশ শতাব্দী (খৃষ্টীয় )ৰ প্ৰথম বা একাদশ শতাব্দীৰ শেষ ভাগ - উক্ত ঘোষ মহাশয়ে আন এক ঠাইত লেখিছে :- "Chandibar had no issue. A blessing was therefore pronoun- anced upon him by the king's subjects and at length he got a son who was named Rajyadhar or the gift of the kingdom. a Rajyadhar was also without any son and betook himself to worshipping the sun and was rewarded with a son who was Surjyavar or the gift of the sun. Surjyabar's sou was Kusum-gira, a worshipper of Siva." চণ্ডীৱৰৰ বহুত কাল কোনো সন্তান হৱা নাছিল : শেষত - ৰাইজৰ আশীৰ্ব্বাদৰ বলত এটি পুত্ৰ হল : তেওঁৰ নাম ৰাজধৰ।

  • A brief sketch of the religious beliefs of the Assamese s

people, by M. N. Ghosh M A., BL.